নখৰ অৱস্থায়ো দিব পাৰে ৰোগৰ ইংগিত
নখে কেৱল সৌন্দৰ্যকে প্ৰকাশ নকৰে৷ শৰীৰ কিমান সুস্থ হৈ আছে সেই কথা নখ চায়েই ক’ব পৰা যায়৷ নখৰ ৰঙৰ পৰাই শৰীৰ সুস্থ হৈ আছেনে নাই তাক নিৰ্ধাৰণ কৰিব পাৰি৷ নখ চাই কিদৰে শৰীৰৰ অৱস্থা বুজিব পৰা যায়–
⬛হালধীয়া নখঃ নখৰ ৰং যদি হালধীয়া হয় তেতিয়া শৰীৰত হোৱা বিভিন্ন সংক্ৰমণজনিত ৰোগৰ ই লক্ষণ হ’ব পাৰে৷ কেতিয়াবা বিভিন্ন ঔষধৰ পাশ্বৰ্ক্ৰিয়াৰ ফলত নখ হালধীয়া হ’ব পাৰে৷ সেইবাবে নখৰ ৰং হালধীয়া হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে৷
⬛নখত কেতিয়াবা দাগ লগাৰ দৰে হ’লে সেয়াও কোনো অসুখৰ লক্ষণ হ’ব পাৰে৷ কেতিয়াবা সাধাৰণ নখ ফুলা বুলি গণ্য কৰিলেও ইয়ো কেতিয়াবা শৰীৰৰ বাবে বিপদ মাতি আনিব পাৰে৷
⬛ সঘনাই যদি নখ ছিঙি যায় সেয়াও হ’ব পাৰে কোনো এক ৰোগৰ লক্ষণ৷ কেতিয়াবা নখ বাঢ়িবলৈ নাপাওতেই নখ ছিঙি যায়৷ সাধাৰণতে ভিটামিন ‘এ’ৰ অভাৱত নখ ছিঙি যায়৷
⬛ক’লা দাগঃ কেতিয়াবা যদি নখত ক’লা দাগ পৰা দৃষ্টিগোচৰ হয় তেতিয়াও চিকিৎসকৰ তাৎক্ষণিক পৰামৰ্শ ল’ব লাগে৷ নখত ক’লা দাগ পৰাটো কৰ্কট ৰোগৰো লক্ষণ হ’ব পাৰে৷
⬛ নখৰ ক্ষয় ৰোগঃ কেতিয়াবা নখ ক্ষয়ৰোগত আক্ৰান্ত হ’ব পাৰে৷ এনে হ’লে নখৰ গুৰিবোৰ সহজেই ক্ষয় যায়৷ সাধাৰণতে ভিটামিনৰ অভাৱৰ বাবেই নখ ক্ষয়ৰোগত আক্ৰান্ত হয়৷ সেয়েহে নখৰ ৰং সলনিৰ লগতে কোনোধৰণৰ দাগ পৰা যেন দৃষ্টিগোচৰ হ’লে কেতিয়াও অৱহেলা কৰিব নালাগে৷ এনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অতি জৰুৰী৷