Logo
image

মেদ আৰু ওজন হ্ৰাসৰ বাবে এনে চাহ খাওক

আমাৰ অসম বিশেষঃ মেদবহুলতাৰ সমান্তৰালভাৱে ওজন হ্ৰাস এতিয়া এক সাধাৰণ কথাত পৰিণত হৈছে৷ আধুনিক জীৱন চৰ্যাই মানুহক শাৰীৰিক পৰিশ্ৰম বিমুখ কৰি তোলাৰ ফলত মেদবহুলতাৰ দৰে সমস্যাত ভোগা মানুহৰ সংখ্যা বৃদ্ধি পাইছে৷ একেদৰে আধুনিক জীৱন প্ৰণালীৰ বাবেই ওজন হ্ৰাসৰ দৰে সমস্যা সততে বৃদ্ধি পাইছে৷ দৈনন্দিনৰ কৰ্মসূচী, খাদ্যাভাসৰ ফলত সৃষ্টি হোৱা এনে ধৰণৰ শাৰীৰিক ব্যাধিক আপুনি অলপ চেষ্টা কৰিলেই প্ৰতিহত কৰিব পাৰে৷ চাহ পান আমাৰ এক পুৰাতন সংস্কৃতি৷ বিভিন্ন ধৰণে চাহ পান কৰিব পাৰি৷ যাৰ ফলত মেদবহুলতা আৰু ওজন হ্ৰাসৰ দৰে সমস্যাৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰে৷

গ্ৰীণ টীঃ গ্ৰীণ টীত আছে এণ্টিঅক্সিডেণ্ট৷ গ্ৰীণ টী নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে মেদবহুলতাৰ পৰা মুক্ত হ’ব পাৰি৷ অৰ্থাৎ গ্ৰীণ টী নিয়মীয়াকৈ খোৱাসকলৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে৷

ব্লেক টীঃ ব্লেক টী নিয়মীয়াকৈ খালেও শৰীৰ মেদবহুলতাৰ পৰা মুক্ত হৈ থকাৰ উপৰি ওজন হ্ৰাসত সহায় কৰে৷

লং টীঃ লং টী একপ্ৰকাৰ চাইনীজ সকলৰ পৰম্পৰাগত পানীয়৷ বিভিন্ন গৱেষণাৰ পৰা এই কথা পোহৰলৈ আহিছে যে লং টী নিয়মীয়াকৈ খোৱাসকলৰ মেদবহুলতাৰ দৰে সমস্যাৰ সৃষ্টি নহয়৷

হোৱাইট টীঃ অন্য চাহৰ দৰেই হোৱাইট টীও স্বাস্থ্যৰ বাবে উপকাৰী৷ ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰ থাকে৷ যি শৰীৰত মেদ জমা হোৱাত বাধা দিয়ে৷ এই ধৰণৰ চাহ নিয়মীয়াকৈ খালে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থকাৰ উপৰি মেদবহুলতাৰ পৰা মুক্ত হৈ থাকিব পাৰি৷

হাৰ্বেল টীঃ গৰম পানীত বিভিন্ন ধৰণৰ ঔষধি দ্ৰব্য দি এই চাহ তৈয়াৰ কৰিব পাৰি৷ হাৰ্বেল টীত আদা, গোলনেমুৰ ৰস মিশ্ৰণ কৰি খোৱাৰ ফলত শৰীৰৰ ওজন হ্ৰাস হোৱাৰ লগতে মেদবহুলতাৰ পৰা মুক্ত হৈ থাকিব পাৰি৷

পদিনা চাহঃ পদিনা চাহ খালেও ওজন হ্ৰাস হোৱাৰ লগতে মেদমুক্ত হৈ থাকিব পাৰি৷

নেমু চাহঃ গোলনেমু বা কাজিনেমুৰ ৰসেৰে তৈয়াৰ কৰা চাহ খালে শৰীৰ-মন সতেজ হৈ থকাৰ উপৰি মেদ আৰু ওজন হ্ৰাস কৰাৰ সহায়ক হৈ পৰে৷

অশ্বগন্ধা চাহঃ অশ্বগন্ধ চাহে হ’ৰমন হ্ৰাস কৰাত সহায় কৰে৷ শৰীৰত মেদ জমা হ’লে নিয়মীয়াকৈ অশ্বগন্ধা চাহ খোৱাৰ অভ্যাস কৰক৷

এই ধৰণে নিয়মীয়াকৈ চাহ পান কৰিলে শৰীৰ মেদমুক্ত কৰি ৰাখিব পাৰি৷ লগতে ওজন নিয়ন্ত্ৰণত ৰাখি সুস্বাস্থ্যৰ অধিকাৰী হ’ব পাৰি৷