Logo
image

বৃদ্ধি পাইছে বনাঞ্চল বিধি উলংঘনৰ ঘটনা

ভোগালী বিহুৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজেই গাড়ী চলাই ৰাজ্যিক চিৰিয়াখানা ভ্ৰমণ কৰাৰ লগতে চিৰিয়াখানাৰ বন্যপ্ৰাণীৰ থকা-মেলাৰ ব্যৱস্থাৰ বুজ লোৱাৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ চিৰিয়াখানা চৌহদৰ ভিতৰত এখন পূৰ্ণ পৰ্যায়ৰ ব’টানিকেল গাৰ্ডেনৰ ব্যৱস্থা কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত বন্যপ্ৰাণীৰ বাবে পৰ্যাপ্ত মুকলি স্থান ৰখাৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰাটো নিশ্চয় শলাগিবলগীয়া কথা৷ উদ্বেগজনক কথাটো হৈছে যে মানৱ জাতি উন্নতিৰ পথত ধাৱমান হোৱাৰ সময়ত ধৰাৰ আন জীৱকুলৰ প্ৰতি আহিছে অশনি সংকেত৷ জনসংখ্যা বৃদ্ধি, দ্ৰুত নগৰীকৰণৰ ফলত যিধৰণে বনাঞ্চল সংকুচিত হ’বলৈ ধৰিছে, তাৰ ফলত বন্যপ্ৰাণীৰ প্ৰতি আহি পৰিছে ভয়াৱহ বিপৰ্যয়৷ ইতিমধ্যে পৃথিৱীৰ পৰা নোহোৱা হৈছে বন্যপ্ৰাণীৰ বহু প্ৰজাতি আৰু বিপন্ন হৈছে আন বহু প্ৰজাতিৰ ভৱিষ্যৎ৷ এয়া কেৱল অসম কিম্বা ভাৰতৰ সমস্যা নহয়, সমগ্ৰ বিশ্ব এতিয়া এনে এটা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এটা সময় আছিল যেতিয়া মানুহে প্ৰকৃতিৰ পৰা শিক্ষা লৈছিল৷ শিক্ষা-দীক্ষাৰ অগ্ৰগতিয়ে মানুহক এনে এটা পৰ্যায়লৈ লৈ গৈছে যে মানুহে এতিয়া প্ৰকৃতিক জয় কৰিবলৈ অগ্ৰসৰ হৈছে৷ প্ৰকৃতিৰ ওপৰত চলিছে ধবংসযজ্ঞ আৰু ইয়াৰ ফল ভুগিবলগীয়া হৈছে নিৰীহ বন্যপ্ৰাণীবোৰে৷ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৱে ভাৰতত পৰিৱেশজনিত অপৰাধৰ ক্ষেত্ৰত যি প্ৰতিবেদন দাঙি ধৰিছে, সেয়া যথেষ্ট চিন্তাজনক৷ ব্যুৰ’ৰ প্ৰতিবেদন অনুসৰি, ২০২১-২২ বৰ্ষত ভাৰতত ৬৪,৪৭১টা পৰিৱেশজনিত অপৰাধৰ ঘটনা নথিভুক্ত কৰা হৈছে৷ ইয়াৰ ভিতৰত বনাঞ্চলৰ নীতি-নিয়ম আৰু বনাঞ্চল সংৰক্ষণ বিধিৰ অধীনত নথিভুক্ত হৈছে ২,২৯১টা অপৰাধ৷ অৰণ্য বিধি উলংঘনৰ সৰ্বাধিক অপৰাধ নথিভুক্ত হোৱা ৰাজ্যকেইখনৰ ভিতৰত অসমো আছে৷ আন ৰাজ্যকেইখন হৈছে ছত্তিশগড়, উত্তৰাখণ্ড, পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, চণ্ডীগড়, গুজৰাট, ঝাৰখণ্ড, পঞ্জাব, জম্মু আৰু কাশ্মীৰ, বিহাৰ আৰু উত্তৰ প্ৰদেশ৷ তাৰ বিপৰীতে মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, কৰ্ণাটক, ৰাজস্থান, মধ্য প্ৰদেশ, কেৰালা, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, মেঘালয় আৰু তেলেংগানাত অৰণ্য বিধি উলংঘনৰ ঘটনা যথেষ্ট কম৷ হিমাচল প্ৰদেশৰ লগতে ঝাৰখণ্ড, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত অৰণ্য বিধি উলংঘনৰ ঘটনাৰ হাৰ হৈছে ৮৫ শতাংশ৷
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ইণ্টাৰনেটত উপলব্ধ বহুকেইটা ৱেবছাইটৰ যোগেদি চোৰাং চিকাৰীৰ অবৈধ কাৰ্যকলাপ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ ৱাইল্ড লাইফ কনজাৰভেশ্বন ছ’চাইটীৰ প্ৰতিবেদন অনুসৰি, ২০২০ বৰ্ষত ভাৰতত বন্যপ্ৰাণী নিধন আৰু চোৰাং চিকাৰৰ ৫২২টা ঘটনা সংঘটিত হৈছে৷ বন্যপ্ৰাণীৰ ওপৰত চলা অপৰাধৰ সংখ্যা হ্ৰাস কৰাৰ বাবে ভাৰত চৰকাৰে ২০১৬ চনৰ এপ্ৰিলত ছাউথ এছিয়া ৱাইল্ড লাইফ এনফ’ৰ্চমেণ্ট নেটৱৰ্কৰ বিধি অনুকৰণৰ সিদ্ধান্ত লৈছিল৷ তথ্য অনুসৰি লকডাউনৰ সময়ত ভাৰতৰ বিভিন্ন ঠাইত চোৰাং চিকাৰৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছিল৷ এই সময়ত অৱশ্যে বহু চোৰাং চিকাৰী আৰক্ষীৰ জালতো পৰিছিল৷ পৃথিৱীৰ জৈৱ-ক্ষমতাৰ ৫৬ শতাংশই অপব্যৱহাৰ কৰিছে মানৱ জাতিয়ে৷ প্ৰাণীজগতৰ লগতে উদ্ভিদ জগতৰো ব্যাপক ক্ষতি হৈছে৷ পৰিৱেশ বিজ্ঞানীৰ মতে, পৃথিৱীৰ মুঠ এক লাখ প্ৰাণী আৰু উদ্ভিদ প্ৰজাতিৰ ত্ৰিছ হাজাৰতকৈও অধিক প্ৰজাতি বৰ্তমান বিলুপ্তিৰ পথত৷ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত শেহতীয়াকৈ বিভিন্ন দেশে ইতিবাচক পদক্ষেপ ল’লেও ভাৰতৰ দৰে দেশ এইক্ষেত্ৰত বহু পিছপৰি আছে৷ জীৱ-বৈচিত্ৰ্যৰে ভৰপূৰ দেশখনে অপৰিকল্পিত উদ্যোগীকৰণ আৰু নগৰীকৰণৰ ফলত লাহে লাহে হেৰুৱাবলগীয়া হৈছে সেউজ বনাঞ্চলৰ লগতে জলভূমি, যিটোৱে পাৰিপাশ্বিৰ্কতাৰ বাবে সংকট নমাই আনিছে৷
১৯৭০ চনৰ পৰা ২০১৬ চনলৈ পৃথিৱীত মেৰুদণ্ডী প্ৰাণীৰ সংখ্যা হ্ৰাস পাইছে ৬৮ শতাংশ৷ ইয়াৰ অৰ্থ হৈছে, বিগত পাঁচ দশকত পৃথিৱীৰ পৰা নোহোৱা হৈছে দুই-তৃতীয়াংশ মেৰুদণ্ডী প্ৰাণী৷ স্তন্যপায়ী প্ৰাণীৰ লগতে সৰীসৃপ, পক্ষী, উভচৰ প্ৰাণী আৰু জলচৰ প্ৰাণীৰ বহু প্ৰজাতি ইতিমধ্যে বিলুপ্ত হৈছে৷ এইবোৰ হৈছে জীৱশ্ৰেষ্ঠ আখ্যা পোৱা মানৱ জাতিৰ অবিবেচক কাণ্ডৰ বাবে৷ বন্যপ্ৰাণীক বিলুপ্তিৰ পৰা ৰক্ষা কৰিবলৈ হ’লে বনাঞ্চলৰো সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব৷  পৃথিৱীখন বাসৰ উপযোগী কৰি ৰাখিবলৈ হ’লে বনাঞ্চল আৰু গছ-গছনি থাকিবই লাগিব৷ সংৰক্ষিত বনাঞ্চলবোৰ বেদখলমুক্ত হ’ব লাগিব৷ এয়া নিশ্চিত কৰাৰ দায়িত্ব চৰকাৰৰ৷ পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিব পাৰিলেহে মানুহৰ লগতে আন জীৱকুল বৰ্তি থকাটো সম্ভৱ হ’ব৷ জীৱকুলক সুৰক্ষা দিবলৈ হ’লে বনাঞ্চলৰ আন্তঃগাঁথনি উন্নত কৰিব লাগিব, তাৰ বাবে চৰকাৰে আৱণ্টন বৃদ্ধি কৰিব লাগিব৷