Logo
image

সুৰা নাখাব, সুৰা খাওক

আমাৰ অসম, ২১ জানুৱাৰী: সাঁজ, ৰহি আদি জনজাতীয় সুৰা মুকলিকৈ খাওক৷ –এই পৰামৰ্শ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ শুকুৰবাৰে মৰিগাঁৱৰ ঐতিহাসিক জোনবিল মেলাত ভাগ লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আৰু কয়– আজি মই ‘ডাইৰেক্ট’ অনুমতি দি দিছো সাঁজ, ৰহি এইবোৰ ঘৰত ৰাখক৷ পিতৃ পুৰুষৰ বস্তু সকলোৱে অকনমান অকনমান খাব লাগে৷ নহ’লে আমি ব্ৰেণ্ডি- হুইস্কী খাই দিম৷ ব্ৰেণ্ডি-হুইস্কী খাই দিলে আমাৰ পুৰণা বস্তুটো হেৰাই যাব৷ হুইস্কী, ৰম যদি মুকলিকৈ খাব পাৰি সাঁজ, ৰহি মুকলিকৈ কিয় খাব নোৱাৰি? মই ‘ডিচি’কো কৈ দিছোঁ৷ এইবোৰ পৰম্পৰাগত খাদ্য৷ জোনবিল মেলাত কোনোবাই যদি সাঁজ, ৰহি খায় লুকাই খাব নালাগে৷ মুকলিকৈ খাব লাগে৷ তাত কি আপত্তি আছে? মোৰ ককাদেউতাই সাঁজ খাইছিল, মোৰ আজোককাই সাঁজ খাইছিল৷ কোনো বস্তুৱে আমি এৰি দিব নালাগে৷ পৰম্পৰাগত খাদ্য লুকাই চুৰকৈ খোৱাৰ প্ৰয়োজন নাই৷ অৱশ্যে বেছিকৈ খাব নালাগে৷ বেছিকৈ খালে ‘লিভাৰ’ বেয়া হ’ব৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে সাঁজপানী, ৰহি খাবলৈ পৰামৰ্শ দিয়াৰ সময়ত ৰাজ্যৰ দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে শীতত সুৰাপান নকৰিবলৈ পৰামৰ্শ দিছে৷