Logo
image

উচ্ছতম ন্যায়ালয়ত প্ৰত্যাহ্বান

আমাৰ অসম, ২০ জানুৱাৰী: অৱশেষত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টোক উচ্ছতম ন্যায়ালয়ত প্ৰত্যাহ্ৱান জনালে বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁই আৰু সাংসদ অজিত কুমাৰ ভূঞাই৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে দেশৰ উচ্ছতম ন্যায়ালয়ত দাখিল কৰে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন৷ ইতিমধ্যে পঞ্জীয়নভুক্ত  হৈছে উক্ত আবেদন৷ বুধবাৰে নিশা এই কথা সদৰি কৰে সাংসদ অজিত কুমাৰ ভূঞাই৷ উল্লেখ্য, দেশৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত জাননী জাৰি কৰাৰ পাছতে হাহাকাৰ লাগে ৰাজ্যত৷ উল্লেখ্য, ২৭ ডিচেম্বৰত নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননী জাৰি কৰাৰ পিচতেই ৰাজ্যৰ ৰাজনৈতিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, যি প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ তাৎপৰ্যপূৰ্ণ বিষয় যে ড॰ হীৰেন গোঁহাই আৰু সাংসদ অজিত কুমাৰ ভূঞাই উচ্ছতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনত স্পষ্টভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননীক প্ৰত্যাহ্ৱান জনাই কয়– দেশৰ প্ৰচলিত আইন উলংঘা কৰি এই জাননী জাৰি কৰা হৈছে৷ গতিকে স্বাভাৱিকতে উচ্ছতম ন্যায়ালয়ত পঞ্জীয়নভুক্ত হোৱা এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনে যে আহি থকা সময়ত ৰাজ্যৰ ৰাজনীতিত আন এক প্ৰভাৱ পেলাব সেয়া নিশ্চিত৷ মন কৰিবলগীয়া যে, শাসক দল বিজেপি, চৰকাৰৰ মিত্ৰদল অগপ, ইউ পি পি এল, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক আদৰণি জনোৱাৰ বিপৰীতে এ আই ইউ ডি এফ, কংগ্ৰেছ, আমছুকে আদি কৰি আন কেতবোৰ দল-সংগঠনে ইয়াৰ বিৰোধ কৰি আহিছে৷ বিজেপিয়ে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ ৰাজনৈতিক মুনাফা অৰ্জনৰ বাবেই অতি কৌশলগতভাৱে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰা বুলি বিভিন্ন দল-সংগঠনে অভিযোগ তুলিছে৷ বিৰোধীৰ স্পষ্ট অভিযোগ– ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত আৰম্ভ কৰা এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াৰ আঁৰত লুকাই আছে ৰাজনৈতিক ষড়যন্ত্ৰ৷ আনহাতে, মুখ্যমন্ত্ৰীকে ধৰি শাসক পক্ষৰ নেতাসকলে দাবী কৰি আহিছে যে অসমত খিলঞ্জীয়াৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থতেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷  সমস্ত বিষয়টো এতিয়া আইনী মেৰপেচৰ মাজত সোমাই পৰাত সৃষ্টি হৈছে এক ধুঁৱলী-কুঁৱলী পৰিবেশৰ৷

লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ধৰ্মঘট

নিৰ্বাচন আয়োগে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ যাৰ ফলত ডিব্ৰুগড় জিলাত এটা বিধানসভা সমষ্টি হ্ৰাস পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ ডিব্ৰুগড় জিলাৰ ১১৭ নং লাহোৱাল বিধানসভা সমষ্টিটো বিলুপ্ত হোৱাটো নিশ্চিত হৈছে৷ আজি লাহোৱাল বিধানসভা সমষ্টি বিলুপ্তিকৰণ বিৰোধী মঞ্চৰ উদ্যোগত তথা ৰাইজৰ সহযোগত লাহোৱাল ৰে’ল গেটৰ সমীপত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সদৌ অসম নিবনুৱা পৰিষদৰ সম্পাদক নৱজ্যোতি নেওগ, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিদু্যৎ সাগৰ দত্ত, টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সহঃ সম্পাদক ভৱেশ গগৈ, চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হেমন্ত কুজুৰ, বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদিকা অন্নপূৰ্ণা নাথ, অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ উপ-সভাপতি বিপিন মেচ, লাহোৱাল সমষ্টি সমিতিৰ সভাপতি খগেন গগৈ আৰু সম্পাদক কিৰণ বৰা, আট্‌ছাৰ লাহোৱাল শাখাৰ সভাপতি অজয় দাস, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন উপ-সভাপতি দুলাল চক্ৰৱৰ্তীকে ধৰি শতাধিক ৰাইজে অংশগ্ৰহণ কৰে৷ অৱস্থান ধৰ্মঘটৰ অন্তত এক প্ৰতিবাদী সভাত জ্যেষ্ঠ সাংবাদিক কনৌজ শইকীয়া আৰু চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলাৰ সমিতিৰ সভাপতি দয়ানন্দ শ্বাহে বক্তব্য আগবঢ়ায়৷