Logo
image

ৰাহুলো কঁপিছে ঠাণ্ডাত : অৱশেষত বগা টি-চাৰ্টৰ ওপৰত পিন্ধিলে ক'লা জেকেট

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ ঠাণ্ডা নালাগে নেকি? প্ৰচণ্ড ঠাণ্ডাৰ সময়তো কেনেকৈ কেৱল মাত্ৰ হাফ টি-চাৰ্ট পৰিধান কৰিয়েই পদযাত্ৰা কৰিছে ৰাহুল গান্ধীয়ে৷ 'ভাৰত জোড়ো যাত্ৰা'ৰ চৰ্চাতকৈ ৰাহুলৰ ঠাণ্ডা নালাগে নেকি এই বিষয়টোৱেহে অধিক চৰ্চা লাভ কৰা দেখা গৈছে৷ তেওঁৰ কিয় ঠাণ্ডা নালাগে এনেধৰণৰ প্ৰশ্নৰো প্ৰায়ে সন্মুখীন হৈ আহিছে কংগ্ৰেছ নেতাজন৷

শেহতীয়াকৈ 'ভাৰত জোড়ো যাত্ৰা'ত কেৱল হাফ টি-চাৰ্ট পৰিধান কৰি পদযাত্ৰা কৰা ৰাহুল গান্ধীক এইবাৰ জেকেট পৰিধান কৰা দেখা গ'ল৷ জম্মুত পদযাত্ৰাৰ সময়ত বগা টি-চাৰ্টৰ ওপৰত জেকেট পৰিধান কৰিলে কংগ্ৰেছ নেতাজনে৷ উল্লেখ্য যে জম্মুৰ বহু কেইটা অঞ্চলত পুৱাৰে পৰা অব্যাহত আছে বৰষুণ৷ যাৰ বাবে প্ৰথমে ৰাহুল গান্ধীয়ে জেকেট পৰিধান কৰে যদিও পৰৱৰ্তী সময়ত তেওঁ জেকেট খুলি বগা টি-চাৰ্ট পিন্ধিয়েই পদযাত্ৰা অব্যাহত ৰাখে৷ 

১২৫ দিনীয়া 'ভাৰত জোড়ো যাত্ৰা'ত ৩,৪০০ কিলোমিটাৰ খোজ কাঢ়িছে ৰাহুলে৷ এই সময়ছোৱাত ৰাহুল গান্ধীয়ে কেৱল টি-চাৰ্ট পিন্ধি পদযাত্ৰা অব্যাহত ৰাখিছে৷ তেওঁৰ ঠাণ্ডা নালাগে নেকি এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে যদি তেওঁৰ ঠাণ্ডা লাগে, তেওঁ গৰম কাপোৰ পিন্ধিব, যিটো এতিয়ালৈকে হোৱা নাই। উল্লেখ্য যে ৫২ বছৰীয়া কংগ্ৰেছ নেতাজনে ২৫ জানুৱাৰীত জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ বানিহালত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ সাজু হৈছে আৰু দুদিন পিছত অৰ্থাৎ ২৭ জানুৱাৰীত অনন্তনাগ হৈ শ্ৰীনগৰত 'ভাৰত জোড়ো যাত্ৰা' প্ৰৱেশ সম্ভাৱনা আছে।