Logo
image

জীৱনক জিৰণি, কমতাপুৰ নস্যাৎ

কমতাপুৰ ৰাজ্যৰ সম্ভাৱনা অস্বীকাৰ মুখ্যমন্ত্ৰীৰ, চৰকাৰৰ আশ্ৰয়ত কেএলঅ’ প্ৰধান
আমাৰ অসম, ২২ জানুৱাৰীঃ জীৱন সিংহক জিৰণি লোৱাৰ পৰামৰ্শ দি কমতাপুৰৰ সপোনক সম্পূৰ্ণ ৰূপে চূৰমাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ শনিবাৰে জনতা ভৱনত এখন সংবাদ মেলত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কমতাপুৰক লৈ চৰকাৰী পৰ্যায়ত কোনো ধৰণৰ আলোচনা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে৷ মুখ্যমন্ত্ৰীৰ এই স্থিতিৰ পিছতে ধূলিসাৎ হৈ পৰিল কমতাপুৰ ৰাজ্য গঠনক কেন্দ্ৰ কৰি পশ্চিম অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ ব্যক্তি বিশেষ আৰু একাংশ দল সংগঠনৰ আনন্দ-উল্লাস৷ জীৱন সিংহৰ আগমনৰ সমান্তৰালভাৱে ২৬ জানুৱাৰীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কমতাপুৰ ৰাজ্য ঘোষণা কৰিব বুলি কোচ ৰাজবংশী জনগোষ্ঠীৰ একাংশ দল-সংগঠন আৰু নেতাই দৃঢ়তাৰে দাবী কৰি ৰাজহুৱা বিবৃতি পৰ্যন্ত দিছিলে৷ আনকি এইসকল নেতাই কোচ-ৰাজবংশী লোকসকল কোনো  কালে অসমীয়া নাছিল, বাধ্যত পৰিহে অসমত থকা বুলি কেতবোৰ বিভেদকামী মন্তব্য কৰিবলৈ আৰম্ভ কৰিছিল৷ কিন্তু সকলোৰে আশাত চেচা পানী ঢালি শনিবাৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই স্পষ্ট কৰি দি কয়–ইমান বছৰ বাহিৰত থকাৰ পিছত কোনোবা এজন মানুহ আহিছে৷ তেওঁক চাহ খাবলৈ দিয়ক৷ অসমখন চাব দিয়ক৷ বুজিব দিয়ক৷ আলোচনা কৰা মানুহ আছে৷ তেওঁলোকে আলোচনা কৰি থাকিব৷ কেতিয়াবা বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব৷ জীৱন সিংহ বহুদিন মূৰ আহিছে৷ ইয়াত থাকিব৷ কথা বাৰ্তা পাতিব৷ তেওঁ যি ৰাজনৈতিক দাবী আছে ভাৰত চৰকাৰক জনাব৷ ভাৰত চৰকাৰে তেওঁৰ লগত আলোচনা কৰিব৷ তাৰ পিছত এদিন চুক্তি হ’ব৷ মোৰ লগত তেওঁ ভাইটি ভাইিট বুলি কথা পাতে৷ মই দাদা দাদা বুলি কথা পাতো৷ মই তেওঁৰ লগত ৰাজনৈতিক কথা কিয় পাতিম৷ এইটো ভাৰত চৰকাৰৰ বস্তু৷ কমতাপুৰক লৈ কোনেও আমাৰ লগত আলোচনা কৰা নাই৷ যেতিয়া আলোচনা হ’ব তেতিয়া সেই বিষয়ে কথা পাতিম৷ কোনেও কমতাপুৰক লৈ মুখ্যমন্ত্ৰী হিচাপে মোক এটা শব্দও কোৱা নাই৷ 

কিন্তু অসমৰ সংবাদ মাধ্যমে ২৬ জানুৱাৰীৰ পূৰ্বে কমতাপুৰ হ’ব বুলি ঘোষণা কৰি দিলে৷ কে এল অক গুৰুত্ব দিব নে ৰাজ্য চৰকাৰৰ কথাক গুৰুত্ব দিব৷ কিবা এটা হ’ব লাগিলে আলোচনা হ’ব লাগিব, ত্ৰিপাক্ষীক বৈঠক হ’ব লাগিব, কথা বতৰা হ’ব লাগিব৷ কিন্তু অসম চৰকাৰৰ লগত এনেকোৱা একো হোৱা নাই৷ আমি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ দিছো৷ কৰ পৰা কমতাপুৰ আহিল মইয়ে নাজানো৷ মুখ্য সচিবক বহু বাৰ সুধিছো কিবা কাগজ আহিছে নেকি? একো নাই বুলি কৈছে৷ কিন্তু আমিতো ইয়াত কমতাপুৰ বনাইয়ে দি আছো৷ বহু মানুহ সাজু হৈ আছে যে ২৬ জানুৱাৰীৰ পুৱা কমতাপুৰ গঠনৰ কথা শুনা পাব বুলি৷ অসমখন বহু ভাষিক বহু জাতিৰ এখন ৰাজ্য৷ কেতিয়াবা হয়তো কমতাপুৰক লৈ আলোচনা হ’ব পাৰে৷ তেতিয়া আমি বড়োলেণ্ডৰ নেতা, ৰাভাৰ নেতা, উত্তৰ বংগৰ আন্দোলনকাৰীক আলোচনাৰ বাবে মাতিম৷ বিগত ১৫ দিন ধৰি বেংগলৰ এখন এখন পেপাৰ মই চাই আছো৷ কৰবাত কমতাপুৰৰ বাতৰি ওলাইছে নেকি৷ কিন্তু এটা শব্দও নাই৷ আমি কিয় এইবোৰ কৰি আছো আমিহে জানো৷ খৰ হলেহে মানুহে খুজোৱাই৷ খৰেই নাই তেতিয়া খুজুৱাম কিয়৷ যেতিয়াই বিষয়টো নাই অসম চৰকাৰে কমতাপুৰৰ বিষয়ে কি ক’ব? কমতাপুৰক লৈ অসমীয়া বাতৰি কাকতৰ মাজতে শংকা হৈছে৷ অসম চৰকাৰে এই বিষয়ে একো কথা পতা নাই৷ ভাৰত চৰকাৰে পাতিছে যদিও নাজনো৷ উত্তৰ বংগ যথেষ্ট ডাঙৰ অঞ্চল৷ তাৰ কাকতত কিবা এটা লাইন হ’লেও আহিলেহেঁতেন৷ জীবন সিংহ এতিয়া অসম চৰকাৰৰ অতিথি হৈ আছে৷