Logo
image

কলিজা আইতা সুস্থ হবলৈ সকলোৱে কৰক প্ৰাৰ্থনা

ডিজিটেল ডেস্ক : কলিজা আইতাক হয়তো আপোনাক চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই৷ Mother old age home বৃদ্ধাশ্ৰমৰ কলিজা আইতা সকলোৰে চিনাকী৷ বুধবাৰে নিশাৰ পৰা অসুস্থতাত ভুগিছে আইতা৷ বাৰ্ধক্যজনিত কাৰণতে অসুস্থতাত কলিজা আইতা ভুগিছে বুলি জনাইছে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই৷

আইতাৰ অসুস্থতাৰ খবৰ দিছে বৃদ্ধাশ্ৰমৰ কৰ্তৃপক্ষই৷ চিকিৎসকৰ পৰামৰ্শ মতেই আইতাৰ চিকিৎসা কৰি থকা হৈছে বুলি জনাইছে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই৷ আইতা সুস্থ হবলৈ এতিয়া আপোনাৰ প্ৰাৰ্থনাৰ লগতে আৰ্শীবাদৰ প্ৰয়োজন৷ সোনকালে আইতা সুস্থ হবলৈ আপুনিও নেদেখাজনৰ ওচৰত কৰক প্ৰাৰ্থনা৷