Logo
image

গোৱালপাৰাত নিশা আৰক্ষী-ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলি

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত টিপলাই কাহিবাৰী পথত বৃহস্পতিবাৰে নিশা সংঘটিত হয় গুলীয়াগুলিৰ ঘটনা। আৰক্ষী আৰু ডকাইতৰ মাজত সংঘটিত হয় সংঘৰ্ষৰ। নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই গুলীয়াগুলিৰ ঘটনা।

নিশা এ এছ-২২ এফ ৫৫৯৪ নম্বৰৰ বলেৰ' গাড়ীৰে নগৰবেৰাৰ পৰা গৰুচটকা টিপলাই হৈ আহি আছিল ডকাইতৰ দলটো। গোৱালপাৰা আৰক্ষীৰ হাতত আছিল এই খবৰ। গোৱালপাৰা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাৰ নেতৃত্বত চলিছিল অভিযান। অভিযানত সহযোগ কৰে শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ দাসে। ডকাইতৰ দলটোৱে কাহিবাৰী বজাৰৰ ওচৰত আৰক্ষীৰে মুখামুখি হোৱাত প্ৰথমাৱস্থাত ডকাইতৰ দলটোৱে বলেৰ' গাড়ীৰ পৰা আৰক্ষীলৈ গুলী চালনা কৰি পলায়নৰ চেষ্টা কৰে। ইয়াৰ প্ৰত্যুত্তৰ দিয়ে আৰক্ষীয়ে। আৰক্ষীৰ ফালৰ পৰা প্ৰায় ১৫ জাই গুলী চলোৱা হয়। দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলিত আৰক্ষীৰ কোনো লোক আহত হোৱা। 

আৰক্ষীৰ গুলীত বলেৰ'খন একপ্ৰকাৰ থকা সৰকা হয় যদিও গাড়ীখনৰ পৰা দুৰ্ধৰ্ষ ডকাইত আব্দুল বাৰেক আৰু ৰাজিবুল ইছলামসহ চাৰিজনে আন্ধাৰৰ সুযোগত পলায়ন কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীয়ে বলেৰ' গাড়ীখনৰ পৰা তিনিটা ৭.৬৫ এমএমৰ খালি কাৰ্টিজ, এখন খুকুৰী উদ্ধাৰ কৰিছে। উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাই ব্যক্ত কৰা মতে ডকাইতৰ ১০ জনীয়া দলটোৱে বিগত ৩ মাহত বিভিন্ন স্থানত ৬ টাকৈ ডকাইতি কাণ্ড সংঘটিত কৰিছে আৰু আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি দলটোক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। 

আৰক্ষী বিষয়াই জনোৱা মতে, ১০ জনীয়া ডকাইতৰ দলটোৰ কৃষ্ণাইৰ ছানিদুল ইছলাম আৰু মাটিয়াৰ বাহাৰুল ইছলাম ওৰফে মাগোক গ্ৰেপ্তাৰ কৰে। দলটোৰ মুঠ ছয় সদস্যক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইপিনে যোৱা নিশাৰ ঘটনাত ডকাইতৰ দলটোক নেতৃত্ব দিয়া আব্দুল বাৰেক আৰু ৰাজিবুল ইছলামক চিনাক্ত কৰিছে যদিও বাকী দুজনক চিনাক্ত কৰিব পৰা নাই। উল্লেখ্য যে ডকাইতৰ দলটোৱে বিগত তিনি মাহত গোৱালপাৰাৰ আগিয়াত দুটা, দুধনৈ ৰাষ্ট্ৰীয় পথত দুটা, কৃষ্ণা আৰু মেঘালয় ৰেচুত এটাকৈ ডকাইতি কাণ্ড সংঘটিত কৰিছে৷ বৰ্তমানেও আৰক্ষীৰ অভিযান অব্যাহত আছে। সমগ্ৰ ঘটনাই অঞ্চলটোত আতংকৰ লগতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।