Logo
image

১২৭ কোটি টকাৰ সম্পত্তি কৰ সংগ্ৰহ জিএমচিৰ : ৩১ জানুৱাৰীৰ ভিতৰত মহানগৰবাসীয়ে ৩০ % ৰেহাইত পৰিশোধ কৰক কৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী পৌৰ নিগমে ২০২২-২৩ বিত্তীয় বর্ষ সামৰণি পৰিবলৈ প্ৰায় আঢ়ৈ মাহ বাকী থকাৰ সময়ত সম্পত্তিৰ কৰ ১২৭ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ উজানবজাৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে মেয়ৰ মৃগেন শৰণীয়াই। তেওঁ লগতে কয় যে এতিয়ালৈ আমি ৮৪ কৌটি সম্পত্তি কৰৰ লগতে বকেয়া সম্পত্তিৰ কৰ ৪৩ কৌটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়াও ১৫০ কৌটিতকৈ অধিক বকেয়া সম্পত্তিৰ কৰ নিগম কৰ্তৃপক্ষই আদায় কৰিবলৈ বাকী আছে। গুৱাহাটীৰ একাংশ লোকে ৪০ লাখ, ১৮, ১৬ লাখ পৰ্যন্ত সম্পত্তিৰ বকেয়া কৰ দিবলৈ বাকী আছে। তেওঁলোকক অনাদায় কৰ সমূহ আদায় দিবলৈ আমি আহ্বান জনালোঁ।

লগতে তেওঁ কয় যে তদুপৰি এপিডিচি এলৰ কনজিউমাৰ নম্বৰ জিএমচি হল্ডিং নম্বৰৰ সৈতে সংলগ্ন নকৰিলে আমি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। তদুপৰি বৃহস্পতিবাৰে আছাম ইলেকট্ৰিচিটি কমিচনে পৌৰ নিগৰম এলেকাৰ যিসকলে নতুনকৈ বিদুৎ সংযোগ কৰিব সেইসকল উপভোক্তাই নিগমৰ হল্ডিং নম্বৰ, আধাৰ কাৰ্ড,ভোটাৰ কাৰ্ড দিয়াটো বাধ্যতামূলক। পুৰণি বিদুৎ সংযোগ থকা উপভোক্তাসকলে হল্ডিং নম্বৰ আপলোড কৰাৰ বাবে জাৰি কৰা নিৰ্দেশনাৰ বাবে আমি কমিছনাৰক ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়ালৈকে ১,৬৫,০০০ উপভোক্তাই হল্ডিং নম্বৰ বিদ্যুৎ বিলেৰে সংলগ্ন কৰিছে। এতিয়াও ১ লাখতকৈ অধিক হল্ডিং নম্বৰ বিদ্যুৎ বিলেৰে সংলগ্ন হ'বলৈ বাকী আছে। গুৱাহাটীবাসীয়ে অনাদায় হৈ থকা সম্পত্তিৰ কৰ ৩১ জানুৱাৰীৰ ভিতৰত ৩০ শতাংশ ৰেহাইত পৰিশোধ কৰিব পাৰিব। 

আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে গুৱাহাটীত মটৰ চালিত ই-ৰিক্সাৰ  বিৰুদ্ধে নিগমৰ অভিযান অব্যাহত থাকিব।সেইদৰে গুৱাহাটীৰ ১৪৩ টা নলা পৰিষ্কাৰ কৰা কামত আমি ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। তদুপৰি ভৰলু, মৰা ভৰলু, লিখিমী জান আদি পৰিস্কাৰৰ কাম, সুৰক্ষা দেৱাল মেৰামতিৰ কাম আৰম্ভ কৰাৰ লগতে বেদখল মুক্ত কৰা হ'ব। সংবাদ মেলত নিগমৰ আয়ুক্ত মেঘনিধি দাহালে কয়, "জি-২০ৰ অংশ স্বৰূপে আমি গুৱাহাটীখন পৰিষ্কাৰ কৰাত অধিক গুৰুত্ব দিছোঁ। পুৰণি বেনাৰ, পোস্তাৰ আঁতৰাবলৈ আমি নিৰ্দেশ দিছোঁ। সেইদৰে বিল্ডিং নিৰ্মাণ কৰাসকলক বৰ্ধিত প্ৰদূষণৰ প্রতিলক্ষ্য ৰাখি চৌদিশ ঢাকি দিবলৈ আহ্বান জনালোঁ।''

উল্লেখ‍্য, বিগত বৰ্ষৰ ১৬ ডিচেম্বৰত এপিডিচিএলৰ এখন আবেদনৰ শুনানি গ্ৰহণ কৰি অসম বিদ্যুৎ নিয়ামক আয়োগে এপিডিচিএলৰ কনজিউমাৰ নম্বৰ জিএমচি হল্ডিং নম্বৰৰ সৈতে সংলগ্ন কৰাৰ প্ৰস্তাৱ নাকচ কৰিছিল। ইয়াৰ পাছত একেখন আয়োগে ৰাজ্য চৰকাৰৰ এটা নিৰ্দেশনাৰ দোহাই দি পুনৰ বিপৰীত স্থিতি গ্ৰহণ কৰি এপিডিচিএলৰ কনজিউমাৰ নম্বৰ জিএমচিৰ হল্ডিং নম্বৰৰ সৈতে সংলগ্ন কৰিব লাগিব বুলি নিৰ্দেশ দিয়াক লৈ সাধাৰণ জনগণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।