Logo
image

চুলি ক’লা-ঘন কৰিবলৈ ঘৰতে প্ৰস্তুত কৰক এই তেল

চুলি সৰা আৰু কম বয়সতে চুলি সৰা সমস্যাৰ বিষয়ে আজিকালি প্ৰায়ভাগৰে মুখত শুনিবলৈ পোৱা যায়৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্নজনে বজাৰৰ পৰা বিভিন্ন তেল ক্ৰয় কৰে৷ কিন্তু ইয়াৰ পাছতো চুলি সৰা আৰু চুলি পকা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা নাযায়৷ পিছে ঘৰতে আপুনি সহজেই এবিধ তেল প্ৰস্তুত কৰি ল’ব পাৰে, যিবিধ তেল ব্যৱহাৰ কৰিলে চুলি সৰা আৰু চুলি পকা সমস্যাৰ পৰা সকাহ পাব পৰা যায়৷ উল্লেখ কৰা হ’ল ঘৰতে এই বিশেষ তেলবিধ প্ৰস্তুত কৰাৰ পদ্ধতি–

(১) চাৰিপাহ জবাফুল আৰু  জবা ফুলৰ তিনিখিলা পাত ছিঙি লওক৷ এচামুচ সৰিয়হৰ তেল, দহখিলা নৰসিংহৰ পাত, এচামুচ সৰিয়হ আৰু পিঁয়াজৰ ৰসৰ লগতে এটা ভিটামিন-ই কেপছুল, এচামুচ মেথিগুটি, দুটুকুৰা এলোভেৰা, এমুঠি তুলসী, নিমপাত আৰু পাঁচশ গ্ৰাম নাৰিকল তেল গোটাই লওক৷

(২) এইবাৰ জবাফুল আৰু তাৰ পাতকেইখিলা মিহিকৈ পিছি তাৰ ৰসখিনি চেকি লওক৷ কম জুইত নাৰিকল তেলখিনি গৰম কৰি তাৰ সৈতে নৰসিংহৰ পাত আৰু অন্যান্য উপকৰণখিনি মিহলাওক৷ এইবাৰ পিয়াঁজৰ ৰস, সৰিয়হৰ তেল আৰু ভিটামিন-ইৰ কেপছুল তেলত পেলাই তাৰ সৈতে জবাফুলৰ মিশ্ৰণখিনি মিহলাওক৷ মিশ্ৰণখিনিৰ ৰঙৰ পৰিৱৰ্তন হ’লে জুই নুমুৱাই ঠাণ্ডা হ’বলৈ দিয়ক৷

(৩) তেলখিনি প্ৰস্তুত হ’লে কপাহৰ সহায়ত চুলিৰ গুৰি আৰু মূৰত ১৫ৰ পৰা ২০ মিনিট সময় ভালদৰে লগাওক৷ এনেদৰে ৪৫ মিনিট সময় থাকক৷ পাছত ছেম্পুৰে মূৰটো ধুই পেলাওক৷ সপ্তাহত কমেও তিনিদিন ঘৰতে প্ৰস্তুত কৰা এই তেল ব্যৱহাৰ কৰিলে চুলি সৰা আৰু চুলি পকা সমস্যাৰ পৰা পৰিত্ৰাণ পাব৷