Logo
image

ঋষিতুল্য কবি নীলমণি ফুকন গুৰুতৰভাৱে অসুস্থ

ডিজিটেল ডেস্কঃ জ্ঞানপীঠ বঁটা বিজয়ী ঋষিতুল্য কবি নীলমণি ফুকন গুৰুতৰভাৱে অসুস্থ। মঙ্গলবাৰৰ দুপৰীয়াৰ পৰাই কবিগৰাকীৰ স্বাস্থ্য অতি সংকটজনক হৈ পৰে৷

জানিব পৰা মতে, বাসগৃহতে চলি আছে কবিগৰাকীৰ চিকিৎসা। পৰিয়ালৰ লোকে জনোৱা অনুসৰি, কবিৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ ঘৰতেই আইচিইউত দিব পৰা সকলো ব্যৱস্থা লোৱা হৈছে৷ আনহাতে বিশেষজ্ঞ চিকিৎসকৰো পৰামৰ্শ লৈছে পৰিয়ালে। বিশিষ্ট কবিগৰাকীৰ আশু-আৰোগ্য কামনা কৰিছে গুণমুগ্ধসকলে।