Logo
image

পাভ বনাঞ্চলৰ ৫০০ হেক্টৰ মাটি বেদখলমুক্ত

আমাৰ অসম, ১২ জানুৱাৰী:  এসময়ৰ বনৰীয়া ম’হৰ বিচৰণভূমি বুলি পৰিচিত লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলক অৱশেষত বেদখলমুক্ত কৰিবলৈ সক্ষম হ’ল লখিমপুৰ জিলা প্ৰশাসন আৰু বন বিভাগ৷ আজি সংৰক্ষিত বনাঞ্চলখনৰ আধাখনা অঞ্চলত ২৫০ হেক্টৰৰো অধিক বনভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলায়৷  কালি প্ৰশাসনে পাভ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত মহঘুলিত ২৫০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ পাছত আজি দ্বিতীয় দিনা উল্লেখিত ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হয়৷ আজি বিশাল আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰি বনাঞ্চলখনত নিৰ্মাণ কৰা বাসগৃহত এস্কেভেটৰ, বুলড’জাৰ চলোৱাৰ সমান্তৰালকৈ শ শ হেক্টৰ হালধীয়া সৰিয়হৰ খেতি জেচিবি, আৰু ট্ৰেক্টৰে চহাই নিঃশেষ কৰে৷ একেদৰে প্ৰশাসনৰ বুলড’জাৰে এফালৰ পৰা মহটিয়াই ধবংস কৰিলে কৃষিজাত অন্যান্য শস্যও, পুতি পেলোৱা হয় সংৰক্ষিত বনাঞ্চলৰ ভূমিত নিৰ্মাণ কৰা বহুপুখুৰী৷ উল্লেখ্য যে, ৪৬২৬ হেক্টৰ ভূমিৰ ৫০১ হেক্টৰ ভূমিহে বন বিভাগ তথা প্ৰশাসনে উচ্ছেদ চলাবলৈ নিৰ্ধাৰণ কৰিছিল যদিও প্ৰশাসনে তাতকৈ অতিৰিক্ত ভূমি বেদখলমুক্ত কৰে৷  বনাঞ্চলখনত অবৈধভাৱে বাস কৰি থকা লোকসকলে বন অধিকাৰ আইন ২০০৬ৰ অধীনত আবেদন জনাইছিল যদিও তেওঁলোকৰ আবেদন অগ্ৰাহ্য কৰে৷ ইয়াৰ পাছৰ পৰ্যায়ত চৰকাৰে বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি জাননী জাৰি কৰে৷ সেই অনুসৰি দুটা পৰ্যায়ত এই উচ্ছেদ অভিযান চলে৷ উচ্ছেদ অভিযানৰ সময়ত সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধভাৱে গৃহ নিৰ্মাণ কৰা ৫ শাতধিক গৃহ ধবংস কৰা হয়৷ জিলা প্ৰশাসনে এই উচ্ছেদকালত যাতে কোনো উত্তেজক পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বিগত সময়ত আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ সহযোগত বন বিভাগে সমৰসজ্জাৰে অনুশীলন অব্যাহত ৰখাৰ পৰিণতিত সংৰক্ষিত বনাঞ্চলখনৰ বেদখলকৃত ভূমিৰ পৰা বেদখলকাৰীসকল আগতেই আঁতৰি গৈছিল৷ যাৰ বাবে প্ৰশাসনে বিনাযুদ্ধে উক্ত ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সক্ষম হয়৷ প্ৰায় অৰ্ধশতাধিক ট্ৰেক্টৰ, বুলড’জাৰে, শ শ হেক্টৰ হালধীয়া হৈ ফুলি থকা সৰিয়হৰ খেতিত চলোৱা উচ্ছেদ অভিযান দূৰৰ পৰাই চাই বেদখলকৃত খেতিয়কসকল মৰ্মাহত হৈ পৰে৷ আজি লখিমপুৰ জিলা বনসংমণ্ডল প্ৰাধিকাৰী অশোক দেৱ চৌধুৰীয়ে জানিবলৈ দিয়া অনুসৰি প্ৰশাসনে শান্তিপূৰ্ণভাৱেই এই উচ্ছেদ অভিযান চলায়৷ নিৰ্ধাৰিত ৪০৫ হেক্টৰৰ বনভূমিৰ উপৰিও অতিৰিক্ত বেদখলকৃত ভূমি প্ৰশাসনে মুক্ত কৰিলে বুলি জানিবলৈ দিয়ে৷ ইফালে প্ৰশাসনৰ এই উচ্ছেদ অভিযানক লৈ বিভিন্ন পক্ষই প্ৰশ্ন উত্থাপন কৰিছে৷ এইক্ষেত্ৰত আমছুৰ দৰে সংগঠনে কেৱল ধৰ্মীয় সংখ্যালঘু লোকসকলে বেদখল কৰা ভূমিহে বেদখলমুক্ত কৰিবলৈ লৈ এই উচ্ছেদ সাম্প্ৰদায়িক বুলি আখ্যা দি কেৱল সংখ্যালঘু লোককহে উচ্ছেদ কৰাৰ বিপৰীতে অন্যান্য জনগোষ্ঠীৰ লোকে বেদখল কৰা ভূমিত উচ্ছেদ অভিযান চলোৱা নাই আৰু এই উচ্ছেদ অভিযানক একপক্ষীয় আৰু অমানৱীয় আখ্যা দিছে আমছুৱে৷ আনহাতে, আজি এই উচ্ছেদ অভিযানৰ সময়ছোৱাতে নাওবৈচা বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক ভৰত চন্দ্ৰ নৰহে উচ্ছেদিত লোকসকলৰ খবৰ ল’বলৈ উচ্ছেদিতৰ শিবিৰত উপস্থিত হোৱাৰ সময়ত উচ্ছেদিত লোকৰ ক্ষোভৰ সন্মুখীন হয় বিধায়কজন৷ যাৰ ফলত  পাভ সংৰক্ষিত বনাঞ্চলত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ একাংশ উচ্ছেদিত লোকে কংগ্ৰেছৰ বিধায়ক ভৰত চন্দ্ৰ নৰহৰ বিৰুদ্ধে চোচা লয়৷ উচ্ছেদিত লোকসকলে বিপদৰ পূৰ্বে এই লোকসকলৰ ক্ষেত্ৰত কিয় সু-ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি তেওঁলোকে ক্ষোভ উজাৰে৷ ভৰত নৰহ  গ’ বেক, মুৰ্দাবাদ আদি ধবনি দি বেদখলকাৰীয়ে স্থাপন কৰা অস্থায়ী শিবিৰ উত্তপ্ত কৰি তোলে৷ উচ্ছেদিতসকলৰ অভিযোগ বিধায়ক হিচাপে ভৰত নৰহ জয়যুক্ত হোৱাৰ পাছত নিৰ্বাচনৰ পাছত ৰাইজক সম্পূৰ্ণ আভুৱা-ভাঁৰিলে৷ দীৰ্ঘসময় ধৰি সমষ্টিৰ বাহিৰত থাকি আজি ৰাইজৰ সন্মুখলৈ অহাৰ পিছতেই উচ্ছেদিত ৰাইজে ভৰত নৰহলৈ বাৰে বাৰে চোচা লৈ  অপদস্থ কৰাৰ লগতে প্ৰহাৰ কৰিবলৈ উদ্যত হয়৷ পাছত একাংশ লোকৰ তৎপৰতাত ৰক্ষা পৰে বিধায়ক ভৰত নৰহ৷ ৰাইজৰ অভিযোগ নিৰ্বাচনৰ সময়ত তেওঁৰ মিঠা মিঠা কথা আৰু নিৰ্বাচনৰ পাছত তেওঁৰ পলায়নবাদী ভূমিকা লয় আৰু এনে নেতাৰ আমাৰ প্ৰয়োজন নাই বুলি ধিক্কাৰ দিয়ে৷

উচ্ছেদ কিয়? এইবাৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ আজমলৰ

অসম চৰকাৰে অব্যাহত ৰখা উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে দেশৰ ৰাষ্ট˜পতিক এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে পত্ৰ প্ৰেৰণ কৰিছিল যদিও উচ্ছেদক লৈ ৰাষ্ট্ৰপতিৰ পৰা লাভ নকৰিলে কোনো সঁহাৰি৷ সাংসদ আজমলে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰাৰ পাছতো শীতৰ মাজতে ৰাজ্য চৰকাৰে লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলায়৷ মঙলবাৰ আৰু বুধবাৰে লখিমপুৰ জিলা প্ৰশাসনে পাভ সংৰক্ষিত বনাঞ্চলত ৫০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰি প্ত শতাধিক পৰিয়ালক উচ্ছেদ কৰে৷ এই উচ্ছেদ কাৰ্যৰ পাছতেই বুধবাৰে এআইইউডিএফৰ মুৰব্বী আজমলে অসম চৰকাৰক শীতত উচ্ছেদ অভিযান বন্ধ কৰিবলৈ নিৰ্দেশনা দিবৰ বাবে আহ৩ান জনাই দেশৰ প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীলৈ একোখনকৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে পত্ৰখনিত উল্লেখ কৰে যে– অসম চৰকাৰে এই শীতৰ সময়তো উচ্ছেদ কাৰ্য চলাই আছে৷ যাৰ ফলত হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়াল গৃহহীন হৈছে আৰু এই লোকসকলৰ জীয়াই থকাৰ প্ৰতি এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে৷ মানৱীয়তাৰ খাতিৰত আৰু মানৱ অধিকাৰৰ স্বাৰ্থত প্ৰচণ্ড শীতত চলোৱা এই উচ্ছেদ কাৰ্য অতি শীঘ্ৰে বন্ধ কৰিব লাগে৷ অসম চৰকাৰে উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থা নকৰাকৈ আৰু বিকল্প স্থলী নিৰ্দ্ধাৰণ নকৰাকৈ চলোৱা এই উচ্ছেদৰ ফলত উচ্ছেদিত লোকসকল মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য হৈছে৷ বহু দশক ধৰি বসবাস কৰি থকা লোকসকলক উচ্ছেদ কৰা হৈছে আৰু এই ক্ষেত্ৰত এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি লোৱা হৈছে৷ পত্ৰখনিত তেওঁ লগতে উল্লেখ কৰে যে– আমি চৰকাৰী মাটি বেদখল কৰাৰ পক্ষত নাই৷ চৰকাৰী মাটি বেদখল মুক্ত কৰাৰ বাবে আমাৰ আপত্তি নাই৷ কিন্তু প্ৰতি বছৰে হৈ থকা বান খহনীয়াত হাজাৰ হাজাৰ মানুহ গৃহহীন হৈছে৷ তেওঁলোকে চৰকাৰী মাটিত আশ্ৰয় ল’ব লগা হয়৷ গতিকে জাতি-ধৰ্ম নিৰ্বিশেষে ভূমিহীনক ভূমি আৰু গৃহহীনক গৃহ দিয়াটো চৰকাৰৰ দায়িত্ব৷ সেয়েহে অসম চৰকাৰক নিৰ্দেশ দি শীত কালত উচ্ছেদ বন্ধ কৰিবলৈ, জাতি ধৰ্ম নিৰ্বিশেষে উচ্ছেদ কাৰ্যৰ আগতীয়াকৈ ভূক্তভোগী সকলক মাটি আৰু অৰ্থ সাহায্য দিবলৈ আৰু উচ্ছেদ কাৰ্য নিৰ্দিষ্ট সম্প্ৰদায়ৰ ওপৰত অন্যায়ভাৱে কৰাটো বন্ধ কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক পত্ৰখনত উল্লেখ কৰি সাংসদ আজমলে আহ্ৱান জনায়৷

উচ্ছেদকাৰ্য বন্ধ কৰাৰ বাবে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীলৈ স্মাৰক-পত্ৰ  সংগ্ৰাম পৰিষদৰ

 অসমত চলি থকা অমানবীয়, একপক্ষীয় আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদকাৰ্য বন্ধ কৰিবলৈ আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী আৰু, ৰাষ্ট্ৰীয় গৃহ সচিবক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে বুলি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটীৰ সভাপতি. কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইন আৰু মোজ্জাম্মিল হকে এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়ে৷ স্মাৰক-পত্ৰখনত ৰাজ্য চৰকাৰে উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ এই হাড়কঁপোৱা শীতত বহুবছৰ ধৰি বাস কৰি থকা নিৰীহ সংখ্যালঘু জনসাধাৰণক উচ্ছেদ কৰা কাৰ্য বে-আইনী, মানৱতাবিৰোধী আৰু মানৱ অধিকাৰৰ পৰিপন্থী বুলি উল্লেখ কৰি ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ হস্তক্ষেপ বিচৰাৰ লগতে উচ্ছেদিত পৰিয়ালসমূহক মানৱতাৰ খাতিৰত প্ৰয়োজনীয় খাদ্য, ঔষধ আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱা হৈছে৷ সংগ্ৰাম পৰিষদৰ উক্ত স্মাৰক-পত্ৰ প্ৰদান কাৰ্যত কেন্দ্ৰীয় কমিটীৰ উপদেষ্টা যথাক্ৰমে অধিবক্তা আব্দুচ ছামাদ আহমেদ, আব্দুল আজিজ আৰু সাধাৰণ সম্পাদকদ্বয় মোৱাজ্জেম হুছেইন আৰু মোজ্জাম্মিল হক উপস্থিত থাকে৷