Logo
image

বহি:ৰাজ্যৰ পৰা গুৱাহাটী লৈ অব্যাহত আছে ড্ৰাগ সৰবৰাহ : ট্ৰাকৰ গোপন চেম্বাৰ কাটি ১০১ কেজি গাঞ্জা জব্দ

ডিজিটেল সংবাদ, গুৱাহাটী : গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ সহযোগত যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ দলে ড্ৰাগ বিৰোধী অভিযান চলাই ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা । ট্ৰাকৰ গোপন চেম্বাৰ কাটি ১০১ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে। দুষ্ট চক্ৰটোৱে ত্ৰিপুৰাৰ পৰা বিহাৰলৈ সৰবৰাহ কৰিছিল গাঞ্জাখিনি। 

এইচ পি-৬২বি-৫০৮৮  নম্বৰৰ এখন ১২চকীয়া ট্ৰাকত অতি কৌশলেৰে লুকুৱাই আনিছিল ১০১ কেজি গাঞ্জা । ইতিমধ্যে আৰক্ষীয়ে এই সংক্ৰান্তত আটক কৰিছে দুই সৰবৰাহকাৰীক। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১কোটি টকা। ধৃত দুই সৰবৰাহকাৰী হৈছে প্ৰণৱ কুমাৰ জামাতিয়া (৩১) আৰু বুধ সাধন জামাতিয়া (৩৫)। আটকাধীন দুয়োৰে ঘৰ ত্ৰিপুৰাত বুলি জানিব পৰা গৈছে।