Logo
image

মৰিগাঁওৰ ধৰমতুলত তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনা: ৩ জনৰ মৃত্যু, ১৪ জন আহত

ডিজিটেল ডেস্ক: মৰিগাঁও জিলাৰ ধৰমতুলত সোমবাৰে বাছ এখনে ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ ফলত কমেও তিনিজন তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে ১৪জন গুৰুতৰভাৱে আহত হয়।আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।এজন যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন দুজন যাত্ৰী চিকিৎসালয়ত মৃত্যুক সাৱটি লয়। আঘাতপ্ৰাপ্ত ১৪ জন লোকৰ চিকিৎসা চলি আছে বুলি অৱগত কৰে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক (এছ পি) হেমন্ত কুমাৰ দাসে।

আৰক্ষীৰ মতে, অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ড মেলাৰ পৰা ২১ জন যাত্ৰী লৈ উভতি আহিছিল বাছখন। আটাইকেইজন অসমৰ বাগ্সা জিলাৰ বুলি আৰক্ষীয়ে জনায়।