গুণোৎসৱৰ নিষ্ফল প্ৰচেষ্টা
আকৌ আৰম্ভ হৈছে গুণোৎসৱ! অসমৰ প্ৰাথমিক শিক্ষাৰ মান নিৰূপণৰ বাবে চৰকাৰে লোৱা এই পদক্ষেপক আপাত দৃষ্টিত অসমৰ শিক্ষা ব্যৱস্থালৈ এক যোগাত্মক ফল আহিব বুলি ভবা হৈছিল যদিও লাহে লাহে এয়া যে চৰকাৰৰ সৰ্বশিক্ষাৰ দৰে এক নিষ্ফল প্ৰচেষ্টা, সেয়া বিদ্বৎসমাজে বুজিবলৈ ধৰিছে৷ ২০১৭ চনত অসম চৰকাৰে আৰম্ভ কৰা গুণোৎসৱৰ জৰিয়তে অসমৰ শিক্ষা খণ্ডত, বিশেষকৈ প্ৰাথমিক শিক্ষা খণ্ডৰ সমস্যাসমূহ বাহিৰ কৰি সেইসমূহ নাইিকয়া কৰি অসমৰ শিক্ষা ব্যৱস্থাক শক্তিশালী কৰি গঢ়ি তোলা মূল উদ্দেশ্য বুলি চৰকাৰে জনগণক বুজাইছিল৷ কিন্তু ২০১৭ চনত ৪ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ প্ৰথম পৰ্যায়ত বৰপেটা, চিৰাং, ডিব্ৰুগড়, হাইলাকান্দি, কামৰূপ (মহানগৰ) লক্ষিমপুৰ, মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলঙক সামৰি ৮খন জিলাত আৰম্ভ কৰিছিল গুণোৎসৱ৷ এই পৰ্যায়ত মুঠ বিদ্যালয়ৰ সংখ্যা আছিল ১২,২৮৬খন৷ ইমানসংখ্যক বিদ্যালয়ৰ ভিতৰত এ+ গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা আছিল মাত্ৰ ৭৭৭খন, এ গ্ৰেড পাইছিল ২,৩২৩খন বিদ্যালয়ে, বি গ্ৰেড পাইছিল ৩,১০৬খন বিদ্যালয়ে, চি গ্ৰেড পাইছিল ৩,৩০২খন বিদ্যালয়ে আৰু শেষৰ গ্ৰেড অৰ্থাৎ ডি গ্ৰেড পাইছিল ২,৭৭৮খন বিদ্যালয়ে৷
দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ চলিছিল সেই বৰ্ষৰে ১০১ পৰা ১৩ অক্টোবৰলৈ৷ সেই পৰ্যায়ত চলিছিল ৰাজ্যখনৰ বঙাইগাঁও, শিলচৰ, চৰাইদেউ, ডিমা হাচাও, যোৰহাট, কামৰূপ (গ্ৰাম্য), কাৰ্বি আংলং, কোক্ৰাঝাৰ, নগাঁও, শিৱসাগৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাক সামৰি মুঠ ১৮,৮১১খন বিদ্যালয়ত৷ সেই পৰ্যায়ৰ ফলাফলত দেখা গৈছিল এ+ গ্ৰেড পাইছিল মাত্ৰ ১,৬৭২খন বিদ্যালয়ে, এ গ্ৰেড পাইছিল ৫,৪৮০ খন বিদ্যালয়ে, বি গ্ৰেড পাইছিল ৬,০৪৮খন বিদ্যালয়ে, চি গ্ৰেড পাইছিল ৩,৬৩৮খন বিদ্যালয়ে আৰু ডি গ্ৰেড পাইছিল ১,৯৭৪খন বিদ্যালয়ে৷
প্ৰথম পৰ্যায়টো শেষ হ’বলৈ সম্পূৰ্ণ এটা বছৰ লাগিল৷ গুণোৎসৱৰ তৃতীয় স্তৰত সামৰি লৈছিল ৰাজ্যখনৰ আন ১৩খন জিলাৰ ১৭,৮৬৯খন বিদ্যালয়৷ বাগ্সা, বিশ্বনাথ, দৰং, ধেমাজী, ধুবুৰী, গোৱালপাৰা, গোলাঘাট, হোজাই, কৰিমগঞ্জ, মাজুলী, নলবাৰী, শোণিতপুৰ আৰু দক্ষিণ শালমৰা-মানকাচৰ জিলা৷ এই ১৭,৮৬৯খন বিদ্যালয়ৰ ভিতৰত এ+ গ্ৰেড পাইছিল মাত্ৰ ৩,৫৭৫খন বিদ্যালয়ে, এ গ্ৰেড পাইছিল ৭,০৬৩খন বিদ্যালয়ে, চি গ্ৰেড পাইছিল ১,৮০৮খন বিদ্যালয়ে আৰু ডি গ্ৰেড পাইছিল ৫২০খন বিদ্যালয়ে৷ এই ফলাফলৰ পৰা দেখা গৈছিল যে ৰাজ্যখনত থকা মুঠ ৪৮,৯৬৬খন বিদ্যালয়ৰ ভিতৰত ৬,০২৪খন বিদ্যালয়েহে এ+ গ্ৰেড পাবলৈ সক্ষম হৈছিল৷ শতাংশ হিচাপত যদি চোৱা যায় ১২.৩০ শতাংশ বিদ্যালয়ে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পাৰিছিল, বাকী ১৪,৮৬৬খন অৰ্থাৎ ৩০ শতাংশ বিদ্যালয়ে এ গ্ৰেড, ২৫ শতাংশ বিদ্যালয়ে বি গ্ৰেড, ৮,৭৪৭খন বিদ্যালয়ে অৰ্থাৎ ১৭.৮৬ শতাংশ বিদ্যালয়ে চি গ্ৰেড আৰু ৫,২৫৪খন বিদ্যালয়ে অৰ্থাৎ ১০.৭২ শতাংশ বিদ্যালয়ে ডি গ্ৰেডেৰে নিকৃষ্ট ফলাফল দেখুৱাইছিল৷
এই ফলাফল অহাৰ পাছত চৰকাৰৰ দায়িত্ব আছিল যিসমূহ বিদ্যালয়ে সাফল্য দেখুৱাব পৰা নাই, সেইসমূহ বিদ্যালয়ৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি সেইসমূহ বিদ্যালয় ভাল কৰা৷ অসমৰ বিদ্যালয়সমূহৰ কি কি সমস্যা তাক চালে দেখা যায় যে ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ, বিদ্যালয় গৃহৰ সমস্যা, বিদ্যালয়ত থাকিব লগা পুথিভঁৰাল, বিজ্ঞানাগাৰৰ অভাৱ, আনহে নালাগে বহু বিদ্যালয়ে অকণমান খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ বহু বিদ্যালয়ত বিদ্যুৎ সংযোগ নথকাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে উৎকট গৰমত পাঠ গ্ৰহণ কৰিবলগীয়া হোৱাত সঠিক শিক্ষাদান নহয়৷ তদুপৰি বিদ্যালয়ত এক সুস্থ খেলা-ধূলাৰ পৰিৱেশ নথকাটোও শৈক্ষিক ক্ষেত্ৰখনৰে সমস্যা৷ এই বিষয়সমূহৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰি অসমৰ শিক্ষাক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মানৰ কৰি গঢ়ি তুলিবলৈ প্ৰয়াস কৰিব লাগিছিল৷ ২০১৭ চনৰ গুণোৎসৱৰ ফলাফলৰ পাছতো চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰি বেয়া বিদ্যালয়ৰ বাবে শিক্ষককে জগৰীয়া কৰি এফালৰ পৰা বিদ্যালয়সমূহ বন্ধ কৰি গ’ল আৰু ২০১৭ চনৰ পৰা বৰ্তমানলৈকে চলা গুণোৎসৱৰ প্ৰধান কামটো এতিয়া বিদ্যালয় বন্ধ কৰাহে হৈ পৰিছে৷
আচলতে অসম চৰকাৰে অসমৰ শিক্ষা ক্ষেত্ৰখনৰ দায়িত্ব ব্যক্তিগত খণ্ডৰ ওপৰত দি চৰকাৰৰ দায়িত্ব সামৰাৰ ব্যৱস্থা কৰিছে৷ এখন চৰকাৰে নিজৰ দায়িত্ব সামৰি ব্যক্তিগত খণ্ডৰ হাতত যদি শিক্ষাক মুনাফা অৰ্জনৰ আহিলাৰূপে কাম কৰিবলৈ এৰি দিয়ে, তেতিয়াহ’লে ৰাজ্যখনৰ শিক্ষাৰ মান কেতিয়াও উন্নত নহয়৷ সেই কথা এইখন দেশৰ কেৰালা আৰু দিল্লীৰ দৰে ৰাজ্যই সুন্দৰকৈ প্ৰতিফলিত কৰিছে৷ এই দুখন ৰাজ্যৰ শিক্ষাক আৰ্হি হিচাপে লৈ অসমৰ শিক্ষাখণ্ডক গঢ়ি তুলিবলৈ অসম চৰকাৰে প্ৰয়াস কৰাৰ পৰিৱৰ্তে গুণোৎসৱৰ নামত যি কোটি কোটি টকা খৰচ কৰিছে, সেয়া আৰু দহ বছৰ চলালেও অসমৰ শিক্ষা খণ্ডৰ যে উন্নতি নহয়, সেই কথা বিগত পাঁচ বছৰেই প্ৰমাণ কৰিছে৷ সেয়েহে চৰকাৰে গুণোৎসৱৰ পৰিৱৰ্তে অসমৰ শিক্ষাৰ আন্তঃগাঁথনি মজবুত কৰাত গুৰুত্ব দিয়াটো অসমৰ বিদ্বৎ সমাজে বিচাৰে৷






