Logo
image

২৬ জানুৱাৰীলৈ হাড়কঁপোৱা জাৰ

আমাৰ অসম, ২২ জানুৱাৰীঃ পুহ মাহত শীতে প্ৰৱেশ কৰা ৰাজ্যখনত বেছিভাগ ঠাইতে সন্ধিয়াৰ পাছত অব্যাহত আছে হাড় কপোৱা জাৰ তথা শীত ৷ বহু লোকে শীতৰ পৰা ৰক্ষা পাবলৈ জুইৰ উম লোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ বিপৰীতে বহুতেই ঘৰৰ ভিতৰত সোমাই থাকি শীতৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷  সূৰুজ দেৱতাৰ কৃপাত দিনৰ ভাগত শীতৰ প্ৰকোপ তুলনামূলকভাৱে অলপ কম হ'লেও সূৰ্যাস্তৰ পাছত নিশাৰ ভাগত শীত আৰু কুঁৱলীৰ প্ৰকোপে সামগ্ৰিকভাৱে সাধাৰণ জনজীৱন ব্যাহত কৰিছে৷ 

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানী সুমিত দাসে সদৰি কৰা অনুসৰি পূৰ্বৰ তুলনাত এইবেলি শীত অলপ পলমকৈ আহিছে যদিও বিগত প্ৰায় এমাহ ধৰি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়কে ধৰি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যই শীতৰ কৱলত পৰিছে৷ বিশেষকৈ অৰুণাচল প্ৰদেশৰ এক বিস্তীৰ্ণ অঞ্চলত বিগত প্ৰায় এমাহ ধৰি শুকুলা দলিছা সদৃশ তুষাৰপাতে ঢাকি ৰাখিছে৷  আনকি সন্ধিয়াৰ পাছত নাগালেণ্ডৰ ৰাজধানী চহৰ কহিমা, মণিপুৰৰ ৰাজধানী চহৰ ইম্ফল, মিজোৰামৰ ৰাজধানী চহৰ আইজল, অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰৰ নিম্নতম তাপমাত্ৰা পূবৰ স্কটলেণ্ড হিচাপে পৰিচিত শ্বিলং চহৰতকৈ কমি গৈছে৷ তেনেদৰে যোৰহাট, উত্তৰ লখিমপুৰকে ধৰি উজনি আৰু উত্তৰ অসমৰ এক বিস্তীৰ্ণ অঞ্চলত বিগত প্ৰায় এমাহ নিশাৰ ভাগত অভাৱনীয়ভাবে শীতৰ কৱলত পৰাৰ ফলত নিশা স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে৷ 

শনিবাৰ সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত শ্বিলং চহৰৰ নিম্নতম তাপমাত্ৰা আছিল ৪.৯ ডিগ্ৰী চেলচিয়াছ৷ ইয়াৰ বিপৰীতে ইম্ফলৰ নিম্নতম তাপমাত্ৰা ২.৪ ডিগ্ৰী চেলচিয়াছ, আইজলৰ নিম্নতম তাপমাত্ৰা ৪.৫ ডিগ্ৰী চেলচিয়াছ,  কহিমাৰ নিম্নতম তাপমাত্ৰা  ৪.২ ডিগ্ৰী চেলচিয়াছ আৰু ইটানগৰৰ নিম্নতম তাপমাত্ৰা আছিল ৪.৪ ডিগ্ৰী চেলচিয়াছ৷  আনহাতে অসমৰ প্ৰধান নগৰ-চহৰ কেইখনমানৰ নিম্নতম তাপমাত্ৰা আছিল এনে ধৰণৰ– গুৱাহাটীৰ  ৯.৪ ডিগ্ৰী,  ডিব্ৰুগড়ৰ ৯.২ ডিগ্ৰী, তেজপুৰৰ ৯.৫ ডিগ্ৰী, শিলচৰৰ ৯.০ ডিগ্ৰী, ধুবুৰীৰ ১০.৭ ডিগ্ৰী, যোৰহাটৰ ৭.০ ডিগ্ৰী, উত্তৰ লখিমপুৰৰ ৭.২ ডিগ্ৰী চেলচিয়াছ৷  

জানিব পৰা মতে সৌন্দৰ্যৰ ৰাণী হিচাপে পৰিচিত ডিমা হাছাও জিলাৰ বেছিভাগ অঞ্চলতে নিশাৰ তাপমাত্ৰা শ্বিলং চহৰতকৈ কিছু তলত আছে ৷ ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ সময়লৈকে অসমকে ধৰি চুবুৰীয়া আটাইকেইখন ৰাজ্যতে বতৰ শুকান হৈ থাকিব যদিও সন্ধিয়াৰ পাছত হাঁড় কপোৱা জাৰৰ বাবে স্বাভাৱিক জনজীৱনত বিৰূপ প্ৰভাৱ পৰিব৷ আনকি সমান্তৰালভাৱে গণৰাজ্য দিৱসৰ সময়লৈকে  সূৰ্যাস্তৰ পাছতেই শীতৰ প্ৰকোপৰ লগতে ঘন কুঁৱলীৰ প্ৰকোপ বহু বৃদ্ধি পাব৷ আনকি সন্ধিয়াৰ পাছত শীতৰ লগতে কুঁৱলীৰ ডাঠ আচ্ছাদনে ৰাজ্যৰ বেছিভাগ অঞ্চল ঢাকি ৰাখিব ৷ আনকি ঠাণ্ডা আৰু কুঁৱলীৰ প্ৰাদুৰ্ভাৱ আগন্তক এটা সপ্তাহ ধৰি অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে৷ লক্ষণীয় ভাবে আগন্তক এটা সপ্তাহ ধৰি অসমকে ধৰি উত্তৰ পূবৰ কোনো ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা নাই বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷