Logo
image

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাত ক্ৰুটি : ৰোড শ্ব'ৰ সময়তে অঘটন

ডিজিটেল ডেস্ক : কৰ্ণাটকত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব'ৰ সময়তে এক অঘটন সংঘটিত হয়৷ ৰোড শ্ব'ৰ সময়তে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত ক্ৰুটি দেখিবলৈ পোৱা গ'ল৷ বিশাল ৰোড শ্ব'ৰ মাজতে এজন কিশোৰ একেবাৰে ওচৰ পালেহি প্ৰধানমন্ত্ৰীৰ৷

হুবলিত প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব'ৰ সময়তে এজন ১১ বছৰীয়া কিশোৰ একেবাৰে ওচৰ পাইছিল প্ৰধানমন্ত্ৰীৰ৷ হাতত ফুলৰ মালা লৈ প্ৰধানমন্ত্ৰীৰ কনভয়ৰ কাষ চাপিছিল কিশোৰজন৷ পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত নিয়োজিত সুৰক্ষাকৰ্মীয়ে আঁতৰাই নিয়ে কিশোৰজনক৷

প্ৰধানমন্ত্ৰীক ফুলৰ মালা পিন্ধোৱাত কিশোৰজনক বাধা দিয়ে এছপিজিয়ে৷ অৱশ্যে কিশোৰজনৰ পৰা ফুলৰ মালা ল'বলৈ নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰীয়ে। কিশোৰজনে জনোৱা অনুসৰি, প্ৰধানমন্ত্ৰীক কাষত দেখি তেওঁ উৎসাহিত হৈছিল। ইফালে প্ৰট'কলৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে সুৰক্ষা কৰ্মীয়ে৷