Logo
image

'চিলানৈ' আৰম্ভ : গুৱাহাটীৰ আকাশত উৰিছে ৰং-বিৰঙী চিলা

ডিজিটেল সংবাদ, গুৱাহাটীঃ জীৱন ইনিচিয়েটিভৰ উদ্যোগত প্ৰতিবছৰে ব্ৰহ্মপুত্ৰৰ পাৰত আয়োজন কৰা 'চিলানৈ' একেৰাহে দ্বাদশবাৰৰ বাবে আয়োজন কৰা হৈছে। জীৱন ইনিচিয়েটিভ হৈছে ২০১০ চনত গঠন হোৱা স্বেচ্ছাসেৱক সংস্থা। ২২ জানুৱাৰীৰ পৰা ২৯ জানুৱাৰীলৈ অনুষ্ঠানটি আয়োজিত হৈছে ফাঁচী বজাৰৰ সন্মুখৰ মধ্যমখণ্ড পাৰঘাটত। এই আয়োজনৰ আঁৰৰ উদ্দেশ্য হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা আৰু নৈৰ পাৰত সৃষ্টিশীল সম্ভাৱনাৰ সন্ধান কৰা। অনুষ্ঠানৰ আগদিনা নদীৰ পাৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযান চলোৱা হয়। কোনো ধৰণৰ আৱৰ্জনাৰ সৃষ্টি নকৰাকৈ নৈৰ পাৰক পৰিৱেশ অনুকূল কৰি ৰখাটো এই আয়োজনৰ মূল লক্ষ্য।

প্ৰথমদিনা অনুষ্ঠানৰ  আৰম্ভণিতে বৈশালী নবা মেধিয়ে সুন্দৰ ভাৰতনট্যম নৃত্য পৰিৱেশন কৰে আৰু লগতে বহুকেইটি নৃত্য-গীত পৰিৱেশন হোৱাৰ লগতে এটি মুকাভিনয়ো পৰিবেশিত হয়৷ ইয়াৰ পাছতে সন্দিকৈ ছোৱালী মহাবিদ্যালয়, ৰামপুৰ কৈৱৰ্ত ঢুলীয়া দল আৰু বিশেষভাৱে খ্যাতিসম্পন্ন শিল্পী অনিন্দিতা পালে সংগীতৰ শৰাই আগবঢ়ায়। আন্ধাৰ নামি অহাৰ লগে লগে আকাশৰ বন্তিৰ নান্দনিক পৰিৱেশ আছিল মহানগৰীৰ মাজত প্ৰাকৃতিক দৃশ্যপটৰ সৌন্দৰ্য।

উল্লেখনীয় যে ৰং বিৰঙী চিলাৰে ভৰা এই আয়োজনৰ লগত সংগতি ৰাখি কবিতা, গীত, নৃত্য, বাদ্য, ভলীবল, পাঞ্জা, লক্ষ্যভেদ আদি বহু প্ৰতিযোগিতা, কৰ্মশালা তথা ছবি আৰু ফটোৰ প্ৰদৰ্শনী, নদী পৰিভ্ৰমণ আদি কাৰ্যসূচী আয়োজিত হৈছে।  লগতে সংযোজিত হৈছে থলুৱা খাদ্যৰ বিপণী।

অনাগত দিনত মনোজ বৰুৱা আৰু পূৰবী শৰ্মাৰ বেহেলাৰ অনুষ্ঠানৰ লগতে প্ৰসিদ্ধ সংগীত শিল্পী তৰালি শৰ্মাৰ গীতৰ অনুষ্ঠানো অনুষ্ঠিত হ'ব৷ লগতে আৰু অনেক প্ৰশংসিত গায়ক আৰু কলা-কুশলীৰ অনুষ্ঠান পৰিৱেশন কৰা হ'ব।

প্ৰথম দিনাই কেইবা সহস্ৰ দৰ্শকক আকৰ্ষণ কৰা মহোৎসৱটিয়ে অনাগত দিনকেইটাত অগণন দৰ্শকক আকৰ্ষণ কৰাৰ মানস কৰিছে। এতিয়া ৰং বিৰঙী চিলাৰ সমাহাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত। 

এই মহোৎসৱলৈ বিভিন্ন আকাৰৰ তিনি হাজাৰ চিলা অনা হৈছে বুলি জীৱন ইনিচিয়েটিভৰ প্ৰতিষ্ঠাপক সুৰেশ ৰঞ্জন গদুকাই জানিবলৈ দিছে। উল্লেখ‍্য, এই মহোৎসৱত ৫০ টকাৰ পৰা ৫ হাজাৰ, ৮ হাজাৰ টকা মূল্যৰ চিলা উপলব্ধ হৈছে। অধিকংশ চিলা গুজৰাটৰ পৰা অনা হৈছে।