Logo
image

'ভাৰত জোড়ো যাত্ৰা'ক লৈ হাই এলাৰ্টৰ মাজতে জম্মুত বিস্ফোৰণ : ৬ জন আহত

ডিজিটেল ডেস্ক : ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা' জম্মুত প্ৰৱেশ কৰিছে৷ ইয়াৰ মাজতে দুটাকৈ বিস্ফোৰণত কঁপি উঠিল জম্মু৷ জম্মু ৰে'ল ষ্টেচনৰ সমীপৰ নৰৱাল অঞ্চলত দুটাকৈ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে৷ 

দুটাকৈ বিস্ফোৰণত ছয়জন লোক আহত হৈছে। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে জনোৱা অনুসৰি, বিস্ফোৰণ সংঘটিত হোৱা স্থানৰ সমীপত পূৰণা সামগ্ৰীৰ দোকান আছে। আৱৰ্জনাৰ কিছুমান বিস্ফোৰক সামগ্ৰীৰ ফলত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। বিস্ফোৰণৰ পিছতে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে আৰক্ষীয়ে৷