Logo
image

শিৱসাগৰত ভেকচিন লোৱাৰ পাছতেই শিশুৰ মৃত্যুক লৈ উত্তেজনাঃ ভুক্তভোগী পৰিয়ালৰ সদৰ থানাত এজাহাৰ

ডিজিটেল সংবাদ,শিৱসাগৰঃ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ থানামুখৰ এটা অংগনবাড়ী কেন্দ্ৰত ভেকচিন লোৱাৰ পাছতে এটি দেৱ শিশুৰ অস্বাভাৱিক মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শিৱসাগৰৰ সদৰ আৰক্ষী থানাৰ সমীপৰ থানামুখত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা৷ ভেকচিন গ্ৰহণৰ পিছতেই কৰুণ মৃত্যু হোৱা দেৱ শিশুটিৰ পিতৃ-মাতৃ হৈছে ফুকন নগৰ হৰিজন কলনিৰ নিৱাসী অবিনাশ হৰিজন আৰু অনিতা হৰিজন ৷

শিশুটিৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি আশা কৰ্মী, নাৰ্ছৰ ভুলৰ বাবে মৃত্যু হ'ল ডেৰমহীয়া কন্যা শিশুটিৰ। যোৱা বছৰৰ নৱেম্বৰ মাহত জন্ম লাভ কৰা শিশুটি সম্পূৰ্ণ সুস্থ তথা স্বাভাৱিক আছিল। ভেকচিন গ্ৰহণৰ পূৰ্বে সাধাৰণ ছৰ্দিত আক্ৰান্ত শিশুটিৰ স্বাস্থ্যৰ বিষয়ে আশা কৰ্মী আৰু ভেকচিন কেন্দ্ৰৰ নাৰ্ছক জনোৱাৰ পাছতো শিশুটিক ভেকচিন দিয়া হৈছিল৷

পিতৃৰ অভিযোগ অনুসৰি যোৱা বুধবাৰে শিশুটিক দিয়া হৈছিল ৩ টাকৈ Pentavalent আৰু পলিঅ' ভেকচিন। সেইদিনা কেন্দ্ৰটোত অসুস্থ শিশুটিক কোনো পৰীক্ষা নকৰাকৈ এই ভেকচিন প্ৰদানৰ পাছতেই স্বাস্থ্যৰ অৱনতি ঘটা শিশুটিৰ বৃহস্পতিবাৰে পুৱা মৃত্যু হয়৷ ইফালে শিশুটিৰ মৃত্যুৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ক্ষুদ্ধ ৰাইজ আৰু পৰিয়ালবৰ্গই এই সন্দৰ্ভত আশা কৰ্মীক জবাবদিহি কৰাত আশাকৰ্মীয়ে অদ্ভুত যুক্তি দাঙি ধৰে ৷ নিশা ১১ আৰু ১২ বজাত দুগ্ধপান কৰা শিশুটিক পাছত মাকে কি কৰিলে আৰু কেনেকৈ মৰিলে আমি কেনেকৈ জানো বুলি মন্তব্য আশা কৰ্মীৰ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত শিৱসাগৰ সদৰ থানাত দুৰ্ভগীয়া পৰিয়ালটোৱে এজাহাৰ দাখিল কৰিছে৷