Logo
image

স্বপ্ন খেদি বিভ্ৰান্ত জনতা

অসমত যেন এখন ভাল চৰকাৰ আশা কৰাটো পৰ্বতত কাছ কণী বিচৰাৰ দৰে কাৰ্য হৈ পৰিছে৷ দীৰ্ঘদিনীয়া কংগ্ৰেছৰ অপশাসন, প্ৰতাৰণা-প্ৰৱঞ্চনা, দুৰ্নীতি-ভ্ৰষ্টাচাৰ আদিৰ অন্ত পেলাই অসমীয়া জাতিৰ আত্ম-চেতনাৰ অন্বেষ ঘটাই যি দুবাৰ আঞ্চলিকতাবাদী দলৰ চৰকাৰ হৈছিল, সেই দুয়োবাৰেই চৰকাৰ দুখনৰ যি অপৰিপক্ব ৰাজনীতি, ক্ষমতাৰ খোৱা-কামোৰা, প্ৰশাসনিক অচলাৱস্থা, অৰ্থনৈতিকভাৱে নীতিহীনতাৰ পৰিচয় দিলে, এতিয়া আৰু আঞ্চলিকতাবাদী দল বা চৰকাৰ বুলি ক’লে অসমৰ মানুহৰ গাত এলাৰ্জীহে আৰম্ভ হয়৷ ইমানৰ পাছতো মানুহে আশা বাদ দিয়া নাই৷ চৰকাৰ পাতিয়েই আছে৷ মুখ্যমন্ত্ৰী বনায়েই আছে৷ তৰুণ গগৈৰ পাছত অসমৰ মানুহে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰক ক্ষমতাত বহুৱালে৷ কিন্তু তৰুণ গগৈ চৰকাৰক যিবোৰ কাৰণত ক্ষমতাৰ পৰা আঁতৰোৱা হৈছিল, সেইবোৰ কাৰণ কাৰণ হৈয়েই থাকিল৷ উদাহৰণস্বৰূপে ৰাজ্যখনৰ নিৱনুৱা সমস্যা সমাধানৰ বাবে ২০১৬ চনত অসমত থকা ২৫ লাখ নিৱনুৱাই কিয় চাকৰি পোৱা নাই বুলি বিজেপি দলটোৱে প্ৰশ্ন কৰিছিল৷ কিন্তু পাঁচটা বছৰ শাসনত থকাৰ পাছতো চৰকাৰখনে কিমান নিৱনুৱাক চাকৰি দিলে তাৰ কোনো তথ্য দিব নোৱাৰিলে৷ কেনেকৈ তথ্য দিব!ইতিমধ্যে নিৰ্বিনিয়োজনৰ নামত সমগ্ৰ দেশৰ লগতে অসমৰো যিবোৰ খণ্ডত চাকৰি বা নিযুক্তি লাভৰ সুবিধা আছিল, সেইবোৰ এটাৰ পাছত এটাকৈ পুঁজিপতিৰ হাতত গতাই দিয়া বা বন্ধ কৰি দিয়াৰ বাবে থকা কৰ্মচাৰীখিনিও সংস্থাপনৰ অভাৱত আত্মহত্যাপৰ্যন্ত কৰিব লগা ঘটনা সৰ্বজন বিদিত৷ উদাহৰণস্বৰূপে নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ অৱস্থা আজি সকলোৱেই দেখিছে৷ অথচ সেই দুটাক পুনৰ জীৱন দিয়াৰ প্ৰতিশ্ৰুতি দিয়েই অসমত প্ৰথম বিজেপি চৰকাৰ আহিছিল৷ সেইদৰে নামৰূপ সাৰ কাৰখানাটোক শক্তিশালী কৰা হ’ব বুলি উদাত্তকণ্ঠে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱা কথা অসমৰ ৰাইজৰ মনত আছে৷ কিন্তু আজি সেইটোৱেও কেলঢোপ কেলঢোপকৈ জীয়াই থাকিব লগা হৈছে৷ অসমৰ ৰাইজক ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে’ৰ সপোন দেখুওৱা হৈছিল, ব্ৰহ্মপুত্ৰ খান্দি অসমৰ পৰা চিৰদিনৰ বাবে বান সমস্যা নোহোৱা কৰাৰ কথা কোৱা হৈছিল৷ টুইন টাৱাৰৰ নামত বাণিজ্যৰ সপোন দেখুওৱা হৈছিল! সেইবোৰ যেতিয়া একো কৰিব নোৱাৰিলে, তেতিয়া সোণোৱালৰ সেনাপতিত্বৰ বিপৰীতে অসমত বিজেপিয়ে ড॰ হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ সেনাপতি পাতি নতুনকৈ ৰণ জিকাৰ কৌশল ৰচনা কৰিলে৷ ইয়াৰ বাবে অৱশ্যে বিৰোধীৰ ভূমিকাৰ কথাও ক’ব লাগিব৷ শক্তিশালী বিৰোধীৰ অনুপস্থিতিয়ে শাসকীয় দলটোকে পুনৰ ক্ষমতালৈ অহাত অধিক অৰিহণা যোগালে৷ কিন্তু কেৱল বিৰোধীৰ দুৰ্বলতাকে একমাত্ৰ সাৰথি নকৰি ড॰ শৰ্মাই নতুন প্ৰতিশ্ৰুতি দিয়া আৰম্ভ কৰিলে৷ তাৰ ভিতৰত তিনিপাত প্ৰধান অস্ত্ৰ হিচাপে বাছি ল’লে অৰুণোদয়, মাইক্ৰ’ফাইনেঞ্চ আৰু এক লাখ নিৱনুৱাক গণি গণি চাকৰি দিয়া৷ অৰ্থাৎ এইবাৰ ২৫ লাখ নহয়, এক লাখ নিৱনুৱাক চাকৰি দিব৷ কিন্তু ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা সেই এক লাখ চাকৰি দিয়াৰ সময় কিন্তু এবছৰ আছিল, এতিয়া দুটা বছৰ পাৰ হ’বৰ হ’ল, বুধবাৰে ঘোষণা কৰিছে যে ১০ মে’ৰ ভিতৰত এক লাখ নিযুক্তি সম্পূৰ্ণ কৰিব৷ কিন্তু বৰ্তমান অসমৰ নিবনুৱা পৰিস্থিতি কি? বৰ্তমান অসমত প্ৰতিদিনেই নিৱনুৱাৰ সংখ্যা বাঢ়িব লাগিছে৷ প্ৰতি ছমাহৰ মূৰে মূৰে বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, আই আই টি, আই টি আই, পলিটেকনিক আদিৰ পৰা লাখে লাখে শিক্ষিত নিৱনুৱাৰ সৃষ্টি হৈ আছে৷ বিগত নৱেম্বৰ মাহত অসমত নিবনুৱা আছিল ১৪.০২ শতাংশ আৰু এই জানুৱাৰীত এই শতাংশ আৰু বৃদ্ধি পাইছে৷ চহৰ অঞ্চলত এই শতাংশ ১৮লৈ বৃদ্ধি হৈছে৷ আচলতে চৰকাৰৰ নিবনুৱাক নিযুক্তি এটা সাধাৰণ নিৰ্বাচনী ইছ্য়ু হৈ পৰিছে৷

বৰ্তমান চৰকাৰখনে দুটা বছৰ অতিক্ৰম কৰিবলৈ আগবাঢ়িছে৷ চৰকাৰে অসমৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে এই দুটা বছৰত যিখিনি কাম কৰিছে, সেইখিনি কামে এতিয়াও সাধাৰণ জনতাক স্পৰ্শ কৰিব পৰা নাই৷ অসমক ভাৰতৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত এখন কৰাৰ কথা কৈছিল৷ বৰ্তমান যিকেইখন ৰাজ্যই যিবোৰ কাৰণত শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান পাইছে, সেই ৰাজ্যবোৰৰ লগত ফেৰ মাৰিবলৈ আমাৰ চৰকাৰে কিন্তু একোৱেই কৰা নাই বুলি ক’লেও ভুল নহ’ব৷ কাৰণ এতিয়াও ৰাজ্যখনৰ শিক্ষা, স্বাস্থ্য, খোৱাপানী, যাতায়াত আদি সমস্যাবোৰ সমস্যা হৈয়েই আছে৷ চৰকাৰে এইবোৰ ক্ষেত্ৰক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে হিন্দু-মুছলমানৰ ৰাজনীতি কৰিবলৈ গৈ মোগল-লাচিত-বাঘ হাজৰিকা আদি অপ্ৰয়োজনীয় আৰু সময় অপব্যয় কৰা কামত সময় খৰচ কৰিছে৷ বুলড’জাৰ লগাই মানুহৰ ঘৰ ভাঙি অসমক ভাৰতৰ ভিতৰত যে শ্ৰেষ্ঠ ৰাজ্য বনাব নোৱাৰি, সেই কথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিমান সোনকালে বুজি পায়, সিমানেই ৰাজ্যখনৰ বাবে মংগল৷ বাৰে বাৰে জনতাৰ স্বপ্ন ভংগ কৰি চৰকাৰসমূহে চৰকাৰী পুঁজি লুণ্ঠনৰ হাথিয়াৰ হিচাপে কাম কৰাৰ বাবেই আজি স্বপ্নৰ পম খেদি জনতা বিভ্ৰান্ত হ’ব লগা হৈছে৷