নাগৰিকৰ নিৰাপত্তা আৰু প্ৰশাসন
নৱনিযুক্ত কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে– ‘আপোনালোকে পিতৃ-মাতৃক সেৱা কৰিব লাগিব৷’ পুত্ৰ-কন্যাই পিতৃ-মাতৃক সেৱা কৰাটো এটা আন্তৰিক শ্ৰদ্ধা-ভক্তি প্ৰদৰ্শনৰ মাধ্যম আৰু প্ৰতিজন সন্তানে পিতৃ-মাতৃক সেৱা কৰাটো পৱিত্ৰ ধৰ্ম, অপৰিহাৰ্য কৰ্তব্য৷ সেই কথাটো পাঠশালা স্কুলৰ শিশুসকলক শিকোৱাৰ দায়িত্ব ঘৰত পৰিয়ালৰ জ্যেষ্ঠসকলে আৰু স্কুলত শিক্ষক-শিক্ষয়িত্ৰীসকলে বুজায় বা কয়৷ সেইটো সৰ্বজন জ্ঞাত৷ দেশৰ নাগৰিক ৰাজ্য চৰকাৰৰ চাকৰিয়ালসকলক মুখ্যমন্ত্ৰীয়ে তেনে নিৰ্দেশ দিয়াটোৱে বুজায় যে পূৰ্ণ জীৱনপ্ৰাপ্ত ৰাজ্যখনৰ কৰ্মচাৰীসকলৰ পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধা-ভক্তি নাই, সেৱাৰ জ্ঞান ৰোহিত৷ সেয়ে চাকৰিত নিযুক্তি পোৱা মাত্ৰকে তেওঁলোকক মুখ্যমন্ত্ৰীৰ কব্জাত ৰাখি পিতৃ-মাতৃক সেৱা কৰাটো যেন বাধ্যতামূলক দায়িত্বৰ ৰূপত দাঙি ধৰিব খুজিছে আৰু লগতে নিজৰ পিতৃ-মাতৃৰ প্ৰতি থকা গূঢ় ভক্তিৰ ছবি এখনো দাঙি ধৰাৰ প্ৰয়াস কৰিছে৷ কিন্তু ১৮ বছৰৰ পাছত ২০-৩০ বছৰ বয়সপ্ৰাপ্ত লোকসকলক তেওঁলোকৰ পাৰিবাৰিক তথা ব্যক্তিগত জীৱনৰ লগত সম্পৰ্কিত বিষয়কো কাজেই ৰাজনৈতিক বা প্ৰশাসনিক পৰিকাঠামোলৈ টানি-আঁজুৰি আনি কাৰোবাক সকলো সময়ৰ বাস্তৱতাৰ পৰা আঁতৰাই ৰাখিব পৰাটো যে সম্ভৱ নহয়৷ কেৱল সন্তুষ্টিকৰণৰ নিৰ্বাচনকেন্দ্ৰিক প্ৰমূল্যবোধহীন ৰাজনীতিৰে জনগণক বাস্তৱ ক্ষেত্ৰত সন্তুষ্ট কৰিব পৰাটো সম্ভৱ নহয়৷ এনেকুৱা কথাবোৰে হাস্যৰসৰহে খোৰাক হ’ব পাৰে, ৰাজ্যৰ বাস্তৱ সমস্যাৰ পৰা, জনগণৰ দুখ-দুৰ্দশাৰ পৰিণতিৰ পৰা ভুক্তভোগী সমাজক আঁতৰাই ৰাখিব নোৱাৰে৷ মাঘ বিহুৰ উৰুকাৰ দিনা এজন আৰক্ষী আয়ুক্তৰ সকীয়নি– ‘ঘৰ এৰি নাযাব ৰাইজ, চোৰে খালী কৰি দিব৷’ আৰক্ষীৰ সংখ্যা কম বুলি সদৰী কৰি আৰক্ষী আয়ুক্তজনে লগতে মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনী নাথাকিব বুলিও সতৰ্ক কৰি দিছে৷ পিছদিনাখন মুখ্যমন্ত্ৰীয়ে ক’লে– দুটা দুটা তলা লগাই ঘৰলৈ যাব বিহু খাবলৈ৷ একো ভয় নাই৷ নাগৰিকৰ ধন-সম্পত্তিৰ নিৰাপত্তা দিয়াটো আৰক্ষীৰ দায়িত্ব৷ উৰুকাৰ দিনা গুৱাহাটী মহানগৰীত ঘটি গ’ল চোৰ-ডকাইতৰ তাণ্ডৱ৷ মুখ্যমন্ত্ৰীৰ তলতীয়া বিভাগ গৃহ বিভাগে নোৱাৰিলে কাকো নিৰাপত্তা দিবলৈ৷
আৰক্ষী আয়ুক্ত, বিষয়াসকলৰ দায়িত্বৰ পৰিসৰ ৰাজনৈতিক পৰিকাঠামোৰ ভিতৰুৱা নহয়৷ সম্প্ৰতি ৰাইজে লক্ষ্য কৰিছে যে প্ৰশাসনীয় বিষয়া এচামকে ধৰি আন জিলা পৰ্যায়ৰ বিষয়ায়ো ৰাজনৈতিক নেতাৰ দৰে দূৰদৰ্শন আদিত বক্তব্য, মন্তব্য দিয়াতে ব্যস্ত থাকে৷ মন্ত্ৰীৰ পাছে পাছে গাড়ী লৈ দৌৰি ফুৰে৷ মন্ত্ৰীৰ সভা-সমিতিত বহি সময় কটায়৷ উৎসৱ-পাৰ্বণলৈ যায় মন্ত্ৰীৰ লগতে৷ কাৰ্যালয়ত বহাৰ সময় নাথাকে৷ তলতীয়াসকলে বিষয়াৰ চহীৰ বাবে ফাইল বুকুত বান্ধি ৰৈ থাকিব লাগে৷ প্ৰশাসনত শৃংখলা, দক্ষতা বৃদ্ধি নহয় বুলি অভিযোগ অফিচে অফিচে৷ উচ্ছপদস্থ আৰক্ষী বিষয়াসকলে মন্ত্ৰীৰ পাছে পাছে ঘূৰি ফুৰিব লগা হ’লে আইন-শৃংখলা ৰক্ষাৰ বাবে চিন্তা-চৰ্চা কৰিব কোনে? মন্ত্ৰীৰ লগত নিজা নিৰাপত্তাৰক্ষী, নিৰাপত্তাৰক্ষী বাহিনী নিযুক্ত থাকে৷ তেওঁলোকৰ দায়িত্ব নিৰাপত্তা দিয়া৷ মন্ত্ৰীৰ লগত দায়িত্ব পালনৰ বাবে নিযুক্ত নোহোৱাসকলে মন্ত্ৰীৰ পাছে পাছে গাড়ী দৌৰাব লগা হয় কিয়? গাড়ী-মটৰৰ পেট্ৰ’ল, বিষয়াৰ যাতায়াত খৰচ আদি কেনেকৈ মিলোৱা হয়? সেইবোৰৰ খৰচ ৰাজকোষৰ পৰাই হয় নি(য়৷ আন এটা আভুৱা-ভাঁৰা ব্যৱস্থা– পবিতৰা অভয়াৰণ্যত ভোগালী বিহুৰ ভোগত অবাঞ্ছিত ব্যৱহাৰ কৰা, বিধি-ব্যৱস্থাক মোহাৰি অভব্য আচৰণ কৰা উচ্ছপদস্থ প্ৰশাসনীয় বিষয়াসকলৰ বিৰুদ্ধে সংশ্লিষ্ট জিলাৰ উপায়ুক্তজনক তদন্তৰ বাবে দায়িত্ব দিয়াৰ খবৰটো৷ অভিযুক্ত বিষয়াকেইজনৰ ভিতৰত আছে স্বয়ং বন বিভাগৰ আযুক্ত সচিবজন, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আদি৷ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকজনে তদন্ত ঘোষণা কৰিছে [?] আৰু ‘তদন্তৰ দায়িত্ব মৰিগাঁও জিলাৰ উপায়ুক্তৰ ওপৰত অৰ্পণ কৰা হৈছে’ বুলি ব্যক্ত কৰিছে৷ বন বিভাগৰ শীৰ্ষতম প্ৰশাসনীয় বিষয়াজনৰ লগতে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াকে ধৰি উচ্ছতম পৰ্যায়ৰ বিষয়াসকলৰ কাৰ্যকলাপৰ তদন্তৰ বাবে মুখ্য বন সংৰক্ষকজনে মৰিগাঁৱৰ উপায়ুক্তৰ ওপৰত দায়িত্ব অৰ্পণৰ কথাটো ৰহস্যজনকেই নহয়, প্ৰশ্নবোধকো৷ মুখ্য সচিব তথা কৰ্মচাৰী বিভাগৰ সচিবে জাননীৰে সেই তদন্তৰ নিৰ্দেশৰ কথাটো কোৱাহেঁতেন তদন্তৰ কিবা হয়তো অৰ্থ থাকে৷ কিন্তু তলতীয়া বিষয়া এজনে তলৰ পৰ্যায়ৰ বিষয়াক তদন্তৰ দায়িত্ব অৰ্পণৰ বিষয়টোৰ ভিত্তি বিচাৰি পোৱা টান৷ গতিকে এনেবোৰ তদন্তৰ ফল হ’ব ‘অশ্বত্থমা হত, কিন্তু ইতি গজ৷’ অভিযুক্তসকল নিৰ্দোষী বুলি ঘোষিত হ’ব আৰু তেওঁলোকৰ পদোন্নতি হোৱাৰ সম্ভাৱনাই বেছি বুলি সচেতন ব্যক্তিৰ ধাৰণা৷ এইবোৰ প্ৰশাসনৰ ভিতৰে-বাহিৰে চলি থকা চিৰন্তন ব্যৱস্থা বা পদ্ধতি৷ কিন্তু বকুলজান শিবিৰৰ ওচৰৰ আমোলাকেইজনে জীপচী ৰখাই হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বিৰুদ্ধে কেইজনমান কৰ্মচাৰীয়ে প্ৰতিবাদ কৰাৰ সাহস কৰাটো প্ৰশংসনীয়৷ চৰকাৰে তেওঁলোকক যাতে ওলোটাই নিৰ্যাতন নকৰে আৰু পাৰিলে প্ৰশংসা-পত্ৰহে একোখন দিয়ে, সেইটোৱেই হয়তো হ’ব পাৰে ৰাইজৰ বাবে সান্ত্ৱনাৰ নিদৰ্শন৷






