Logo
image

পুৱা শোৱাৰ পৰা উঠিয়েই এই কেইটা কাম ভুলতো নকৰিব

আমাৰ অসম বিশেষঃ দিনটোৰ আৰম্ভণিতে কোনো বেমেজালিয়ে দেখা দিলে গোটেই দিনটোতে তাৰ নেতিবাচক প্ৰভাৱ পৰে৷ স্বাস্থ্যৰক্ষাৰ কেতবোৰ নিয়ম মানি চলিব পাৰিলে শৰীৰ সুস্থ আৰু সৱল হৈ থাকে৷ এই ক্ষেত্ৰত সময়মতে উঠা, শোৱা, খাদ্য গ্ৰহণ আদিৰ ওপৰত সুস্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰশীল৷ কৰ’না কালত দৈনন্দিনৰ এই ৰুটিন সলনি হোৱাৰ ফলত মানুহ নানা ধৰণৰ ৰোগত আক্ৰান্ত হৈছে৷ দিনটোৰ প্ৰাতঃকালছোৱা সুস্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷ দিনটোৰ কৰ্মসূচী এনেদৰে আৰম্ভ কৰক যে আপোনাৰ মন আৰু শৰীৰৰ ওপৰত ইয়াৰ সু-প্ৰভাৱ পৰে৷ প্ৰাচীন ঋষিমুনিয়ে সুস্বাস্থ্যৰ বাবে সোনকালে উঠা, সময়মতে শোৱা আৰু খোৱা আদিত গুৰুত্ব দিছিল৷ যাৰ বাবে সাধু-মুনিসকলে ৰোগমুক্ত হৈ দীৰ্ঘ জীৱন-যাপন কৰিব পাৰিছিল৷ আজিৰ বিজ্ঞানেও প্ৰাচীন সেই স্বাস্থ্য নীতিক অস্বীকাৰ কৰিব পৰা নাই৷ ‘বডি ক্লক’ নামৰ এটি বিষয় আছে৷  এই ‘বডি ক্লকে’ আমাৰ শৰীৰক পৰিচালনা কৰে৷ শোৱা-উঠা, খোৱা-বোৱা আদি নিয়মমতে নহ’লে এই ‘বডি ক্লকে’ও সঠিকভাৱে কাম নকৰা হয়৷ পুৱা খুব সোনকালে উঠিলে শৰীৰত ভাল প্ৰভাৱ পৰে৷ যিহেতু এই সময়ত ‘কছমিক এনাৰ্জি’ৰ সক্ৰিয়তা বেছি হৈ থাকে৷  পুৱা শুই উঠিয়েই খালী পেটত কেইটামান কাম কৰাটো একেবাৰে অনুচিত৷ 

বিষ উপশমৰ ঔষধঃ ৰাতিপুৱা খালী পেটতে যিকোনো ধৰণৰ বিষ উপশমৰ ঔষধ খোৱাটো উচিত নহয়৷ কেতিয়াবা অত্যন্ত খাবলগীয়া হ’লেও বিস্কুট বা অন্য কোনো লঘু আহাৰ কৰিহে ঔষধ সেৱন কৰা উচিত৷ খালী পেটত বিষৰ ঔষধ খোৱাটো মাৰাত্মক৷

চুয়িংগামঃ খালী পেটত চুয়িংগাম জাতীয় বস্তু কেতিয়াও খাব নালাগে৷ খালী পেটত চুয়িংগাম খালে ডাইজেষ্টটিক এচিদ তৈয়াৰ হয় যাৰ বাবে গেষ্টিকৰ আশংকা অনেকগুণে বাঢ়ি যায়৷ 

খালী পেটত চাহ-কফি নাখাবঃ  শোৱাৰ পৰা উঠিয়েই চাহ-কফিজাতীয় পানীয় কেতিয়াও নাখাব৷ খালী পেটত চাহ-কফি খালে শৰীৰৰ পুষ্টিগুণ নষ্ট হয়৷ পুৱা শুই উঠিয়েই প্ৰথমে এগিলাচ বিশুদ্ধ পানী সেৱন কৰক৷

মদ্যপানঃ খালী পেটত মদ্যপান মাৰাত্মক৷ খালী পেটতে মদ্যপান কৰিলে শৰীৰ নানা ৰোগত আক্ৰান্ত হ’ব পাৰে৷ কিডনী, লিভাৰ, হাৰ্টৰ ৰোগত সহজে আক্ৰান্ত হ’ব পাৰে৷ তদুপৰি এচিডিটি, বদহজমৰ দৰে সমস্যা সৃষ্টি হ’ব৷

ভিটামিন ‘চি’ জাতীয় ফলঃ খালী পেটত ভিটামিন ‘চি’ জাতীয় ফলমূল খোৱাটো বিপজ্জনক৷ এনে ধৰণৰ ফল খালী পেটতে খালে ছাইত্ৰিক এচিডে পেটত গেছৰ সৃষ্টি কৰে৷ 

শৰীৰ চৰ্চাঃ বহুতৰ ধাৰণা যে পুৱা খালী পেটতে ব্যায়াম আদি কৰিলে সুফল পোৱা যায়৷ কিন্তু এই ধাৰণা সম্পূৰ্ণ মিছা৷ ইয়াৰ বিপৰীতে খালী পেটতে ব্যায়াম আদি কৰিলে শৰীৰৰ শক্তি হ্ৰাস পায়৷ খালী পেটৰ পৰিৱৰ্তে লঘু আহাৰ গ্ৰহণ কৰি কিছুসময় বিৰতিৰ লোৱাৰ পাছতহে শৰীৰ চৰ্চা কৰিব লাগে৷