Logo
image

প্ৰধানমন্ত্ৰী মোদীৰ সভাত বন্দুক লৈ প্ৰৱেশৰ চেষ্টা : গ্ৰেপ্তাৰ হ'ল বিজেপি কৰ্মী

ডিজিটেল ডেস্ক : মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত বন্দুক লৈ প্ৰৱেশৰ চেষ্টা চলাই এজন যুৱকে৷ মোদীৰ সভাত বন্দুকসহ প্ৰৱেশৰ চেষ্টা চলাওতেই গেটতে নিৰাপত্তাৰক্ষীয়ে আটক কৰে যুৱকজনক৷ আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি বন্দুক লৈ সভাত প্ৰৱেশৰ চেষ্টা চলোৱা যুৱকজন বিজেপি কৰ্মী৷ প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিবলৈ তেওঁ অনুজ্ঞাপ্ৰাপ্ত বন্দুক লৈ আহিছিল বুলি জনাইছে আৰক্ষীয়ে। 

আনহাতে বন্দুক কঢ়িয়াই অনা যুৱকজনে মোদীৰ বিৰুদ্ধে কোনো ষড়যন্ত্ৰৰ লিংক পোৱা নাই যদিও আৰক্ষীয়ে অধিক অনুসন্ধান অব্যাহত ৰাখিছে। পাছত বন্দুকৰ অনুজ্ঞাপত্ৰৰ পৰীক্ষা কৰাৰ লগতে আইনী ব্যৱস্থা প্ৰহণ কৰি যুৱকজনক মুকলি কৰি দিয়ে আৰক্ষীয়ে৷