Logo
image

মাঘ বিহুৰ সময়ত ৰাজ্যত বৰষুণৰ সম্ভাৱনা

ডিজিটেল সংবাদ, গুৱাহাটী : আহো - নাহোকৈ পলমকৈ পুহ মাহত শীতে প্ৰৱেশ কৰা ৰাজ্যখনত বেছিভাগ ঠাইতে নিশাৰ ভাগত অব্যাহত আছে শীতৰ প্ৰকোপ। সুৰুজ দেৱতাৰ কৃপাত দিনৰ ভাগত শীতৰ প্ৰকোপ তুলনামূলকভাৱে কম হলেও সূৰ্যাস্তৰ পাছত নগৰ-চহৰসমূহক বাদ দি বাকী অঞ্চলত নিশাৰ ভাগত শীত আৰু কুঁৱলীৰ প্ৰকোপে সামগ্ৰিকভাৱে সাধাৰণ জনজীৱন ব্যাহত কৰিছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানী সুমিত দাসে সদৰি কৰা অনুসৰি পূৰ্বৰ তুলনাত এইবেলি শীত অলপ পলমকৈ আহিছে। ২৪ ডিচেম্বৰৰ পাছত উত্তৰ ভাৰতৰ কেবাখনো ৰাজ্যত শেহতীয়াকৈ হোৱা বতৰৰ কেতবোৰ পৰিঘটনা আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বতাহ বলি থকা বাবে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়কে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বেছিভাগ অঞ্চল শীতৰ কৱলত পৰিছে। 

বিশেষকৈ অৰুণাচল প্ৰদেশৰ এক বিস্তীৰ্ণ অঞ্চলত বিগত প্ৰায় তিনি সপ্তাহ ধৰি শুকুলা দলিছা সদৃশ তুষাৰপাতে ঢাকি ৰাখিছে। আনকি যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, ডুমডুমা, শদিয়াকে ধৰি উজনি অসম, উত্তৰ লখিমপুৰ, ধেমাজি, জোনাইকে ধৰি উত্তৰ অসমৰ এক বিস্তীৰ্ণ অঞ্চলত বিগত তিনি সপ্তাহ নিশা অভাৱনীয়ভাবে শীতৰ কৱলত পৰিছে। আনকি অভাৱনীয় ভাবে শীতৰ কৱলত পৰা বাবে  বিগত কেইদিনত যোৰহাট, উত্তৰ লখিমপুৰকে ধৰি কেবাটাও অঞ্চলৰ নিশাৰ নিম্নতম তাপমাত্ৰা প্ৰায় শ্বিলং চহৰৰ দৰে  হৈছে।

বৃহস্পতিবাৰ দুপৰীয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত শ্বিলং চহৰৰ নিম্নতম তাপমাত্ৰা আছিল ৭.৪  ডিগ্ৰী চেলচিয়াছ। ইয়াৰ বিপৰীতে উত্তৰ লখিমপুৰৰ নিম্নতম তাপমাত্ৰা আছিল ৭.৬  ডিগ্ৰী আৰু ডিব্ৰুগড়ৰ নিম্নতম তাপমাত্ৰা আছিল ৮.৬ ডিগ্ৰী চেলচিয়াছ।  আনকি প্ৰদূষিত চহৰ হিচাপে পৰিচিত গুৱাহাটীৰ  নিম্নতম তাপমাত্ৰা নিশাৰ ভাগত আছিল ১২.০ ডিগ্ৰী চেলচিয়াছ। অৰ্থাৎ শ্বিলং আৰু উত্তৰ লখিমপুৰৰ নিশাৰ নিম্নতম তাপমাত্ৰা প্ৰায় সমান সমান হৈছে। জানিব পৰা মতে, সৌন্দৰ্যৰ ৰাণী হিচাপে পৰিচিত ডিমা হাছাও জিলাৰ বেছিভাগ অঞ্চলতে নিশাৰ তাপমাত্ৰা শ্বিলং চহৰতকৈ কিছু  তলত আছে। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক মাঘ বিহুৰ সময়ত অসমকে ধৰি চুবুৰীয়া মেঘালয়, অৰুণাচল প্ৰদেশৰ কেতবোৰ ঠাইত আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে। 

সমান্তৰালভাৱে মাঘ বিহুৰ সময়ত সূৰ্যাস্তৰ পাছতেই শীতৰ প্রকোপৰ লগতে ঘন কুঁৱলীৰ প্ৰকোপ বহু বৃদ্ধি পাব। আনকি সন্ধিয়াৰ পাছত শীতৰ লগতে কুঁৱলীৰ ডাঠ আচ্ছাদনে ৰাজ্যৰ বেছিভাগ অঞ্চল ঢাকি ৰাখিব। একে সময়চোৱাত দক্ষিণ-পশ্চিমৰ পৰা শীতল বতাহ বলি থাকিব বাবে সন্ধিয়াৰ পাছত ঘৰৰ বাহিৰলৈ ওলাই অহা লোকে শীতৰ সৈতে সহাৱস্থান কৰিব লাগিব। আনকি পশ্চিমীয়া অশান্ততন্ত্ৰ বা ৱেষ্টাৰ্ণ ডিষ্টাৰবেঞ্চ বাবে নিশাৰ ঠাণ্ডা আৰু কুঁৱলীৰ প্ৰাদুৰ্ভাৱ আগন্তুক এটা সপ্তাহ ধৰি অব্যাহত থাকিব  বুলি বতৰ বিজ্ঞান কেন্দ্ৰই  সদৰি কৰিছে ।