Logo
image

বন্ধ খামৰ ৰহস্য জানিবলৈ মাজত মাথোঁ ২৪ ঘণ্টা

আমাৰ অসম, ২৩ জানুৱাৰী:  অনুমান-পূৰ্বানুমান, আশা-আশংকা, প্ৰত্যাশা-আপত্তিৰে এইকেইদিন উপচি পৰিছে অসমৰ সাহিত্য ক্ষেত্ৰ৷ বৰুৱা, জৈন, গোস্বামী, গোহাঁই, ডেকা, হাজৰিকা, পুনশ্চ বৰুৱা–কত উপাধিৰ   সমাবেশ ঘটিছে পূৰ্বানুমান, অনুমানত৷ জ্ঞানপীঠ বঁটা বিজয়ী কবি,  প্ৰয়াত নীলমণি ফুকনৰ বিৰুদ্ধে ’৮০ৰ দশকৰ  আগভাগত ষড়যন্ত্ৰ ৰচনা কৰাজন বা কৰাকেইজন কোন-তাকে লৈ চলি আছে এই জল্পনা-কল্পনা, অনুমান-পূৰ্বানুমানৰ৷ ঘটনাটো সংঘটিত হৈছিল আজিৰ পৰা ৪৮ বছৰ ৯ মাহ ৮ দিন পূৰ্বে৷ সেই ঘটনাৰ ষড়যন্ত্ৰকাৰী কোন সেয়া জনা যাব তাৰো দুদিন পাছত অৰ্থাৎ ২৪ জানুৱাৰী, মঙলবাৰে ১১ বজাত৷ কিয়নো  সেইদিনাই সাংবাদিক-সাহিত্যিক নিত্য বৰাই তেওঁৰ হাতত থকা ষড়যন্ত্ৰকাৰীৰ নাম সন্নিবিষ্ট বন্ধ খামটো খুলিব৷ আৰক্ষীৰ অনুসন্ধান, নিজৰ অক্লান্ত প্ৰচেষ্টাৰ অন্তত স্বয়ং নীলমণি ফুকনে ষড়যন্ত্ৰকাৰী কোন সেয়া আবিষ্কাৰ কৰিছিল আৰু সেই বিষয়ে সকলো কথা লিখি এটা খামৰ ভিতৰত বন্ধ কৰি সাংবাদিক-সাহিত্যিক নিত্য বৰাৰ হাতত দি গৈছিল৷ এই কথা সম্ভবতঃ দোহৰাৰ প্ৰয়োজন নাই, ১৯৭৪ চনৰ বিহুসংখ্যা ‘আমাৰ প্ৰতিনিধি’ত নীলমণি ফুকনে কুম্ভিলক বৃত্তিৰে কবিতা লিখা বুলি এখন চিঠি প্ৰকাশ পাইছিল৷ ১৯৭৪ চনৰ ১৫ এপ্ৰিলৰ পৰা ষড়যন্ত্ৰৰ সবিশেষ থকা বন্ধ খাম খোলালৈ মাজত ৪৮ বছৰ, ৯ মাহ, ৯দিন৷ কিয়নো অহা ২৪ জানুৱাৰীত, মঙলবাৰেহে নিত্য বৰাই সেই বন্ধ খাম খোলাৰ সিদ্ধান্ত লৈছে৷ সাংবাদিক-সাহিত্যিক নিত্য বৰাই জনোৱা অনুসৰি কবিৰ মৃত্যুৰ পাছত তেওঁৰ ইচ্ছা অনুসৰি খামটো খুলি ষড়যন্ত্ৰৰ তথ্য ৰাজহুৱা কৰিবলৈ আগবাঢ়িছে৷ কটন বিশ্ববিদ্যালয়ৰ ‘বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ’ৰ প্ৰেক্ষাগৃহত অহা মঙলবাৰে কেৱল সাংবাদিকৰ সন্মুখত নিত্য বৰাই এই বন্ধ খামটো খুলিব৷ তেওঁ জনাইছে, সেই অনুষ্ঠানলৈ কেৱল সাংবাদিককহে আমমন্ত্ৰণ জনোৱা হৈছে, কোনো কবি-সাহিত্যিক বুদ্ধিজীৱিক নহয়৷ নিত্য বৰাই কয়–‘ময়ো এটা ডাঙৰ দায়িত্বৰ পৰা মুক্ত হ’ম৷ যোৱা ১৯বছৰ ধৰি মই এই দায়িত্ব বহন কৰি আছো৷ কবিয়ে বিশ্বাস ৰাখি তেওঁৰ মৃত্যুৰ পাছতহে খামটো খুলিবলৈ কৈছিল৷ সেই বিশ্বাস ৰাখিয়েই মই এতিয়া খামটো খুলিবলৈ সিদ্ধান্ত লৈছো৷’ প্ৰসংগতঃ নীলমণি ফুকনে ষড়ন্ত্ৰকাৰীৰ নাম থকা এই খামটো নিত্য বৰাৰ হাতত দিছিল ২০০৪ চনৰ জুনত৷ তেতিয়াৰ পৰা বন্ধ খামটো তেওঁ সযতনে ৰাখিছে৷ 

এই বন্ধ খামটো খুলিলেই কি বিস্ফোৰণ ঘটিব অসমৰ সাহিত্য ক্ষেত্ৰত? এইক্ষেত্ৰত নানা মুনিৰ নানা মত৷ কিন্তু এটা বিষয়ত সকলো একমত যে নীলমণি ফুকনৰ বিৰুদ্ধে প্ৰায় অৰ্ধশতিকা পূৰ্বে  হোৱা ষড়যন্ত্ৰৰ ঘটনাই আৰু বন্ধ খামটোৱে এতিয়াও প্ৰাসংগিকতা হেৰুওৱা নাই৷ এই বিষয়ে জানিবলৈ অনেক লোকৰ উৎসূকতা আছে, উৎকণ্ঠা আছে৷ বহুতেই ভাৱে ষড়যন্ত্ৰকাৰী এজন নহয়, একাধিক৷ কিন্তু এটা অতি কতৃৰ্ত্বশীল সূত্ৰৰ মতে মূল ষড়যন্ত্ৰকাৰী আছিল এজন, যি সাহিত্যিক, কবি আৰু সৰ্বোপৰি আছিল ১৯৭৫ চনৰ ‘ইমাৰ্জেন্সি’ৰ সমৰ্থক৷ সম্ভৱত ষড়যন্ত্ৰকাৰী অসমৰ এটা বৃহৎ অনুষ্ঠানৰ মুৰব্বীও আছিল৷ অহা মঙলবাৰে বন্ধ খামটো খোলাৰ আগলৈকে সম্ভবতঃ ইমান ইংগিতেই অনুসন্ধিৎসূৰ বাবে যথেষ্ট হ’ব৷ এই ইংগিতৰ সৈতে  উত্তৰ নিমিলা ব্যক্তিৰ বাবে এটাৰ পাছত এটা ‘ক্লু’ আগবঢ়াই যাব পাৰি৷ কিন্তু কোনে জানে এই কতৃৰ্ত্বশীল তথ্যসূত্ৰও অৱশেষত মিছা প্ৰমাণিত হ’ব পাৰে৷ সেয়ে এই মুহূৰ্তত থকা মঙলবাৰে ১১ বজালৈ অপেক্ষা কৰাৰ গত্যন্তৰ নাই৷ কিয়নো পেণ্ডোৰাৰ বক্সৰ পৰা সেই দিনাই ওলাব প্ৰায় অৰ্ধশতাব্দী ধৰি বন্ধ হৈ থকা অসমৰ সাহিত্য ক্ষেত্ৰৰ এক কলংকিত অধ্যায়৷ প্ৰসংগত, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰয়াত কবি নীলমণি ফুকনৰ বাসগৃহত এতিয়া নিতৌ অসমৰ বহুকেইজন কবিয়ে সন্ধিয়া কবিতা আবৃত্তি কৰি এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷