Logo
image

স্বাস্থ্য, ভূমি সংৰক্ষণ, জলসম্পদত ৮২৮ নিযুক্তি

আমাৰ অসম, ২০ জানুৱাৰী:  ১ লাখ যুৱক-যুৱতীক নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত আৰু এখোজ আগুৱাই ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে নতুনকৈ ৮২৮ গৰাকী চাকৰি প্ৰাৰ্থীক আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে৷  গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৃহস্পতিবাৰে দুপৰীয়া আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী ঊৰ্খাও গৌৰা ব্ৰহ্মই চাৰিটা বিভাগৰ অধীনৰ পদত এই নিযুক্তি পত্ৰ বিতৰণ কৰে৷ ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, চিকিৎসা শিক্ষা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং আৰু এনএইচএম অসমৰ অভিযান সঞ্চালক ডাঃ ছম এছ লক্ষ্মী প্ৰিয়ায়ো অংশ গ্ৰহণ কৰা এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৫৭৫টা চিকিৎসক আৰু খাদ্য সুৰক্ষা বিষয়াৰ পদ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ ২৩৬টা চিকিৎসকৰ পদ, ভূমি সংৰক্ষণ বিভাগৰ ১৩টা সহকাৰী ভূমি সংৰক্ষণ বিষয়াৰ পদ আৰু জলসম্পদ বিভাগৰ ৪টা শাখা সহায়কৰ পদত নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে অৰ্পণ কৰা দায়িত্ব নিৰ্বহনেৰে আজিৰ নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা স্বাস্থ্যমন্ত্ৰী মহন্তই নৱ-নিযুক্ত প্ৰাৰ্থীসকলক মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ হৈ অভিনন্দন আৰু শুভেচ্ছা জনায়৷ চাৰিটা বিভাগত নতুনকৈ ৮২৮টা পদত নিযুক্তি পত্ৰ বিতৰণৰ লগে লগে মুখ্যমন্ত্ৰীৰ দ্বাৰা ঘোষিত এক লাখ পদত নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে মুঠ ৪০, ৫০২গৰাকী যুৱক-যুৱতীয়ে অসম চৰকাৰৰ অধীনত চাকৰিত নিযুক্তি লাভ কৰিলে লগতে বিভিন্ন বিভাগৰ মুঠ ৩৯,৬৭৪টা পদত বাছনি লাভ কৰা যোগ্য প্ৰাৰ্থীলৈ ইতিমধ্যে অসম চৰকাৰে নিযুক্তি প্ৰদান কৰিছে৷ বুলিও মন্ত্ৰী মহন্তই কয়৷ নৱনিযুক্ত চিকিৎসকসকলক কৰ্মক্ষেত্ৰত যোগদানৰ প্ৰথমটো দিনৰ পৰাই ৰোগী আৰু আত্মীয়সকলৰ প্ৰতি অত্যন্ত সহানুভূতিশীল হৈ সেৱা আগবঢ়োৱাত মনোনিবেশ কৰিবলৈ বিভাগীয় মন্ত্ৰী মহন্তই আহ্ৱান জনায়৷ একেদৰে, নৱনিযুক্ত খাদ্য সুৰক্ষা বিষয়াসকলকো ৰাজ্যবাসীয়ে যাত ভেঁজাল খাদ্য-ঔষধ ক্ৰয় কৰিব লগা নহয়, সেয়া সুনিশ্চিত কৰাত আন্তৰিকতাৰে আত্মনিয়োগ কৰিব লাগিব বুলি মন্ত্ৰী মহন্তই সোঁৱৰাই দিয়ে৷ এইক্ষেত্ৰত খাদ্য সুৰক্ষা বিষয়াসকলৰ পক্ষত বিভাগৰ ফালৰ পৰা সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ নিশ্চয়তা প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷ ‘কৰ্মক্ষেত্ৰত যোগদান কৰিয়েই অসমৰ জনসাধাৰণক ভেঁজাল, অপকাৰী খাদ্য সামগ্ৰী ক্ৰয় তথা খোৱাৰ পৰা সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে কোনো অসাধু ব্যৱসায়ী বা পক্ষৰ সৈতেই ভেঁজাল খাদ্য-ঔষধৰ বিৰুদ্ধে অভিযানত নামিবলৈ আহ্ৱান জনায়৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ বিচক্ষণতা আৰু ভৱিষ্যদৰ্শী চিন্তা-কাৰ্যপৰিকল্পনাৰ বাবে অসমৰ স্বাস্থ্য তথা চিকিৎসা সেৱা খণ্ডৰ দ্ৰুত উন্নয়ন ঘটাৰ লগতে শেহতীয়াকৈ অভাৱনীয় হাৰত আমূল পৰিবৰ্তন হোৱাটো ইতিমধ্যে সকলোৱে প্ৰত্যক্ষ কৰিবলৈ পাইছে বুলিও মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত দাবী কৰে৷ অনুষ্ঠানত ভূমি সংৰক্ষণ মন্ত্ৰী ব্ৰহ্ম আৰু মুখ্য সচিব বৰঠাকুৰেও নৱনিযুক্ত প্ৰাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে ৰাইজৰ সেৱাত আন্তৰিকতাৰে মনোনিৱেশ কৰি ৰাজ্য প্ৰশাসনক জনসাধাৰণৰ আৰু অধিক কাষ চপাই নিবলৈ আহ্ৱান জনায়৷ অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ ধ্ৰুৱজ্যোতি বৰা, ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা বিভাগৰ সচিব ধ্ৰুৱজ্যোতি দাস, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ নীলমাধৱ দাসকে ধৰি স্বাস্থ্য, চিকিৎসা শিক্ষা-গৱেষণা, জলসম্পদ আৰু ভূমি সংৰক্ষণ বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গ, কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে নিযুক্তি প্ৰাপ্তসকলৰ অভিভাৱকো উপস্থিত থাকে৷