Logo
image

শ্ৰেষ্ঠ সংগীতৰ গ’ল্ডেন গ্লোব ‘আৰ আৰ আৰ’লৈ

আমাৰ অসম, ১২ জানুৱাৰী: এছ এছ ৰাজামৌলিৰ ২০২২ চনৰ ব্লক বাষ্টাৰ ছবি ‘আৰ আৰ আৰ’-য়ে শ্ৰেষ্ঠ গীতৰ গ’ল্ডেন গ্লোব অৰ্জন কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লছ এঞ্জেল্‌ছৰ বেভাৰলি হিল্‌ছৰ বেভাৰলি হিŒI×ন হোটেলৰ প্ৰেক্ষাগৃহত ‘আৰ আৰ আৰ’ৰ সংগীত ‘নাটু নাটু’ৱে  লেডী গাগা, টেইলৰ ছুইফ্‌ট, ৰিহানাৰ দৰে বিশ্বখ্যাত হলীউডৰ গায়িকাৰ গীতক অতিক্ৰমি ভাৰতলৈ গ’ল্ডেন গ্লোব বঁটা কঢ়িয়াই আনে৷ শ্ৰেষ্ঠ গীতৰ শাখাত মনোনয়ন লাভ কৰিছিল হলীউডৰ টেইলৰ ছুইফ্‌টৰ কণ্ঠৰ ‘কেৰোলিনা’, লেডী গাগাৰ কণ্ঠৰ টপ গানঃ মাভেৰিক ছবিৰ ‘হোল্ড মাই হেণ্ড’, ব্লেক পেন্থাৰঃ ওৱাকাণ্ডা ফৰএভাৰ ছবিৰ ‘লিফ্‌ট মি আপ’, গুলেৰমো ডেলৰ পিনাচিঅ’ ছবিৰ ‘ছায়ো পাপা’ৰ দৰে ইতিপূৰ্বে বিখ্যাত আৰু জনপ্ৰিয় হৈ উঠা সংগীতে৷ কিন্তু এই সকলোকে অতিক্ৰম কৰি এম এম কীৰাৱানিৰ ‘নাটু নাটু’ গীতটো বিচাৰকে পচন্দ কৰে আৰু শ্ৰেষ্ঠ সংগীত হিচাপে বিবেচনা কৰে৷ ‘নাটু নাটু’ গীতটোত কণ্ঠদান কৰিছে কলা ভৈৰৱ আৰু ৰাহুল ছিপলিগুঞ্জে৷ উল্লেখ্য, কলা ভৈৰৱ হৈছে ‘নাটু নাটু’ গীতটোৰ স্ৰষ্টা তথা সংগীত পৰিচালক এম এম কীৰাৱানিৰ পুত্ৰ৷ ‘নাটু নাটু’ গীতত লিপ মিলাই আৰ আৰ আৰ ছবিখনত অতি দ্ৰুত লয়ৰ নৃত্য কৰিছে অভিনেতা ৰামচৰণ আৰু জুনিয়ৰ এন টি আৰে৷ দুয়োৰে এই চমৎকাৰ নৃত্যই ‘নাটু নাটু’ গীতটোক প্ৰাণ দিয়াই নহয়, দৰ্শকৰ মনৰ ওচৰলৈও লৈ গৈছে৷ আৰ আৰ আৰৰ ‘নাটু নাটু’ৰ বাবে শ্ৰেষ্ঠ গীতৰ গ’ল্ডেন গ্লোব বঁটা ল’বলৈ মঞ্চলৈ উঠে স্বাভাৱিকতে সংগীত পৰিচালক আৰু গীতটোৰ স্ৰষ্ট এম এম কীৰাৱানি৷ মঞ্চত তেওঁ গ’ল্ডেন গ্লোব বঁটা হাতত লৈ কয়– এই পুৰস্কাৰ প্ৰকৃততে মোৰ জ্যেষ্ঠ ভাতৃ ৰাজামৌলিৰ৷ তদুপৰি এই গীতত অবিশ্বাস্য এনাৰ্জি লৈ নৃত্য কৰাৰ বাবে মই ৰামচৰণ আৰু জুনিয়ৰ এন টি আৰকো ধন্যবাদ জনাইছোঁ৷’ উল্লেখ্য, সংগীতৰ উপৰি আৰ আৰ আৰ অ-ইংৰাজী ভাষাৰ  শ্ৰেষ্ঠ ছবিৰ বাবেও মনোনীত হৈছিল৷ অৱশ্যে সেই শিতানত ৰাজামৌলি বিমুখ হয়৷ শ্ৰেষ্ঠ ছবি গ’ল্ডেন গ্লোব লাভ কৰে ‘আৰ্জেণ্টিনা, ১৯৮৫’ ছবিয়ে৷ প্ৰসংগতঃ মুক্তিৰ কিছুদিনৰ ভিতৰতে দেশে-বিদেশে প্ৰচুৰ জনপ্ৰিয়তাৰ জৰিয়তে আৰ আৰ আৰ ছবিখনে ১২০০ কোটি টকাৰ ব্যৱসায় কৰিছিল৷ চলিত বছৰৰ অস্কাৰৰ দৌৰতো আছে ৰাজামৌলিৰ এই ছবি৷ অস্কাৰ কমিটীৰ সদস্যই  ইতিমধ্যে ছবিখন চাই প্ৰশংসা কৰিছে৷ বিশ্ব চলচ্ছিত্ৰত গ’ল্ডেন গ্লোবক প্ৰাক-অস্কাৰ হিচাপে বিবেচনা কৰা হয়৷ সেই অনুসৰি আৰ আৰ আৰ ছবিখনে অস্কাৰৰ প্ৰাকমুহূৰ্তত প্ৰচুৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে৷

পৰিচালক ৰাজামৌলিৰ সম্পৰ্কীয় ভাতৃ সংগীত পৰিচালক এম এম কীৰাৱানিৰ এই কৃতকাৰ্যতাত বহুতেই অবাক হৈছে৷ বলীউডৰ বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা কীৰাৱানিৰ ‘নাটু নাটু’ গীতটো পৰিচালক ৰাজামৌলিয়ে ১২বাৰ প্ৰত্যাখ্যান কৰিছিল৷ অৱশেষত তেওঁৰ ত্ৰয়োদশ প্ৰচেষ্টাহে পৰিচালকৰ পচন্দ হয় আৰু ছবিৰ বাবে গ্ৰহণ কৰে৷ কীৰাৱানিয়ে বলীউডৰ জনপ্ৰিয় গীত ‘তুম মিলে দিল খিলে’, ‘গলি মে আজ চান্দ নিকলা’, ‘অ’ ছাথিয়া’ ইত্যাদি গীত সৃষ্টি কৰিছিল৷ অৱশ্যে বলীউডৰ ছবিত কীৰাৱানি এম এম ক্ৰীম বা কৰিম হিচাপেহে পৰিচিত আছিল৷

তাৎপৰ্যপূৰ্ণ বিষয় হৈছে, ‘নাটু নাটু’ গীতৰ চিত্ৰায়ণ কৰা হৈছিল এতিয়া যুদ্ধবিধবস্ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ চৰকাৰী বাসভৱনত৷ তেতিয়াও ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰা নাছিল৷ আক্ৰমণৰ কেইমাহমান পূৰ্বেই জেলেনস্কিৰ ৰাষ্ট্ৰপতি ভৱনত ‘নাটু নাটু’ৰ শ্বুটিং হোৱাৰ বিষয়টো খবৰৰ শিৰোনামলৈ আহিছিল ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত৷ ভাৰতীয় ছবিৰ প্ৰতি দুৰ্বলতা থকা এসময়ৰ ছোভিয়েট ৰাছিয়া বংশোদ্ভৱ জেলেনস্কিয়ে আনন্দ মনেৰে এই ছবিৰ গীতৰ শ্বুটিঙৰ বাবে ৰাষ্ট˜পতি ভৱন এৰি দিছিল৷