ক’ত আছে ডাউদ ইব্ৰাহিমৰ পৰিয়াল!
আমাৰ অসম, ২০ জানুৱাৰী: ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ অপৰাধী তথা অন্ধকাৰ জগতৰ ডন ডাউদ ইব্ৰাহিমে যোৱা বছৰ পাকিস্তানৰ এগৰাকী পাঠান মহিলাক বিয়া কৰায়৷ এয়া তেওঁৰ দ্বিতীয় বিবাহ৷ বিগত ৩০ বছৰে ভাৰতৰ ভয়ত বিদেশত লুকাই থকা ডাউদ ইব্ৰাহিমে ৯০ দশকত মুম্বাইত ধাৰাবাহিক বোমা বিস্ফোৰণ ঘটাইছিল৷ তদুপৰি হত্যা, অপহৰণ, ধনদাবী, অবৈধ অস্ত্ৰ-শস্ত্ৰ, ড্ৰাগ্ ব্যৱসায় আৰু ভূমি লেনদেন আদি কৰি অহা ডাউদ ইব্ৰাহিমৰ বৰ্তমান বয়স ৬৭ বছৰ৷ এই বয়সতো তেওঁ দ্বিতীয় বিয়া কৰায়৷ পাকিস্তানে তেওঁক আশ্ৰয় দি অহাৰ লগতে এতিয়া জোঁৱাই কৰি লয়৷ ডাউদৰ পিতৃ ইব্ৰাহিম কাছকাৰ আছিল মহাৰাষ্ট্ৰ আৰক্ষীৰ কনিষ্টবল৷ ইব্ৰাহিম কাছকাৰৰ সাতটা ল’ৰা আৰু চাৰিজনী ছোৱালী আছিল৷ কিন্তু আটাইতকৈ সৰু হুমায়ুন কাছকাৰৰ ছবছৰ পূৰ্বে পাকিস্তানত মৃত্যু হয় কেন্সাৰত৷ ডাউদৰ দুজন ভাতৃক হত্যা কৰা হৈছিল৷ ডাঙৰ ভাতৃক ১৯৮১ চনত মুম্বাইত পাঠান গেঙে হত্যা কৰাৰ পাছতে ডাউদ ইব্ৰাহিমে ডন হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ কিন্তু ভাৰতৰ পৰা পলায়ন কৰি পাকিস্তানত থকাৰ পাছত তেওঁৰ আন এজন ভাতৃ নূৰা কাছকাৰক চৰ্দাৰ ৰহমান গেঙে ২০০৯ চনত অপহৰণ কৰি নি হত্যা কৰে৷ ডাউদৰ মৃত তিনিজন ভাতৃৰ বাহিৰে বাকী তিনিজন ভাতৃ আনিছ ইব্ৰাহিম, ইকবাল কাছকাৰ, মুস্তকিম আলী কাছকাৰে ক্ৰমে ডুবাই, মুম্বাই আৰু কৰাচীত বাস কৰে৷ ডাউদৰ চাৰি ভগ্নীৰ দুগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে৷ ডাউদৰ দুই কন্যা আৰু এটা সন্তানৰো ইতিমধ্যে বিয়া হৈ গৈছে৷