Logo
image

৩১ জানুৱাৰী শেষ সময়সীমা : পহিলা ফেব্ৰুৱাৰীৰ পৰা চলিব 'অপাৰেচন কুৰুক্ষেত্ৰ'

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৩১ জানুৱাৰীৰ ভিতৰত পৰিশোধ কৰক যান-বাহনৰ যাবতীয় কৰ ৷  কৰ পৰিশোধ নকৰাকৈ ৰাজপথত বাহন চলোৱা গৰাকীৰ বিৰুদ্ধে অসম চৰকাৰৰ পৰিবহণ বিভাগে পহিলা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব 'অপাৰেচন কুৰুক্ষেত্ৰ' শীৰ্ষক এক বিশেষ অভিযান। অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলি ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়ত বাহাল ৰাখিবলৈ মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশনাৰ ভিত্তিত পৰিবহণ বিভাগে প্ৰায় নিয়মীয়াকৈ ৰাজহুৱা ঘোষণা, সজাগতা অনুষ্ঠান আদিৰ জৰিয়তে সৰ্বস্তৰৰ ৰাইজৰ মাজত জনসচেতনতা সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ 

এনে ক্ষেত্ৰতো বহু যান-বাহনৰ গৰাকীয়ে আজিও নথিপত্ৰ নৱীকৰণ নকৰাৰ লগতে যাৱতীয় কৰ-কাটল আদায় নিদিয়াকৈ সম্পূৰ্ণ অন্যায়ভাৱে যানবাহন চলাই সুৰক্ষিত যাতায়ত ব্যৱস্থাত ব্যাঘাত জন্মোৱা কার্য দৃষ্টিগোচৰ হৈছে পৰিবহণ বিভাগৰ। এই সন্দৰ্ভত ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে পহিলা ফেব্ৰুৱাৰীৰ পৰা পৰিবহণ বিভাগে তীব্ৰতৰ কৰি তুলিব 'অভিযান কুৰুক্ষেত্ৰ' অভিযান। 

এই সন্দৰ্ভত বিভাগৰ এক উচ্চস্তৰীয় দল সাজু কৰি ৰাজপথত 'অভিযান কুৰুক্ষেত্ৰ' আৰম্ভ কৰিব। যান-বাহনৰ কৰ-কাটল সময়মতে আদায় দি নথি-পত্ৰসমূহ নৱীকৰণ কৰি নাৰাখিলে বাহনখন কেতিয়াও বৈধ বুলিব নোৱাৰি৷ উল্লেখযোগ্য যে যান-বাহনৰ নথি-পত্ৰসমূহ বৈধ কৰি ৰখা বাহনৰগৰাকীৰ প্ৰতি সন্মান জনাই ৰাজপথৰ ন্যায়-অন্যায়ৰ যুঁজত অন্যায়ভাৱে চলি থকা যান-বাহন ধৰা পৰিলেই বৃহৎ পৰিমাণৰ জৰিমনা ভৰাৰ উপৰি গাড়ীখন জব্দ আৰু প্ৰয়োজন সাপেক্ষে অনুজ্ঞাপত্ৰ বাতিল হ’ব পাৰে বুলিও সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে সদৰি কৰিছে  ৷