Logo
image

সাংবাদিক কৌস্তভমণি হাজৰিকাৰ মৃত্যুত শোকৰ ছাঁ : মন্ত্ৰী অজন্তা নেওগৰ শোকপ্ৰকাশ

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাটৰ বৌদ্ধিক,সামাজিক, সাংবাদিকতাৰ ক্ষেত্ৰখনৰ এক সম্ভাৱনাময় প্ৰতিভা কবি,লেখক,গল্পকাৰ কৌস্তুমমণি হাজৰিকা আৰু নাই। তেওঁৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে গোলাঘাট। যোৱা কিছুদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ থকা কৌস্তভমণিৰ বুধবাৰে নিশা আকস্মিকভাৱে শাৰিৰীক অৱস্থা জটিল হৈ পৰাত তেওঁক গোলাঘাট নগৰৰ লাইফ লাইন নাৰ্ছিং হোমত ভৰ্তি কৰোৱাৰ পাছত আজি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। কিন্তু গুৱাহাটীৰ চিকিৎসালয় পোৱাৰ পূৰ্বেই চিৰদিনৰ বাবেই চকু মুদিলে কৌস্তুভমণি হাজৰিকাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৪৩ বছৰ৷ কৌস্তুভমণি হাজৰিকাৰ আকস্মিক মৃত্যু সংবাদ পোৱাৰ লগে লগে শোকত ম্ৰিয়মান হৈ পৰে সৰ্বস্তৰৰ ৰাইজ । গোলাঘাট জিলাৰ হাতীয়েখোৱা অঞ্চলত জন্ম গ্ৰহণ কৰা কৌস্তুভমণি হাজৰিকা আছিল প্ৰথিতযশা সাহিত্যিক ড° নগেন শইকীয়াৰ ভাগিনীয়েক। গোলাঘাট প্ৰেছ ক্লাব আৰু গোলাঘাট জিলা  সাংবাদিক সন্থাৰ কাৰ্যালয়লৈ তেওঁৰ শৱদেহ অনাৰ পাছত শোকাকুল পৰিৱেশত অনুষ্ঠিত হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। গোলাঘাট  প্ৰেছ ক্লাবৰ চৌহদত বিয়লি তেওঁৰ প্ৰতি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। জন্মস্থান গোলাঘাটৰ হাতীয়েখোৱাত শোকাকুল পৰিৱেশত তেওঁৰ শেষ কৃত সম্পন্ন কৰা হয়।

কৌস্তভমণি হাজৰিকাৰ মৃত্যুত বিত্তমন্ত্ৰী অজন্তা নেওগে গভীৰ শোকপ্ৰকাশ কৰিছে। তেওঁৰ মৃত্যুত শোকপ্ৰকাশ কৰি বিত্তমন্ত্ৰীয়ে কয় যে অত্যন্ত বিনয়ী আৰু মৃদুভাষী যুৱ সাংবাদিকৰ মৃত্যু গোলাঘাটৰ সংবাদ আৰু সাহিত্যৰ ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি। মন্ত্ৰী নেওগে তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখ্য যে প্ৰয়াত হাজৰিকা আছিল জাগৰণ প্ৰিণ্টাৰ্চৰ স্বতাধিকাৰ তথা  সাপ্তাহিক বাতৰি কাকত 'জননী'ৰ বৰ্তমানৰ সম্পাদক। কেইবাখনো দৈনিক কাকতৰ সংবাদদাতাৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত হাজৰিকা এগৰাকী সক্ৰিয় সাহিত্যকৰ্মীও আছিল। অনুবাদ সাহিত্য, উপন্যাস, কবিতা পুঁথি আদিৰে তেঁও অসমীয়া সাহিত্যৰ জগতখনলৈও উল্লেখযোগ্য বৰঙণি আগবঢ়ায় গৈছে।