Logo
image

ন্যায়ালয়ৰ পৰামৰ্শঃ স্কুল-ঘৰত ল'ৰাক শিক্ষা দিয়ক, অনুমতি অবিহনে স্পৰ্শ কৰিব নালাগে ছোৱালীক

ডিজিটেল ডেস্ক : সমাজত বৃদ্ধি পাইছে যৌন নিৰ্যাতনৰ ঘটনা৷ এই সন্দৰ্ভত কেৰালা উচ্চ ন্যায়ালয়ে কয় যে বিদ্যালয়ত আৰু অভিভাৱকে ল'ৰাক শিকোৱা উচিত যে অনুমতি অবিহনে এজনী ছোৱালীক স্পৰ্শ কৰিব নালাগে৷ উচ্চ ন্যায়ালয়ে সমাজত যৌন নিৰ্যাতন বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি কয় যে ভাল আচৰণ আৰু শিষ্টাচাৰৰ পাঠ অন্ততঃ প্ৰাথমিক পৰ্যায়ৰ পৰা পাঠ্যক্ৰমৰ অংশ হ'ব লাগে।

উচ্চ ন্যায়ালয়ে কয় যে ল'ৰাসকলে বুজিব লাগে যে 'নহয়' মানে 'নহয়'। লগতে ন্যায়ালয়ে সমাজক আহ্বান জনায় যে সমাজে ল'ৰাক স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিক হোৱাৰ পৰিৱৰ্তে নিঃস্বাৰ্থ আৰু ভদ্ৰ হ'বলৈ শিকাব লাগে৷ ন্যায়াধীশ দেৱন ৰামচন্দ্ৰনে হাৰাশাস্তিৰ গোচৰত এখন মহাবিদ্যালয়ৰ আভ্যন্তৰীণ অভিযোগ সমিতিৰ আদেশ আৰু মহাবিদ্যালয়ৰ অধ্যক্ষই প্ৰদান কৰা আদেশক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত বিবেচনা কৰি কয় যে এগৰাকী মহিলাক সন্মান প্ৰদৰ্শন কৰাটো পুৰণি চিন্তা-ধাৰা নহয়, বৰঞ্চ ই ভদ্ৰ আচৰণ।

যোৱা ১৮ উচ্চ ন্যায়ালয়ে দিয়া ৰায়ত কয় যে ল'ৰাবোৰে জানিব লাগে যে তেওঁলোকে এগৰাকী ছোৱালী বা মহিলাক অনুমতি অবিহনে স্পৰ্শ কৰিব নালাগে৷ তেওঁলোকে বুজিব লাগে যে 'নহয়' মানে 'নহয়'।