Logo
image

অজন্তাৰ বিৰুদ্ধে একনায়কত্বৰ অভিযোগ গোলাঘাট বিজেপিৰ

আমাৰ অসম, ২২ জানুৱাৰীঃ ভাৰতীয় জনতা পাৰ্টীত কোনো ব্যক্তিকেন্দ্ৰিক, একনায়কত্ববাদৰ ৰাজনীতি নচলে আৰু গোলাঘাট সমষ্টিটো তেনে ৰাজনীতি কৰিবলৈ দিয়া নহ’ব বুলি গোলাঘাট সমষ্টিৰ বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত মুকলিলৈ হুংকাৰ দিয়ে ৰাজ্যিক কৃষাণ মৰ্চাৰ সভাপতি দেৱজিত বৰাই৷ বিশেষকৈ গোলাঘাট বিধানসভা সমষ্টিত ন-পুৰণি বিজেপিৰ অন্তঃকন্দলত জৰ্জৰিত হৈছে বিজেপি দল৷ গোলাঘাটত অজন্তা নেওগৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰদৰ্শন কৰি শনিবাৰে মেৰাপানীত এখন সংবাদমেল আয়োজন কৰে ৰাজ্যিক বিজেপিৰ কৃষাণ মৰ্চাৰ সভাপতি দেৱজিত বৰাই৷ 

গোলাঘাট সমষ্টিত পুৰণি বিজেপি কৰ্মীক এলাগী কৰি অজন্তা নেওগ এণ্ড কোম্পানীয়ে একনায়কত্ববাদ চলোৱাৰ অভিযোগ উত্থাপন কৰে৷ উল্লেখ্য যে গোলাঘাট বিজেপিৰ ভিতৰচ’ৰাত দীৰ্ঘদিন ধৰি উমি উমি জ্বলি থকা জুই কুৰা শেহতীয়াকৈ প্ৰতিফলন ঘটিল পুৰণি বিজেপি নেতা দেৱজিত বৰাৰ মুখত৷ ২০১১ চনৰ বিধানসভা নিৰ্বাচনত গোলাঘাট সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী দেৱজিত বৰাই ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰো প্ৰাৰ্থী হিচাপে অন্যতম দাবীদাৰ আছিল৷ কিন্তু সেই সময়তে কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা বিধায়িকা অজন্তা নেওগৰ বাবেই দলীয় সিদ্ধান্ত মানি লৈ নিজৰ আসন এৰি দিছিল অজন্তা নেওগক৷ 

সেই সময়তো ন-বিজেপি আৰু পুৰণি বিজেপি কৰ্মীৰ মাজত তুমূল প্ৰতিবাদৰ জোৱাৰ উঠিছিল গোলাঘাট সমষ্টিত৷ কিন্তু প্ৰবীণ কৰ্মী দেৱজিত বৰাৰ হস্তক্ষেপত শাম কাটিছিল বিদ্ৰোহৰ উকমুকনি৷ ২০২১ চনত পোন প্ৰথমবাৰৰ বাবে গোলাঘাট সমষ্টিৰ পৰা অজন্তা নেওগে বিজেপি দলৰ হৈ জয়লাভ কৰি মন্ত্ৰী হোৱাৰ পাছতেই এলাগী হৈ পৰিল পুৰণা নেতা-কৰ্মীসকল৷ সম্প্ৰতি গোলাঘাট সমষ্টিত পুৰণা বিজেপি কৰ্মীক এলাগী কৰি মন্ত্ৰী অজন্তা নেওগে ন-বিজেপি কৰ্মীক সকলোতে উঠি ৰজা বহি ৰজা পাতি দিয়া কাৰ্যত ক্ষোভিত হৈ পৰিছে দেৱজিত বৰাৰ সহিতে বিজেপিৰ পুৰণা কাৰ্যকৰ্তাসকল৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃত্বকো অভিযোগ দাখিল কৰিছে দেৱজিত বৰাই৷

ইফালে বৰাই সংবাদ মাধ্যমৰ আগত কয় যে কোনো কাৰণতেই গোলাঘাটত ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কৰিবলৈ দিয়া নহ’ব৷ আনহাতে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি এটা ৰাজহুৱা ভৱনক লৈ কৰা অভিযোগ সম্পৰ্কতো দেৱজিত বৰাই কয় যে মেৰাপানীস্থিত নগেন নেওগ ৰাজহুৱা ভৱনটো কোনো কাৰণতেই কংগ্ৰেছ বা বিজেপি দলৰ দলীয় কাৰ্যালয় নহয়৷ সম্পূৰ্ণ চৰকাৰী ধনেৰে নিৰ্মাণ কৰা ভৱনটো অজন্তা নেওগৰ কংগ্ৰেছী বিধায়কৰ কাৰ্যকালত নিৰ্মাণ কৰি কৰ্মশ্ৰী নগেন নেওগ ভৱন বুলি নামকৰণ কৰি কংগ্ৰেছৰ মণ্ডল কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰি আহিছিল আৰু পৰৱৰ্তী সময়ত অজন্তা নেওগ বিজেপিলৈ যোৱাৰ পাছত কংগ্ৰেছীসকলক উৎখাত কৰি বিধানসভাৰ নিৰ্বাচনৰ আগত আৰু পাছত বিজেপিৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰি আহিছে৷ এই সন্দৰ্ভত বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পুনৰ কয় যে প্ৰয়াত নগেন নেওগ যিহেতু কংগ্ৰেছ দলৰ পৰা জয়ী হৈ মন্ত্ৰী-বিধায়ক হৈছিল, গতিকে মৃত্যুৰ পাছত মানুহৰ দল সলনি নহয় আৰু বিজেপিয়ে কোনো কাৰণতেই এটা দলীয় কাৰ্যালয়ৰ নামকৰণ এজন কংগ্ৰেছী নেতাৰ নামত নকৰে৷ যদি বিজেপিৰ কাৰ্যালয় হয় তেন্তে তাৰ নাম পদ্মভৱন, বাজপায়ী ভৱন অথবা দীনদয়াল উপাধ্যায় ভৱন হ’ব বুলিহে তীৰ্যক মন্তব্য কৰে৷ এতিয়া প্ৰশ্ন হয় ৰাজ্যিক বিজেপিৰ কৃষাণ মৰ্চাৰ সভাপতি দেৱজিত বৰাৰ এনে বিদ্ৰোহৰ পাছত দলীয় নেতৃত্বই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷