Logo
image

ছীটবেল্ট নবন্ধাত জৰিমনা প্ৰধানমন্ত্ৰীক, পবিতৰা-কাণ্ডৰ অভিযুক্তৰ শাস্তিৰ আশা ক্ষীণ

আমাৰ অসম, ২২ জানুৱাৰীঃ নিয়ম ভঙাত এটা গ্লেমাৰ আছে৷ মানে আমাৰ দেশত আম আদমীয়ে, অৰ্থাৎ সাধাৰণ লোকে যিবোৰ কাম নিয়মৰ মাজেৰে সম্পন্ন কৰিবলগীয়া হয়, যেনে ক’ভিডৰ ভেকচিন ল’বলৈ শাৰী পতা, আধাৰকাৰ্ড বনাবলৈ ঘণ্টা-ঘণ্টা, দিনৰ পাছত দিন অতিবাহিত কৰা ইত্যাদি যি কাম শাৰী নপতাকৈ পোনে পোনে গৈ কৰি ল’ব পাৰে তেওঁ ক্ষমতাশালী৷ তেনেদৰে অৰণ্যত প্ৰৱেশ কৰিবলৈ হ’লে সাধাৰণ দৰ্শনাৰ্থীয়ে নিয়ম মানিব লাগে, সকলো বিধি পালন কৰি প্ৰৱেশ কৰিব লাগে কিন্তু এচাম লোকে তেনে বিধি পালন কৰিব নালাগে৷ তেওঁলোকে অৰণ্যত মুকলিকৈ চিগাৰেট সেৱন কৰিব পাৰে, চিগাৰেটৰ জলন্ত টুকুৰা অৰণ্যলৈ দলিয়াই দিব পাৰে৷ পৰ্যটকৰ ছাফাৰি কৰা জিপছি গাড়ীৰ বনেটত মদৰ গিলাছ ৰাখি আকণ্ঠ সুৰাপান কৰিব পাৰে, ইচ্ছা হ’লে মাতলামিও কৰিব পাৰে৷ সেয়া তেওঁলোকৰ ‘প্ৰিভিলেজ’৷ নিয়ম ভাঙিব পৰাটোৱেই তেওঁলোকৰ বাবে গ্লেমাৰ বা নিয়ম ভাঙিয়েই অৰণ্য ছাফাৰিত গাড়ীৰ বনেটত সুৰাৰ বটল ৰাখি আকণ্ঠ সুৰাপাণ কৰিয়েই তেওঁলোকে গ্লেমাৰ অৰ্জন কৰে, প্ৰদৰ্শন কৰে প্ৰিভিলেজ৷ আমাৰ দেশত এই নিয়ম নমনা, প্ৰিভিলেজ প্ৰদৰ্শনেৰে গ্লেমাৰ গোটোৱা প্ৰাণীবিধৰ  নাম হৈছে– আমোলা বা বিষয়া৷ বা শীৰ্ষ বিষয়া৷ তেওঁলোকৰ বাবে নিয়ম বনোৱা হয় ভাঙিবলৈ আৰু আম আদমীৰ বাবে নিয়ম বনোৱা হয় পালন কৰিবলৈ৷ 

আমাৰ দেশত যিবোৰ ঘটনাত সাত গুণ মাফ, বিদেশত, বিশেষকৈ ইউৰোপ আমেৰিকাত তাতোকৈ নগণ্য নিয়ম ভাঙিলেও জৰিমণা বা শাস্তি৷ লাগিলে সেয়া এখন দেশৰ প্ৰধানমন্ত্ৰীয়েই হওক৷ ভাৰতত আমোলাতন্ত্ৰ প্ৰতিষ্ঠা কৰা চাহাবৰ দেশত অৰ্থাৎ ব্ৰিটেইনত গাড়ীৰ পিছৰ আসনত বহি থকা অৱস্থাত ছীটবেল্ট নবন্ধাৰ বাবে প্ৰধানমন্ত্ৰী ঋষি ছুনকক ১০০ পাউণ্ড জৰিমণা বিহা হৈছে৷ সেই খবৰ প্ৰকাশ পোৱাৰ পাছত আমাৰ দেশৰ আম আদমীয়ে চকুৰে সৰিয়হ ফুল দেখিছে৷ বিদেশত গাড়ীৰ ছীটবেল্ট নাবান্ধিলে প্ৰধানমন্ত্ৰীকো জৰিমণা বিহিব পাৰি৷ আমাৰ ইয়াত মন্ত্ৰী-বিধায়ক দূৰৰে কথা আমোলাৰো নোম এডাল লৰাব নোৱাৰি৷ নিয়মেই যদি নাভাঙে তেওঁৰ প্ৰিভিলেজ কি, গ্লেমাৰ ক’ত?

এই প্ৰসংগ উত্থাপন হৈছে আৰু ৰিজনি আহি পৰিছে যোৱা দেওবাৰে বন বিভাগৰ আয়ুক্ত সচিব আকাশদ্বীপ আৰু মুখ্য নিৰ্বাচন বিষয়া নীতিন খাড়েই পবিতৰা অভয়াৰণ্যত চিগাৰেট সেৱন আৰু মুকলিভাৱে অৰণ্যৰ মাজতে সুৰাপান কৰাৰ ঘটনা সংঘটিত হোৱাৰ ৬ দিনৰ পাছতো বিষয়া দুজনৰ বিৰুদ্ধে কোনো শাস্তি, অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ নকৰাত৷ অথচ ব্ৰিটেইনত প্ৰধানমন্ত্ৰী ছুনকে গাড়ীৰ ভিতৰৰ পৰা বাহিৰত থকা সাংবাদিকক এটা সাক্ষাৎকাৰ দিয়াৰ সময়ত ভিডিঅ’ কৰাৰ সুবিধা কৰাৰ বাবে ছীটবেল্ট খুলি লৈছিল৷ অলপ সময়ৰ সেই ভিডিঅ’ দেখাৰ পাছত সাধাৰণ নাগৰিকে প্ৰধানমন্ত্ৰীয়ে ছীটবেল্ট নবন্ধাৰ কথাটো আঙুলিয়াই দিয়ে আৰু তাৰ পাছতে তেওঁ বিভাগে জৰিমণা বিহে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভুল হোৱা বুলি ৰাজহুৱাকৈ স্বীকাৰ কৰি ক্ষমা ভিক্ষা কৰে৷ 

অথচ পবিতৰাত নিয়ম ভঙা দুই আমোলাই আত্মপক্ষ সমৰ্থন কৰি তেওঁলোকৰ ভুল নোহোৱা বুলিহে প্ৰমাণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছে৷ চৰকাৰেও এতিয়ালৈকে আইন থকা সত্ত্বেও তেওঁলোকৰ এজনকো শাস্তি দিয়া নাই৷ বিষয়া দুজনেও ৰাজহুৱাকৈ ভুল স্বীকাৰ কৰা নাই৷ বন বিভাগৰ স্বয়ং আয়ুক্ত সচিব আকাশদ্বীপ আৰু মুখ্য নিৰ্বাচন বিষয়া নীতিন খাড়েৰ বিৰুদ্ধে পবিতৰা অভয়াৰণ্যত বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘাৰ যি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল সেই ঘটনাৰ তদন্তৰ দায়িত্ব ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এন কে যাদৱে মৰিগাঁও জিলাৰ উপায়ুক্তৰ ওপৰত অৰ্পণ কৰিছিল৷ সেই অনুসৰি উপায়ুক্ত দেৱাশিষ শৰ্মাই অভয়াৰণ্যখনত উপস্থিত হৈ প্ৰয়োজনীয় সাক্ষ্য-প্ৰমাণ, চি চি টিভিৰ ফুটেজ আদি সংগ্ৰহ কৰে৷ পিছে উপায়ুক্তজনক যিকেইজন আমোলাৰ বিৰুদ্ধে তদন্তৰ দায়িত্ব দিয়া হয় তাৰে আটাইকেইজন পদমৰ্যাদাৰ ফালৰ পৰা তেওঁতকৈ যথেষ্ঠ জ্যেষ্ঠ৷ তেওঁলোকৰ বিৰুদ্ধে উপায়ুক্তই শাস্তিৰ পৰামৰ্শ দিব পাৰিব জানো বুলি প্ৰশ্ন উঠিছে৷ উক্ত ঘটনা সংঘটিত হোৱাৰ সময়ত আকাশদ্বীপ আৰু নীতিন খাড়েৰ সৈতে আইবিৰ এডিজিপি সঞ্জীৱ আৰোৱাও আছিল৷ উপায়ুক্ত দেৱাশিষ শৰ্মাই তদন্তৰ পৰিৱৰ্তে সমগ্ৰ ঘটনাটোৰ ওপৰত এখন প্ৰতিবেদনহে প্ৰস্তুত কৰি মুখ্য সচিবক অৰ্পন কৰিছে৷ শাস্তিৰ পৰামৰ্শ নথকাৰ ফলত অভিযুক্ত আমোলা দুজনৰ শাস্তিৰ আশা যথেষ্ট ক্ষীণ হৈ পৰিছে৷ উপায়ুক্তজনে নিজৰ প্ৰতিবেদনত অভিযুক্ত আমোলা দুজনৰ সাক্ষ্য সন্নিৱিষ্ট কৰিব নোৱাৰিলে৷ তেওঁ অভিযোগকাৰীৰ ভাষ্য আৰু চিচি টিভি ফুটেজত লাভ কৰা তথ্যহে কেৱল মাত্ৰ নিজৰ প্ৰতিবেদনত সন্নিৱিষ্ট কৰিছে৷ উপায়ুক্তৰ পৰিৱৰ্তে যদি সমগ্ৰ ঘটনাৰ তদন্ত অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ আমোলাক দিলেহেঁতেন তেন্তে অভিযুক্ত আমোলা দুজনৰ শাস্তি নিশ্চিত আছিল৷ জিলা উপায়ুক্তজনে সমগ্ৰ ঘটনাৰ প্ৰতিবেদনহে সাজু কৰিছে, তদন্তৰ প্ৰতিবেদন নহয়৷ অৱশ্যে বন্য প্ৰাণী সুৰক্ষা আইন উলংঘা কৰি পবিতৰা অভয়াৰণ্যৰ ভিতৰত দেওবাৰে তাণ্ডব চলোৱা দুই আই এ এছ বিষয়া ক্ৰমে আকাশদ্বীপ আৰু নীতিন খাড়েক ইতিপূৰ্বে মুখ্য সচিবৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল৷ এই নিৰ্দেশৰ পাছতে দুয়োজন আমোলাই পৃথকে মুখ্য সচিবক সাক্ষাৎ কৰে৷ দুয়োজন আমোলাই আত্মপক্ষ সমৰ্থন কৰিবলৈ যথেষ্ট চেষ্টা কৰে যদিও ক্ষুব্ধ মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰে তেওঁলোকক নিৰ্দিষ্ট সময়ৰ ভিতৰত লিখিতভাৱে নিজৰ স্পষ্টীকৰণ জমা দিবলৈ নিৰ্দেশ দিয়ে৷ স্বয়ং বন বিভাগৰে আয়ুক্ত সবিচবজনে সদলবলে বন আইন উলংঘা কৰা কাৰ্যত  অসন্তুষ্ট হৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দুয়োজন আমোলাৰ পৰা স্পষ্টীকৰণ বিচাৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিয়ে৷ ঘটনাৰ পাছত ইতিমধ্যে ছয়দিন অতিক্ৰম কৰাত লাহে লাহে বিষয়টো পাহৰণিৰ দিশে আগবাঢ়ি গৈছে৷ সেয়ে ধাৰণা কৰা হৈছে বিষয়া দুজনে নিয়ম ভাঙিও শাস্তিৰ পৰা হাত সাৰি যাব৷ কিয়নো এইখন ভাৰত, য’ত আমোলাৰ বাবে নিয়ম ভঙাটোৱেই গ্লেমাৰ৷