হঠাৎ ৰক্তচাপ কমিলে এইকেইটা কাম কৰক
আজিকালি প্ৰায়ভাগৰে মুখত ৰক্তচাপৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ ৰক্তচাপৰ সমস্যা থাকিলে অৱহেলা নকৰিব৷ ৰক্তচাপ হঠাৎ কমিলে মূৰ ঘূৰোৱা, ক্লান্তি ভাৱ, সংজ্ঞা হেৰুওৱা, বুকু ধৰফৰ কৰা, চকুৰে ধোঁৱাকোৱা দেখা আৰু শ্বাস-প্ৰশ্বাস লোৱাত সমস্যা হয়৷ তদুপৰি হঠাতে ৰক্তচাপ কমিলে মস্তিষ্ক, কিড্নী আৰু হৃদযন্ত্ৰত স্বাভাৱিক ৰক্তপ্ৰৱাহ ব্যাহত হয়৷ এনেকুৱা হ’লে মানৱ দেহত অস্বাভাৱিকতাই দেখা দিয়ে৷ সেয়ে ৰক্তচাপ কমিলে লগে লগে এই কেইটা কাম কৰক–
⬛ ৰক্তচাপ পৰীক্ষা কৰক৷
⬛ কেইটামান কিছমিছ পানীত তিয়াই লওঁক৷ সেই পানী লগে লগে খাওক৷
⬛ এগিলাচ পানীত আধাচামুচ নিমখ মিহলাই পানীখিনি পান কৰক৷
⬛ গাজৰৰ ৰসৰ সৈতে সামান্য পৰিমাণৰ মৌ মিহলাই লওঁক৷ পুৱা খালী পেটত সেই মিশ্ৰণ খোৱা কৰক৷
⬛ অৱস্থা বেছি গুৰুতৰ হ’লে একাপ পানীৰ সৈতে এচামুচ যষ্টিমধু মিহলাই লওঁক৷ সেই পানী খালেও নিম্ন ৰক্তচাপৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷
⬛ কেফেইনযুক্ত পানীয়ই ৰক্তচাপ বঢ়ায়৷ হঠাৎ ৰক্তচাপ কমিলে এনে পানীয় খাব পাৰে৷
⬛ কফি খালেও ৰক্তচাপ বাঢ়ে৷ হঠাতে ৰক্তচাপ কমিলে কফি খোৱা কৰিব পাৰে৷ অৱশ্যে কফিৰ সৈতে গাখীৰ আৰু চেনি মিহলি নকৰিব৷