Logo
image

কল্যাণ দে’লৈ জিএল আগৰৱালা শিল্পী বঁটা

আমাৰ অসম, ২৩ জানুৱাৰী:  বিশিষ্ট আলোকশিল্পী কল্যাণ দে’ক দেওবাৰে অসম নাট্য সন্মিলনৰ তৰফৰ পৰা প্ৰদান কৰা হয় ‘জি এল আগৰৱালা সোঁৱৰণী শিল্পী বঁটা’৷ কল্যাণ দে’ক জিএল আগৰৱালাৰ পৰিয়ালৰ হৈ   বঁটা প্ৰদান কৰে জিএল পাব্লিকেশ্বনছৰ মহাপ্ৰৱন্ধক প্ৰণৱ কুমাৰ তালুকদাৰে৷ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, সাংস্কৃতিকমন্ত্ৰী বিমল বৰাৰ উপৰি বিশিষ্ট নাট্যকাৰ-অভিনেতা-পৰিচালক দুলাল ৰয়ৰ লগতে অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসকে ধৰি সন্মিলনৰ কৰ্মকৰ্তাসকল৷ উল্লেখ্য, বৰপেটাৰোডত অনুষ্ঠিত অসম নাট্য সন্মিলনৰ ৬১সংখ্যক অধিৱেশনৰ দেওবাৰে সফলতাৰে সামৰণি পৰে৷ ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনত ভাৰতৰ বিভিন্ন ৰাজ্যৰ নাট্যদলে অংশগ্ৰহণ কৰে৷ ৰাইজে সুন্দৰ সুন্দৰ নাটক উপভোগ কৰাৰ সুযোগ পায়৷ অধিৱেশন দেওবাৰে সমাপ্ত হয় যদিও সাংস্কৃতিক কাৰ্যসূচী ২৪ জানুৱাৰীলৈকে চলিব৷ এইবাৰৰ অধিৱেশনত কলকাতাৰ শিল্পীসকলে বাংলা নাটক ‘বিভাজন’, চিকিমৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ‘চফেদ লকিৰ’ মঞ্চস্থ কৰে৷ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অভিনয় কৰা ‘ইস্‌ ইস্‌ আস্‌ আস্‌’, ৰংগমঞ্চৰ ‘মস্তি কি পাঠশালা-১৯৫০’, সংগীত নাটক একাডেমীৰ ‘জুপুৰিত জোনাক’, বড়ো নাটক ‘বায়গ্লিনায় গেৰিবেধনি ছিয়াং’, ‘ডিগনিটি অফ লেবাৰ’, ‘জিঘাংসা’, ‘ভায়োলিন’, ‘ঈশ্বৰৰ সন্ধানত’, আৰু  আদৰণি সমিতিয়ে নিবেদন কৰা ‘লভিতা’ নাটকে দৰ্শকক আকৰ্ষণ কৰে৷ ‘এক নিলিখা ইতিহাস– থু’, বাংলা নাটক ‘ৰক্ত কৰবী’, ‘এটা বায়’পছী ৰিপ’ৰ্ট’, শিশু নাট ‘মই টুনীয়ে টুন টুনালোঁ’ ইত্যাদি দৰ্শকে হূদয়ভৰি উপভোগ কৰে৷ অসম নাট্য সন্মিলনৰ বৰপেটাৰোড অধিৱেশনৰ লগত সংগতি ৰাখি একক অভিনয়, মূকাভিনয়, পাণ্ডুলিপি, চিত্ৰাংকন আৰু আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ অসমৰ ভিন্ন প্ৰান্তৰ বহু প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰে৷ শুকুৰবাৰে আদৰণী সমিতিৰ তৰফৰ পৰা বিশিষ্ট নাট্য সংগঠক তথা আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়ক প্ৰদান কৰা হয় ‘জীৱনজোৰা সাধনা বঁটা’৷ লগতে অসম নাট্য সন্মিলনৰ ৬১সংখ্যক বৰপেটাৰোড অধিৱেশনৰ স্মৃতিগ্ৰন্থ ‘নাটশালা’ উন্মোচন কৰা হয়৷ উক্ত দিনাই বিশিষ্ট শিল্পী, পাঠশালাৰ ক্ৰমে মুকুল চন্দ্ৰ গোস্বামী, প্ৰমোদ ৰয়, মাধৱী বৰুৱা, বৰপেটাৰোডৰ নাৰায়ণ মণ্ডল, খাইৰুল ইছলাম, বীণাপানি কাকতি, কবিতা বৰগোহাঁই আৰু মাণিক সেন, সৰভোগৰ হেমেন দাস, দধিৰাম দাস, চন্দ্ৰ কান্ত দাস, বৰপেটাৰ যতীন দাস, অচ্য়ুৎ ওজা, বনমালী ডেকা আৰু বিজনীৰ প্ৰদীপ বায়নক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ দেওবাৰে অধিৱেশনৰ শেষৰ দিনা অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা জি এল আগৰৱালা সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰা হয় বিশিষ্ট আলোক শিল্পী কল্যাণ দে’ক৷ তৰণী কান্ত ৰয় জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হয় বলীউডৰ বিশিষ্ট পৰিচালক এম কে  ৰাইনাক৷ কেন্দ্ৰীয়ভাৱে সম্বদ্ধৰ্না জনোৱা হয় ৰমেশ হালৈ, মনোৰঞ্জন শৰ্মা, ভূপেন দাস, ভাবি শইকীয়া, মথুৰা মোহন গোস্বামী, প্ৰহাস কুমাৰ ভট্টাচাৰ্য আৰু পুতুলী দাসক৷ উক্ত অনুষ্ঠানত স্থানীয় বিধায়ক তথা যোগান মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ লগতে জি এল পাব্লিকেছনৰ মহাপ্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰো উপস্থিত থাকে৷ অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থ আৰু বাণিজ্য মেলা ২৪ জানুৱাৰীলৈকে চলিব৷ ২৩ আৰু ২৪ জানুৱাৰীত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে৷