Logo
image

আঁঠুৰ বিষৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায়

বয়স বঢ়াৰ লগে লগে একাংশ লোক আঁঠুৰ বিষত ভুগে৷ আঁঠুৰ বিষ বেছি হ’লে বহুতে বৰফৰ সহায়ত নিৰাময় লাভ কৰে৷ আঁঠুৰ বিষত বৰফৰ উপৰি গৰম পানীও ব্যৱহাৰ কৰিব পৰা যায়৷ আঁঠু বেছিকৈ বিষালে সহ্য কৰিব পৰা গৰম পানীত আঁঠু ডুবাই ৰাখিলে সকাহ পোৱা যায়৷ এইক্ষেত্ৰত হট ৱাটাৰ বেগো ব্যৱহাৰ কৰিব পাৰে৷ অৱশ্যে কিছুমান খাদ্যও আছে, যিবোৰ খালে আঁঠুৰ বিষ নিৰাময় হয়৷ উল্লেখ কৰা হ’ল তেনে কেতবোৰ খাদ্য–
(১) দুকাপ গাখীৰৰ সৈতে এচামুচ বাদাম, আখৰোটৰ গুড়ি আৰু সামান্য পৰিমাণৰ হালধি মিহলাই উতলাওক৷ মিশ্ৰণখিনি উতলি আধা হ’লে ঠাণ্ডা কৰি লওক৷ একেৰাহে অন্ততঃ দুমাহ বাদাম আৰু আখৰোট মিহলোৱা গাখীৰ খালে আঁঠুৰ বিষৰ পৰা উপশম পাব৷
(২) অলিভ অইলেৰেও আঁঠুৰ বিষৰ পৰা নিৰাময় পাব পৰা যায়৷ ইয়াৰ বাবে ৩-৪ চামুচ অলিভ অইল গৰম কৰি আঁঠুত মালিচ কৰক৷ দিনে অন্ততঃ ১০-১৫ মিনিট সময় এনেদৰে দুই-তিনিবাৰ মালিচ কৰিলে আঁঠুৰ বিষ সহজে আঁতৰ হয়৷
(৩) আদায়ো আঁঠুৰ বিষ উপশম কৰে৷ ইয়াৰ বাবে দৈনিক চাহৰ সৈতে আদা মিহলাই খোৱা কৰক৷