Logo
image

‘অসমত লোকসভাৰ ১২খন আসন পাব বিজেপিয়ে’

আমাৰ অসম, ২২ জানুৱাৰীঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ ১৪টা লোকসভা সমষ্টিৰ ১২টা বিজেপিয়ে দখল কৰিবই৷ বিজেপি-মিত্ৰজোঁটে ১২+ লক্ষ্য লৈ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব৷ এই ভাষ্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷ শনিবাৰে বিজেপিৰ ৰাজ্যিক সদৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি তেওঁ আৰু কয়– গণতান্ত্ৰিক ব্যৱস্থাৰে দলৰ সমগ্ৰ সংগঠনক গতিশীল কৰি ৰখাত ভাৰতীয় জনতা পাৰ্টীয়ে সদায় গুৰুত্ব প্ৰদান কৰি আহিছে৷ পৃষ্ঠাপ্ৰমুখ নিযুক্তিৰ পৰা আৰম্ভ কৰি বুথ সমিতি গঠনকে ধৰি দলৰ কেন্দ্ৰীয় সমিতিলৈকে সকলোতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে দায়িত্ব অৰ্পণ কৰাৰ পৰম্পৰা প্ৰতিষ্ঠা কালৰে পৰা আমাৰ দলে অনুশীলন কৰি আহিছে৷ ১৬ আৰু ১৭ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যসমিতিৰ বৈঠক এনে অনুশীলনৰে এক অংশ৷  এই বৈঠকত দলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সেয়ে দলৰ কাৰ্য সমিতিৰ বৈঠকে বিশ্বৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কোটি কোটি অভিনন্দন প্ৰদান কৰে৷ দলৰ মুখ্য মুখপাত্ৰ কামাখ্যা প্ৰসাদ তাছা, সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলৰ সৈতে এক সংবাদমেল সম্বোধন কৰি কলিতাই কয়– ৰাষ্ট্ৰবাদী বিচাৰধাৰাৰ দ্বাৰা পৰিচালিত হোৱা বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা জনকল্যাণকামী নীতিয়ে সমাজৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণ আৰু উন্নয়নক সামৰি লৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দলৰ চৰকাৰে ৰাষ্ট্ৰবাদকে মূল ভেটি হিচাপে লৈ সকলোকে সামৰি আৰু একত্ৰিত কৰি বিশ্বাসৰ এক সুদৃঢ় সামাজিক ঐক্য গঢ়ি তোলাত সফল হৈছে৷ এই ঐক্যৰ মূলমন্ত্ৰ হিচাপে প্ৰধানমন্ত্ৰীৰ ‘সৱকা সাথ, সৱকা বিকাশ, ‘সৱকা বিশ্বাস আৰু সৱকা প্ৰয়াস’ নীতিৰ আধাৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে কল্যাণকামী আঁচনিসমূহ ৰূপায়ণ কৰাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে৷ এইক্ষেত্ৰত ক’ভিড মহামাৰীৰ সময়ত গ্ৰহণ কৰা ১.৭০ লাখ কোটি টকাৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা, ২০ লাখ কোটি টকাৰ আত্মনিৰ্ভৰ ভাৰত যোজনা আদিৰ কথা উল্লেখ কৰিব পাৰি৷ এই আঁচনিসমূহে ৮০ কোটি ভাৰতীয় লোকক সামৰি লৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কূটনৈতিক কুশলতাৰ বাবেই জি২০ৰ অধ্যক্ষতা ভাৰতে লাভ কৰিছে৷ আৰ্থিকভাৱে শক্তিশালী বিশ্বৰ ২০খন ৰাষ্ট্ৰল লৈ জি২০ গঠন হৈছে৷ এই মঞ্চই পৃথিৱীৰ মুঠ জিডিপিৰ ৮৫ শতাংশ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ৭৫ শতাংশ আৰু পৃথিৱীৰ জনসংখ্যাৰ ৬০ শতাংশ সামৰি লয়৷ বিশ্বৰ সকলো শক্তিধৰ দেশৰ অংশীদাৰিত্ব থকা এই মঞ্চৰ অধ্যক্ষতা ভাৰতে লাভ কৰাটো দেশৰ স্বাধীনোত্তৰ ইতিহাসৰ অন্যতম কূটনৈতিক সফলতা হিচাপে চিহ্নিত কৰা হৈছে৷ অধ্যক্ষ হিচাপে লাভ কৰা ক্ষমতাৰ ভিত্তিত ভাৰতে জি২০ৰ বৈঠকলৈ আন ৯খন দেশকো অতিথি হিচাপে নিমন্ত্ৰণ কৰিছে৷ কাৰ্যসমিতিৰ বৈঠকত দলৰ বৰ্তমানৰ সভাপতি জগত প্ৰকাশ নাড্ডাৰ কাৰ্যকাল সৰ্বসন্মতিক্ৰমে ২০২৪ চনৰ জুন মাহলৈ বৃদ্ধি কৰা হৈছে৷