Logo
image

কইনা অধ্যাপিকা : নতুন জীৱনৰ পাতনি মেলিলে কণ্ঠশিল্পী ৰূপম ভূঞাই

ডিজিটেল ডেস্ক : নতুন যুগ্ম জীৱনৰ পাতনি মেলিলে কণ্ঠশিল্পী ৰূপম ভূঞাই৷ অদিতি দাসৰ সৈতে বিবাশ পাশত আৱদ্ধ হ'ল কণ্ঠশিল্পীগৰাকী৷ 

দুবছৰ পূৰ্বে প্ৰথমা পত্নীৰ বিয়োগৰ পিছত পুনৰ বিবাহ পাশত আৱদ্ধ হোৱা শিল্পীগৰাকীক শুভেচ্ছা জনাইছে শুভাকাংক্ষীসকলে৷ উল্লেখ্য যে সন্তান প্ৰসৱৰ পিছত ভূঞাৰ প্ৰথমা পত্নী মানশ্ৰী বৰুৱাৰ মৃত্যু হয়৷ পত্নীৰ মৃত্যুত শোকত ভাগি পৰিছিল কণ্ঠশিল্পীগৰাকী৷

বৰ্তমান নলবাৰী কলেজৰ অধ্যাপিকা হিচাপে কৰ্মৰত অদিতি দাসৰ সৈতে নতুন জীৱনৰ আৰম্ভণি কৰিলে ৰূপম ভূঞাই৷ কণ্ঠশিল্পীগৰাকীক যুগ্ম জীৱনৰ অলেখ শুভকামনা জনাইছপ শুভাকাংক্ষীসকলে৷