Logo
image

উৰুকাৰ প্ৰস্তুতি মুখ্যমন্ত্ৰীলৈ মাছ আহিলেই

আমাৰ অসম, ১৩ জানুৱাৰী:  হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী৷ কি ধনী, কি গৰীৱ সকলোৱে নিজৰ নিজৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে উৰুকাত লগে ভাগে এসাঁজ খাবলৈ উদগ্ৰীৱ হৈ আছে৷    ভোগালী বিহু উপলক্ষে ইতিমধ্যে ৰাজ্যৰ বজাৰ সমূহত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে৷ গুৱাহাটী মহানগৰীৰ কেইবাঠাইতো ভোগালীৰ খাদ্যসম্ভাৰৰ বজাৰ গঢ়ি উঠিছে৷ ৰাজ্যবাসীয়ে ভোগালী বিহু উদ্‌যাপনৰ বাবে গাখীৰ, দৈ, ক্ৰীম, নাৰিকল, তিল, জহাচাউল, বোকা চাউল, চিৰা, হুৰুম, সান্দহ আদি যোগাৰ কৰি লৈছে৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়েও যেন নিৰাশ কৰিব পৰা নাই ৰাজ্যবাসীক৷ ৰাজ্যবাসীয়ে উৰুকাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে মুখ্যমন্ত্ৰীলৈ আহিলেই ১০ কিলো ওজনৰ আৰি, জ্জ কিলো ওজনৰ শিলঘৰীয়া৷ ভোগালী বিহুৰ আগমুহূৰ্তত ভোগালী বিহু উপলক্ষে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ১০ কিলোগ্ৰাম ওজনৰ আৰি মাছ উপহাৰ হিচাপে আগবঢ়ালে বৃহত্তৰ উজানবজাৰ অনুসূচীত নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাই৷ বৃহস্পতিবাৰে পুৱা ১০ কিলোগ্ৰাম ওজনৰ আৰি মাছটো ভোগালী বিহুৰ ওলগ হিচাপে গ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ উজানবজাৰ অনুসূচীত নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ কাৰ্যবাহী সভাপতি হৰিৎ মেধি, উপ-সভাপতি দিলু দাস, সাধাৰণ সম্পাদক ভাস্কৰ দাস প্ৰমুখ্যে সমূহ কাৰ্যকৰ্তাক মুখ্যমন্ত্ৰী শৰ্মাই ভোগালী বিহুৰ ওলগ জনোৱাৰ উপৰি কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইফালে, মুখ্যমন্ত্ৰী শৰ্মাক বৃহস্পতিবাৰে জ্জ কিলোগ্ৰাম ওজনৰ এটা শিলঘৰীয়া মাছ উপহাৰ দিলে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে৷ পৰিষদৰ হৈ প্ৰণৱজ্যোতি বৰ্মনে মুখ্যমন্ত্ৰী শৰ্মাক ৭ কিলোগ্ৰাম ওজনৰ শিলঘৰীয়া মাছ উপহাৰ দিয়াৰ উপৰি এখন ফুলাম গামোছাৰে ভোগালী বিহুৰ ওলগ জনায়৷