উপকাৰী যদিও আদা বেছিকৈ নাখাব
শীত কালত কাহ-চৰ্দিৰ পৰা উপশম পাবৰ বাবে আদা বা আদা দিয়া চাহ সঘনাই খোৱাটো বহুতৰে অভ্যাস৷ এইদৰে মাত্ৰাধিক আদা খোৱাৰ ফলত শৰীৰ বিভিন্ন ক্ষতি হ’ব পাৰে৷
(১) আদা বেছিকৈ খালে গেছ-এচিডিটিত ভুগিব পাৰে৷ প্ৰতিদিনে পাঁচ গ্ৰামৰ বেছি আদা খাব নালাগে৷ ইয়াতকৈ বেছি পৰিমাণৰ আদা খালে নানাধৰণৰ শাৰীৰিক জটিলতাই দেখা দিব পাৰে৷
(২) আদা বেছিকৈ খালে ডায়েৰিয়াত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ শীতকালত পেটৰ অসুখত ভুগিলে সাধাৰণতেই আদা বেছিকৈ খোৱা হয়৷ ইয়াৰ ফলত ডায়েৰীয়াত আক্ৰান্তজনৰ স্বাস্থ্যৰ অৱনতিহে ঘটে৷
(৩) আদাত আছে জিঞ্জৰল৷ যাৰবাবে অধিক পৰিমাণে আদা খালে পেটত এছিড জমা হ’ব পাৰে৷
(৪) গৰ্ভাৱস্থাত অধিক আদা খোৱাটো বিপদজনক৷ এনে অৱস্থাত আদা বেছিকৈ খালে বমি হ’ব পাৰে৷ কেতিয়াবা আদা বেছিকৈ খোৱাৰ ফলত গৰ্ভপাত পৰ্যন্ত হ’ব পাৰে৷
(৫) আদা বেছিকে খালে এলাৰ্জি বেছিকৈ বাঢ়ে৷ কাণ, চকু, মুখ আদিৰ এলাৰ্জি বঢ়াৰ আশংকা থাকে৷
(৬) আদা বেছিকৈ খালে তেজত শৰ্কৰাৰ পৰিমাণ হ্ৰাস পায়৷
(৭) কোনো ঔষধৰ লগত আদা খাব নালাগে৷ ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ বাবেও আদা বেছিকৈ খোৱাটো ভাল নহয়৷ সেয়েহে মাত্ৰাধিক আদা খোৱাৰ পৰা বিৰত থাকিব লাগে৷