Logo
image

দৰঙৰ বৰঝাৰত দিন-দুপৰতে গুলী চালনা : ডকাইতিৰ উদ্দেশ্যে ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত প্ৰৱেশ দুৰ্বৃত্তৰ

ডিজিটেল ডেস্ক, দলগাঁও : দৰঙৰ ওদালগুৰিৰ সীমান্তৱৰ্তী বৰঝাৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাত গুলী চালনাৰ ঘটনা সংঘটিত হয়৷ বাইকত অহা ৩ অচিনাক্ত যুৱকে সেৱা কেন্দ্ৰত পিষ্টলৰ সৈতে প্ৰৱেশ কৰি গ্ৰাহক সেৱাৰ কেন্দ্ৰৰ স্বত্বাধিকাৰীক ধন দাবী কৰে৷

গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী ৰাহুল পালক দুৰ্বৃত্তৰ দলটোৱে টকা দাবী কৰাৰ সময়ত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়৷ লগে লগে স্থানীয় লোক সমবেত হোৱাত দুৰ্বৃত্তৰ দলটোৱ গুলী চালনা কৰি সেই স্থানৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত দৰঙৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াৰ লগতে সহ-আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰা, দলগাঁও থানৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন গগৈ উপস্থিত হয়৷ বৰ্তমান ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।