Logo
image

টীম ইণ্ডিয়াত প্ৰৱেশৰ বাবে ৰিয়ানৰ সন্মুখত অপাৰ সুযোগ

বিশাল ব্ৰহ্মপুত্ৰক লৈ অসম’ৰ পৰিচিতি৷ এশিঙীয়া গড়ৰ বিচৰণভূমি আৰু বিশ্বখ্যাত চাহৰ বাবেও চিৰপৰিচিত অসম এতিয়া ক্ৰিকেটৰ জৰিয়তেও প্ৰখ্যাত৷ সংগীতৰ জগতলৈ অসমৰ অশেষ অৱদান আছে, বহু তাৰকাৰ জন্ম দিছে অসমে৷ সংগীত, ছবি জগত, ক্ৰীড়া বিশেষকৈ অলিম্পিকৰ তাৰকাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰৰ জন্ম দিয়া অসমে এতিয়ালৈকে এজনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেটাৰৰ জন্ম দিয়া নাই৷ এতিয়ালৈকে আমি কিয় এজনো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ জন্ম দিয়া নাই সেই প্ৰশ্নৰ উত্তৰ বিচৰাৰ পূৰ্বে অসমে নিকট ভৱিষ্যতে অথবা ২০২১ চনত এজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ জন্ম দিব পাৰিবনে নোৱাৰে সেই দিশে দৃষ্টিপাত কৰিব পাৰো৷ এইক্ষেত্ৰত মোৰ উত্তৰ ইতিবাচক৷ অৱশেষত অসমে ২০২১ চনত প্ৰথমজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ লাভ কৰিব বুলি আমি ভাবিব পাৰো৷ 

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰিকেট খেলাৰ সুযোগ লাভ কৰাৰ বাবে মূলতঃ দুটা অৰ্হতাৰ প্ৰয়োজন– প্ৰচুৰ ৰান আৰু অলেখ উইকেট, যি এজন নৱাগতক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ মঞ্চত উপবিষ্ট কৰিব পাৰে৷ আজিৰ ক্ৰিকেট দুনিয়াত এই দুই অৰ্হতাৰ উপৰি প্ৰয়োজন হয় সামান্য যশ বা খ্যাতিৰো৷ অসমৰ উদীয়মান ক্ৰিকেটাৰ এজনে ইতিমধ্যে এই তৃতীয় অৰ্হতাটো সংগ্ৰহ কৰিছে৷ এতিয়া তেওঁক সেই স্থানলৈ আগবঢ়াই নিয়াৰ বাবে প্ৰয়োজন আগন্তুক ঘৰুৱা ছিজনত প্ৰচুৰ ৰান৷ 

ৰিয়ান পৰাগ সাম্প্ৰতিক সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ ক্ৰিকেটাৰ হিচাপে বহু চৰ্চিত নাম৷ মাথোঁ ১৮ বছৰ বয়সতে তেওঁ আই পি এলত কৰা প্ৰদৰ্শনৰ জৰিতে বিখ্যাত হৈ পৰিছে, জনপ্ৰিয়তা অৰ্জন কৰিছে পিটচতে বিজয় উল্লাস প্ৰদৰ্শন কৰা এপাক বিহু নৃত্যৰে৷ ১৮ বছৰীয়া ৰিয়ানে সৰ্বোচ্ছ পৰ্যায়ৰ ক্ৰিকেটত প্ৰতিষ্ঠিত হোৱাৰ বাবে এজন ক্ৰিকেটাৰৰ অতি প্ৰয়োজনীয় সম্পদ তেওঁৰ সৈতে থকাতো প্ৰমাণ কৰিছে–সেয়া হৈছে টেম্পেৰামেণ্ট অথবা মানসিকতা৷ আজিৰ দিনটোত তেওঁক দেশৰ ভিতৰতে অন্যতম প্ৰতিভাশালী উদীয়মান ক্ৰিকেটাৰ হিচাপে বিবেচনা কৰা হয়৷ অসমৰ বাবে তেওঁ ‘ছুপাৰ বয়’, যি অচিৰেই ‘ছুপাৰ মেন’লৈ নিজকে পৰিৱৰ্তিত কৰিব পাৰিব লাগিব৷ সেইটোৱেই হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত হোৱাৰ মূল চৰ্ত, আৰু বিশ্বাস কৰক, এয়া অতিশয় কঠিন৷ কিন্তু ৰিয়ানৰ ‘ছুপাৰ বয়’ৰ পৰা ‘ছুপাৰ মেন’ হোৱাৰ ক্ষমতা থকা যেন লাগে৷ ৰিয়ানে কিন্তু এতিয়াই এই বয়সতে তেওঁৰ কেৰিয়াৰত প্ৰচুৰ ৰান স্ক’ৰ কৰিব লাগিব৷ অন্যথা কিছু বছৰৰ পিছলৈ জাতীয় দলৰ নিৰ্বাচকে তেওঁক প্ৰতিভাবান উদীয়মান ক্ৰিকেটাৰ হিচাপে বিবেচনা কৰি নাথাকিব৷ কিয়নো আমি সকলোৱে দেশৰ ক্ৰিকেটত থকা চৰম প্ৰতিদ্বন্দ্বিতাৰ বিষয়ে ভালদৰেই অৱগত৷  আমাৰ শ্ব’ৰ মাজে মাজে মই দেশৰ বহু তাৰকা ক্ৰিকেটাৰৰ সৈতে কথা বতৰা পতাৰ সুযোগ পাঁও৷ ইয়াৰে এজন হৈছে সৌৰভ গাংগুলী, যাক এদিন মই সুধিছিলো–তোমালোকে যেতিয়া এজন ক্ৰিকেটাৰক দললৈ নিৰ্বাচন কৰা তেতিয়া তেওঁৰ খেলত থকা কি বিশেষত্বত গুৰুত্ব আৰোপ কৰা? সৌৰভ গাংগুলীয়ে কৈছিল–সমীপ, এই পৰ্যায়ত তুমি এনে এজন ক্ৰিকেটাৰক নিৰ্বাচন কৰি আনিব লাগিব, যি ভীতিহীনভাৱে খেলিব পাৰে৷ সৌৰভৰ বক্তব্য যদি মই হিন্দীত কওঁ তেন্তে–ইছ লেভেল পৰ তাৰী খেলনেৱালা প্লেয়াৰ হোনা চাহিয়ে ... কোই ভি আ জায়ে সামনে কোই ফৰক নেহী পৰতা৷ ‘তাৰীৱালা’ ক্ৰিকেটাৰৰ দাদাতকৈ ভাল আৰু কোন আছে ! ভাৰতীয় ক্ৰিকেট দলৰ সাম্প্ৰতিক অধিনায়ক বিৰাট কোহলি আৰু এসময়ৰ ইয়ংষ্টাৰ আৰু এতিয়া দলত স্থান লোৱা কে এল ৰাহুল, মায়ংক আগৰৱালা, শুভমন গিল, আৰু পৃথ্বি শ্ব’৷

প্ৰাক্তন নিৰ্বাচক আৰু ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক মদন লালক সোধক, তেওঁ কয়–মই সদায়েই বেটৰ গতিলৈ লক্ষ্য কৰো৷ কাৰণ ইয়েই নিৰ্ণয় কৰি দিব পাৰে ক্ৰিকেটাৰজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফল হ’বনে নহয়৷ কিয়নো বিশ্বখ্যাত বলাৰৰ সন্মুখত শ্বট নিৰ্বাচন কৰিবলৈ বেছি সময় পোৱা নাযায়৷ মদন লাল যুৱৰাজৰ বেটৰ গতিত খুবেই সন্তুষ্ট আছিল৷ যুবিয়ে ঘৰুৱা ক্ৰিকেটত সিমান বেছি স্ক’ৰ নকৰা স্বত্বেও মদন লালৰ চকুত পৰিছিল আৰু ২০০০ চনৰ চেম্পিয়নছ ট্ৰফীৰ বাবে জাতীয় দললৈ নিৰ্বাচিত কৰিছিল৷ তাৰ পাছৰখিনি ইতিহাস৷ ‘মই তেওঁক এটা বা দুটা ডেলিভাৰীত শ্বট লোৱা দেখিয়েই নিৰ্বাচন কৰিছিলো৷ মই লগে লগে বুজিছিলো, এই ল’ৰাটো আনতকৈ পৃথক’ –মদন লালে এনেদৰে কৈছিল৷

পুনৰ ৰিয়ান পৰাগৰ প্ৰসংগলৈ উভতি আহো৷ তেওঁ অতি পেছাদাৰীভাৱে উঠি আহিছে৷ তেওঁৰ বেটিঙত গভীৰ ভিত্তি আছে আৰু এক্সপ’জাৰো পাইছে৷ এই কলম লিখাৰ পূৰ্বে মোৰ মুখ্য নিৰ্বাচকৰ সৈতে কথা হৈছিল আৰু তেওঁ কৈছিল যে, তেওঁলোকে ৰিয়ানৰ প্ৰদৰ্শন মুস্তাক আলী ট্ৰফীত অতি সুক্ষ্মভাৱে লক্ষ্য কৰিব৷ মুখ্য নিৰ্বাচকৰ মতে এতিয়া ৰিয়ানেই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাময় ক্ৰিকেটাৰ হিচাপে একমাত্ৰ নাম৷ এনেক্ষেত্ৰত অসম দলৰ প্ৰশিক্ষক অজয় ৰাট্ৰাৰ এই সম্ভাৱনাপূৰ্ণ ক্ৰিকেটাৰজনক সঠিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুদায়িত্ব আছে৷ ৰাজ্যৰ ক্ৰিকেটৰ উপৰি ৰিয়ানৰ সঠিক পথ প্ৰদৰ্শনো তেওঁৰ অন্যতম মূল দায়িত্ব৷ সেয়ে মুস্তাক আলী ক্ৰিকেট ৰিয়ানৰ সন্মুখত সূবৰ্ণ সুযোগৰ দৰে, য’ৰ পাছত তেওঁ মাৰ্চত পুনৰ আই পি এল খেলিবলৈ পাব৷ 

ৰিয়ানে অলপতে জাতীয় দলত প্ৰৱেশ কৰা শুভমন গিললৈকো চকু দিব লাগে, যাৰ দুবছৰত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৬৯.১১ গড়ে ৭টা শতৰান আছে, যি তেওঁক আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱাৰ পথ সুগম কৰিলে৷ আনহাতে, পৃথ্বি শ্ব’ৰ ২০১৭ চনৰ মাথোঁ এটা ছিজনত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৫১ গড়ে ৯টা শতৰান আছে৷ সেয়ে জাতীয় দলত প্ৰৱেশ কৰিবলৈ হ’লে ৰিয়ানে কি কৰা উচিত সেয়া তেওঁ ভালদৰেই বুজিব বুলি আশা কৰিব পাৰি৷ সম্প্ৰতি ভাৰতীয় ক্ৰিকেট দলত ৰূপান্তৰৰ এটা সময় আহি পৰিছে, য’ত এটা ছিজনৰ ভাল প্ৰদৰ্শনে ৰিয়ানৰ ক্ৰিকেট-ভাগ্যৰ অভাৱনীয় পৰিৱৰ্তন ঘটাব পাৰে৷ আটাই কেইবিধ ক্ৰিকেটতে এতিয়া অলেখ প্ৰতিদ্বন্দ্বী, যি স্থায়ীভাৱে দলত স্থান নিগাজি কৰিব পৰা নাই৷ এয়া ৯০ দশকৰ দৰে নহয়, য’ত মূল একাদশত প্ৰৱেশ কৰাতো অতি কঠিন৷ ৰূপান্তৰৰ এই প্ৰক্ৰিয়াৰ সুযোগ ৰিয়ানৰ বাবে সদায় নাথাকে৷ ৰিয়ানৰ প্ৰতিভা আছে, যাক ৰানলৈ পৰিৱৰ্তন কৰা আৱশ্যক৷ মুস্তাক আলী ট্ৰফীত সেয়ে তেওঁ ফিনিশ্বাৰৰ ৰূপত দলক বিজয়ী কৰিবই লাগিব৷ মেচ বিজয়ী প্ৰদৰ্শনে সদায় নিৰ্বাচকক প্ৰত্যয়ী কৰি তোলে৷

[‘আজটক’ আৰু ‘ইণ্ডিয়া টিভি’ত দীৰ্ঘদিনে ক্ৰীড়া সম্পাদকৰ দায়িত্বত থকা সমীপ ৰাজগুৰু সম্প্ৰতি বিশেষ ধাৰাভাষ্যকাৰ হিচাপে ‘ষ্টাৰ স্প’ৰ্টছ’ৰ সৈতে জড়িত৷]

সমীপ ৰাজগুৰু