এই খাদ্যই হাৰ্ট এটেকৰ আশংকা হ্ৰাস কৰে
‘হাৰ্ট এটেক’ যিকোনো মানুহৰ বাবে বিপজ্জনক৷ সেয়ে এনে বিপদৰ পৰা সতৰ্ক হোৱা উচিত৷ হাৰ্ট এটেকৰ দৰে গুৰুতৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ স্বাস্থ্য বিশেষজ্ঞসকলে চুজি খাবলৈ পৰামৰ্শ দিয়ে৷ চুজিত কাৰ্ব’হাইড্ৰেট, ফাইবাৰ, প্ৰ’টিন, ভিটামিন ‘এ’, ৰিবোফ্ল’বিন বি২, ফলিট বি৯, মেগনেছিয়াম, ফছফৰাছ, কেলচিয়াম, আইৰণ, পটাছিয়াম, ছ’ডিয়াম, জিংক আদি থাকে৷ এইবোৰ উপাদানে শৰীৰ সুস্থ ৰখাত সহায় কৰে৷ তদুপৰি চুজিত কোলেষ্টেৰল নাথাকে৷ ফলত ই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে৷ চুজি খালে আন কেইবাটাও উপকাৰ পোৱা যায়৷ উল্লেখ কৰা হ’ল চুজি খালে পাব পৰা উপকাৰিতা–
১৷ হৃদযন্ত্ৰৰ বাবে চুজি অতি উপকাৰী৷ গৱেষণাত পোৱা মতে চুজিয়ে হাৰ্ট এটেকৰ আশংকা হ্ৰাস কৰে৷
২৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে চুজিত প্ৰচুৰ পৰিমাণে কাৰ্ব’হাইড্ৰেট থাকে৷ সেয়ে চুজি খালে শৰীৰত সকলো সময়তে শক্তি থাকে৷
৩৷ চুজিয়ে আইৰণৰ অভাৱ আঁতৰ কৰে৷ যিসকলৰ ৰক্তহীনতাৰ সমস্যা আছে তেওঁলোকে চুজি খালে উপকৃত হ’ব৷
৪৷ চুজিয়ে পেটৰ চৰ্বি কমায়৷ চুজিত থকা ফাইবাৰে খাদ্য লাহে লাহে হজম হোৱাত সহায় কৰে৷ ফলত সঘনাই ভোক নালাগে৷