Logo
image

মহানগৰীৰ ভিন্ন স্থানত শিল্পী দিৱস পালন

ডিজিটেল সংবাদ, গুৱাহাটী : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মঙলবাৰে 'শিল্পীদিৱস' পালন কৰা হয়। জ্যোতি চিত্ৰবন আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত অসম চৰকাৰৰ ৰাজ্যিক ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সহযোগত 'মোৰে ভাৰতৰে মোৰে সপোণৰে' নামেৰে শিল্পী দিৱস, ২০২৩ জোতিচিত্ৰবনৰ প্ৰাংগণত অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে জনস্বাস্থ্য কাৰিকৰী, নিয়োগ আৰু দক্ষতা,পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড০ অৰূপ কুমাৰ মিশ্ৰ জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ বৰা, উপাধ্যাক্ষ সুনীশ ৰাজকোঁৱৰ, সচিব নয়না বৰা উপস্থিত থাকে। জ্যোতি চিত্রবনৰ সচিব নয়না বৰা আদৰণি ভাষণ দিয়া সভাত উপাধ‍্যক্ষ সুনীল ৰাজকোঁৱৰে জ্যোতি চিত্ৰবনৰ নতুন কাৰ্যবিৱৰণীৰ বিষয়ে চমুকৈ কয়। আনহাতে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ বৰাই কয়, "জ্যোতি চিত্ৰবনৰ মজিয়া গৰকি যোৱা সকলক এইবাৰ সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। সেই মৰ্মে এইবাৰ তিনিজন শিল্পীক সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰো। লগতে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাক মৃত্যু দিৱসত শ্ৰদ্ধা জনালোঁ।"

আনহাতে মুখ্যঅতিথিৰ ভাষণত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয়, "শিল্পীৰ মন সৰল। সৰল মনেৰে তেওঁলোকে চিন্তা কৰে। আমি শিল্পীৰ আবেগক শ্ৰদ্ধা কৰিব লাগে। তেওঁলোকৰ অৰিহণাক স্বীকৃতি দিব লাগে। সাহিত্য সংস্কৃতি অবিহনে জাতিৰ পৰিচয় হ'ব নোৱাৰে। আজি তিনিগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ সুযোগ লাভ  কৰি আনন্দ অনুভৱ কৰিছোঁ।'' ভাষণ প্ৰসংগত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড০ অৰূপ কুমাৰ মিশ্ৰই কয়-থলুৱা কৃষ্টি, সংস্কৃতি, কলা-কুশলীক আগবঢ়াই নিব পাৰো তাৰ প্ৰয়াস কৰিব লাগিব। শিল্পীক যথাযথ সন্মান কৰিব লাগিব। শিল্পীসকলৰ ভৱিষ্যত দিশটো চাব লাগিব। জ্যোতি প্ৰসাদ আগৰৱালা অমৰ হৈ থাকিব। অসমৰ সাহিত্য সংস্কৃতিৰ বাবে কাম কৰি যাম। সম্বৰ্ধিত ব্যক্তি সকলক শুভেচ্ছা জনালোঁ।

সভাত বিশিষ্ট অভিনেতা দীনেশ দাস, ব্ৰজেন বৰা,সংগীত শিল্পী ভূপেন উজীৰক ফুলাম গামোচা, চেলেং চাদৰ,সম্বৰ্ধনাপত্ৰ, উপহাৰ আদিৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত বিশিষ্ট ব্যক্তি সকলে মনৰ কথা ব্যক্ত কৰাৰ লগতে নিজ নিজ ক্ষেত্ৰৰ অভিজ্ঞতা ব্যক্ত কৰে। প্ৰজ্ঞা পাৰমিতাই আঁতধৰা সভাখনত বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সন্ধিয়া বৰ্ণঢ‍্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে সামাজিক সাংস্কৃতিক  বেচৰকাৰী  অনুষ্ঠান " সঁহাৰি ফাউণ্ডেচন "আৰু "স্বৰলিপিৰ" উদ্যোগত বিশেষভাৱে সক্ষম লোকসকলৰ পূৰ্ণ সহযোগীতাৰে " জ্যোতিচিত্ৰবন ফিল্ম ষ্টুডিঅ'ৰ " সহযোগত মঙলবাৰে  এক বিশেষ " শিল্পী দিৱস'ৰ আয়োজন কৰা হয়।গতানুগতিকতাৰ বিপৰীতে সমাজৰ বিশেষভাৱে সক্ষম লোকসকলৰ পাৰদৰ্শিতা প্ৰকাশ আৰু দক্ষতা বিকাশৰ মহান উদ্দেশ্য আগত ৰাখি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰাৰ এক বিশেষ প্ৰয়াসৰে এইবাৰৰ দিনযোৰা কাৰ্যসূচীৰে আয়োজিত এই কাৰ্যসূচীত পুৱা ৯ বজাৰ পৰা চাৰু কলা, জ্যোতি সংগীত, বোকামাটিৰে সাঁচ বনোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰোপৰি বিনামূলীয়া দন্ত চিকিৎসা, সাধাৰণ স্বাস্থ্য পৰীক্ষা শিবিৰো আয়োজন কৰা হৈছে। লগতে নৱ প্ৰজন্মৰ সংবেদনশীল সংগীত শিল্পী ঋতম চাংকাকতিক সম্বৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচীত ওপজা দিনৰ সৈতে সংগতি ৰাখি বিশিষ্ট শিল্পী,কলা নিৰ্দেশক নুৰুদ্দিন আহমেদক সম্বৰ্ধনা জনোৱা হয়।

ইফালে গুৱাহাটীৰ 'নুনমাটি সাহিত্য সভা' আৰু 'ৰংঘৰ'ৰ যৌথ উদ্যোগত লুইত নগৰস্থিত ৰংঘৰ প্ৰাংগণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পবিত্ৰ দিৱসটি 'জ্যোতি দিৱস' হিচাপে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰে। বিয়লি শাখা সাহিত্য সভাৰ সভাপতি নৰেন ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আঁত ধৰে সম্পাদক এগৰাজ ছেত্ৰীয়ে। ৰংঘৰৰ পৰিচালক হৰিপ্ৰসাদ তালুকদাৰে আদৰণি ভাষণ দিয়া সভাত বিশিষ্ট অতিথি হিচাপে অংশ লৈ কবি, লেখক, সাংবাদিক দীপক শৰ্মাই কয়, "যোগাত্মক চিন্তাধাৰাৰে আমি আগুৱাই যাব লাগিব৷'' বিশিষ্ট ভাষাবিদ, সাহিত্যিক প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যই বিশিষ্ট অতিথিৰ ভাষণত কয়- জ্যোতি প্ৰসাদ আগৰৱালাৰ চিন্তা-ভাৱনা, বোলছবি নিৰ্মাণ, সাহিত্য কৃতী, প্ৰতিভূ সংস্কৃতিৰ বিষয়ে সাৱলীল ভাষাৰে দাঙি ধৰে। সভাত বিশিষ্ট শিল্পী, গীটাৰ বাদক কমল কটকী, জয়দেৱ চৌধুৰীয়ে বক্তব্য দাঙি ধৰে। সভাত চুইটি চৌধুৰী, কৃতিকা ডেকা, অন্যন্যা ভূয়াই জ্যোতি নৃত্য, নয়নাভ বৰা, ৰত্নদীপ চৌধুৰীয়ে জ্যোতি সংগীত পৰিৱেশন কৰে। সভাত ৰত্নেশ্বৰ বসুমতাৰী, নৃপেন্দ্ৰনাথ কাকতি, ডম্বৰুধৰ তালুকদাৰ আদি বিশিষ্ট ব্যক্তিসকলেও অংশ লয়। পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, চিত্ৰাংকণ প্ৰতিযোগীতা, বক্তৃতা প্ৰতিযোগীতা অনুষ্ঠিত হয়৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭২ সংখ্যক মৃত্যু দিৱস যথাযোগ্য মৰ্যাদাৰে ভৰলুমুখত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তিৰ পদদেশত উদযাপন কৰা হয়। ভালেসংখ্যক নাগৰিকৰ উপস্থিতিত  জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি ৰক্ষা কমিটিৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কমিটিৰ যুটীয়া সম্পাদক ডা: চিত্ৰলেখা দাস সহ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত বিভিন্ন কলেজৰ ছাত্ৰ-ছাত্ৰী  সকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মুৰ্ত্তিত পুষ্পাঘ অৰ্পণ কৰে। তাৰপাছত অজিত আচাৰ্যৰ পৰিচালনাত অনুষ্ঠিত সোঁৱৰণী সভাত বক্তব্য ডাঙি ধৰে ডা: চিত্ৰলেখা দাস আৰু  কোষেশ্বৰ বৰাই। কোষেশ্বৰ বৰাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত স্বৰচিত কবিতা এটা পাঠ কৰে।

ইফালে গুৱাহাটীৰ দীঘলীপুখুৰীপাৰস্থিত গৌৰী সদনত সদৌ অসম ভ্ৰাম্যমাণ বাণিজ্য মেলা সংস্থা (আমটা)ৰ উদ্যোগত শিল্পী দিৱস উপলক্ষে 'মোৰে ভাৰতৰে মোৰে সপোন.. 'সামুহিকভাৱে জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। লগতে শিল্পী সম্বৰ্ধনা আৰু আৰ্থিকভাৱে দুৰ্বল কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষায়তনিক দ্ৰব্য বিতৰণ কৰা হয় বুলি আমটাৰ সভাপতি নিৰুপম বৰা আৰু সম্পাদক নিত্যৰঞ্জন গোস্বামীয়ে জানিবলৈ দিয়ে।