Logo
image

গুৱাহাটীত জ্বলিল ‘পাঠান’

আমাৰ অসম, ২১ জানুৱাৰী: গুৱাহাটী মহানগৰীতো জ্বলিল শ্বাহৰুখ কানৰ বহু চৰ্চিত পাঠান৷ নাৰেংগীস্থিত এল জি টাৱাৰৰ ডিজিটেল চিনেমা গৃহৰ সন্মুখত শ্বাহৰুখ খান আৰু দীপিকা পাদুকন অভিনীত চিনেমা ‘পাঠান’ৰ পোষ্টাৰ  কৰি দাহ শুকুৰবাৰে সন্ধিয়া বজৰংদলৰ নাৰেংগী সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বজৰংদলৰ সদস্যসকলে সন্ধিয়া নাৰেংগীস্থিত এল জি টাৱাৰ ডিজিটেল চিনেমা গৃহৰ সন্মুখত সমবেত হৈ পাঠান চিনেমাখনৰ প্ৰদৰ্শনী বন্ধ কৰিবলৈ দাবী জনায়৷ বজৰং দলৰ নেতা-কৰ্মীসকলে ‘পাঠান’ চিনেমা চলিবলৈ দিয়া নহ’ব, হিন্দুৰ সভ্য-সংস্কৃতিক অপমান কৰিবলৈ দিয়া নহ’ব, বলীউডৰ চিনেমা জগতক মুছলমান সন্ত্ৰাসবাদীৰ হাতত এৰি দিয়া নহ’ব জয় শ্ৰীৰাম আদি শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে৷ বজৰং দলৰ কৰ্মীসকলে এল জি টাৱাৰ ডিজিটেল চিনেমা গৃহৰ সন্মুখত আৰি থোৱা পাঠান চিনেমাৰ পোষ্টাৰ চিঙি জুই লগাই দিয়ে৷ বজৰং দলৰ কৰ্মীসকলে আকস্মিকভাৱে পাঠানৰ পোষ্টাৰ জ্বলাই প্ৰতিবাদ কৰাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ সন্ত্ৰাসবাদী শ্বাহৰুখ খানৰ কথা ছবি পাঠান কোনোপধ্যে চলিবলৈ দিয়া নহয় বুলি বজৰং দলৰ নাৰেংগী শাখাৰ নেতা প্ৰদীপ কলিতাই হুংকাৰ দি কয়–হিন্দু সভ্যতা সংস্কৃতিক অপমান কৰাটো সহ্য কৰা নহ’ব৷ সন্ত্ৰাসবাদী শ্বাহৰুখ খান আৰু আমিৰ খানে ভাৰতীয় চিনেমা জগত খনক ইছলামীস্থান কৰিব বিচাৰিছে৷ সন্ত্ৰাসবাদী ডাউদ ইব্ৰাহীমে মুছলমান সন্ত্ৰাসবাদীৰ ধনেৰে মুম্বাইৰ ছবি জগতখনক ইছলামিকস্থান কৰিব বিচাৰিছে৷ কাশ্মীৰৰ পৰা কন্যা কুমাৰীলৈকে হিন্দু ধৰ্মৰ সভ্য সংস্কৃতিক সন্মান জনাই মুছলমান সকলে ভাৰতত বাস কৰিব লাগিব৷ উল্লেখ্য যে  শ্বাহৰুখ খানৰ পাঠান ছবিখন অহা ২৫ জানুৱাৰীত ছবিঘৰত মুক্তি লাভ কৰিব৷ ইয়াৰ পূৰ্বে ছবিখনৰ পোষ্টাৰ নাৰেংগীস্থিত এল জি টাৱাৰৰ ডিজিটেল ছবি গৃহৰ সন্মুখত আৰি থৈছিল৷ ইপিনে, জনপ্ৰিয় গায়ক জুবিন গাৰ্গে শ্বাহৰুখ খানৰ ছবি পাঠানৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷  জুবিন গাৰ্গৰ মন্তব্য শ্বাহৰুখ খানৰ নতুন ছবি আহিছে, সবেই চাব, হললৈ আহিব, তাৰ লগতে ডাঙৰ কথা এটা আছে, পাঠানৰ পিছত মোৰ ডাক্তৰ বেজবৰুৱা আহি আছে, পাঠানো চাব ডাক্তৰ বেজবৰুৱাও চাব, থেংক ইউ, লাউ ইউ, ফ’ৰ জুবিন গাৰ্গ৷ উল্লেখ্য, যে পাঠান ছবিত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাদুকনৰ পোছাক, ছবিখনৰ গান আৰু নামক লৈ বিজেপিৰ একাংশ নেতা মন্ত্ৰীয়ে মুকলি আপত্তি আৰু অসন্তোষ ৰাজহুৱা কৰাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইক্ষেত্ৰত গ্ৰহণ কৰিছে এক কঠোৰ স্থিতি৷ নতুন দিল্লীত যোৱা ১৬ আৰু ১৭ জানুৱাৰীত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত দলৰ কোনো মন্ত্ৰী বা চলচ্ছিত্ৰৰ নাম উল্লেখ নকৰাকৈয়ে দলৰ লোকসকলক কোনো চলচ্ছিত্ৰৰ ক্ষেত্ৰত অনাৱশ্যক মতামত দিয়াৰ পৰা আঁতৰি থাকিবলৈ আহ্ৱান জনায়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজৰ ভাষাণত কৈছিল–কিছুমান লোক কিছুমান ছবিক লৈ অনাৱশ্যক মন্তব্য কৰি আছে৷ সমগ্ৰ বিশ্ববাসীয়ে মন্তব্যসমূহ দেখা পায়৷ সেয়ে এনে অনাৱশ্য মন্তব্যৰ পৰা সকলোৱে মন্তব্য দিয়াৰ পৰা আঁতৰি থাকিব লাগে৷ প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষাণত কোনো চলচ্ছিত্ৰৰ নাম উল্লেখ নকৰিলেও সম্প্ৰতি বিজেপিৰ একাংশ নেতা-মন্ত্ৰী ৰোষত পৰা পাঠান ছবিকে যে তেওঁ ইংগিত দিছে সেয়া স্পষ্ট৷ মুক্তি পূৰ্বৰে পৰাই পাঠান ছবিক কেন্দ্ৰ কৰি ভাৰতত তীব্ৰ বিতৰ্ক সৃষ্টি হোৱাৰ সময়তে বিদেশত ছবিখনে গঢ়িছে অভিলেখ৷ চাৰি বছৰ পাছত ‘বিগ স্ক্ৰীন’ত উভতি অহা শ্বাহৰুখ খানৰ পাঠানে জাৰ্মানীত আগতীয়া টিকট বুকিঙৰ ক্ষেত্ৰত ইতিমধ্যে ১.৩২ কোট টকাৰ ব্যৱসায় কৰিছে৷ মোদীৰ আহ্ৱান পাছত হিন্দুবাদী দল-সংগঠনসমূহে অব্যাহত ৰাখিছে নিজৰ পাঠান বিৰোধী অভিযান৷