Logo
image

ৰাজ্যত ৫০ লাখ টকাৰ টিকট বিক্ৰী হৈ গ’ল ‘পাঠান’ৰ

আমাৰ অসম, ২৩ জানুৱাৰী:  দেশজুৰি বিতৰ্কৰ মাজতে ২৫ জানুৱাৰীত মুক্তি পাব৷ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি ‘পাঠান’৷  বিগত বাজেটৰ ‘পাঠান’ ছবিখনত ‘বেছৰম ৰং’ শীৰ্ষক গীতটোত মোহময়ী  অভিনেত্ৰী দীপিকা পাডুকনে গেৰুৱা বিকিনি পিন্ধি শ্বাহৰুখ খানাৰ সৈতে নৃত্যৰ দৃশ্যক লৈ একাংশ হিন্দুত্ববাদী সংগঠনে পাঠানৰ মুক্তিৰ বিৰোধিতা   কৰিছে৷ আনকি দেশৰ বিভিন্ন স্থানত পাঠানৰ পোষ্টাৰ ফালি প্ৰতিবাদ কৰিছে বজৰং দলৰ কৰ্মীয়ে৷ বজৰং দলৰ প্ৰতিবাদৰ পৰা বাদ পৰি ৰোৱা নাই গুৱাহাটী মহানগৰীৰো৷  গুৱাহাটীৰ নাৰেংগীৰ এটা চিনেমা হলত দুদিন পূৰ্বে বজৰং দলৰ উন্মত্ত কৰ্মীয়ে পাঠানৰ পোষ্টাৰ ফালি জ্বলাই দিয়ে৷ কিন্তু পাঠানৰ মুক্তিক লৈ অসম তথা সমগ্ৰ দেশতে হিন্দুত্ববাদী সংগঠনে হিংসাত্মক ঘটনা সংঘটিত কৰিলেও একাংশ অনুৰাগী তথা চলচ্ছিত্ৰপ্ৰেমীয়ে অনলাইনত বুকিং কৰিছে পাঠানৰ টিকট৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও কিং খানৰ ছবিখন মুক্তিৰ পূৰ্বেই অসমত বৰ্তমানলৈ প্ৰায় ৫০ লাখ টকাৰ টিকট বিক্ৰী হৈছে৷ সদৌ অসম চিনেমা হল মালিক সন্থাই সদৰী কৰা মতে গুৱাহাটীৰ লগতে ৰাজ্যৰ হলসমূহত শনিবাৰে সন্ধিয়া পৰ্যন্ত প্ৰায় ৪২ লাখ টকাৰ টিকট বিক্ৰী হৈছে৷ আনহাতে দেওবাৰে পাঠানৰ অনলাইনত টিকটৰ বিক্ৰীৰ মূল্যই ৫০ লাখ টকাৰ অতিক্ৰম কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে সন্থাটোৰ বিষয়ববীয়াই৷ কেৱল অসমেই নহয়, দেশৰ আন প্ৰান্ততো ব্যাপক হাৰত বিক্ৰী হৈছে পাঠানৰ টিকট৷ বক্স অফিচৰ তথ্য অনুসৰি দেশত মাত্ৰ ২৪ ঘণ্টাতে পাঠানৰ ১.১৭ লাখ  টিকট বিক্ৰী হৈছে৷ পিভিআৰ, ইনক্স আৰু চিনেপ’লিচত উক্ত টিকটসমূহ বিক্ৰী হৈছে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি সমগ্ৰ দেশত বৰ্তমানলৈ প্ৰায় ৩৫ কোটি টকাৰ অগ্ৰিম টিকট বিক্ৰী হৈছে পাঠানৰ৷ পাঠানৰ অগ্ৰিম টিকট বিক্ৰীৰ ক্ষেত্ৰত কে জি এফ-২ ক পিছপেলোৱা বুলিও চৰ্চা হৈছে৷ প্ৰথম দিনাৰ পাঠানৰ প্ৰদৰ্শনীৰ বাবদ প্ৰায় ২ লাখ টিকট বিক্ৰী হৈছে৷ একেদিনাই  বিদেশতো মুক্তি পাবলগীয়া পাঠানে ভাৰতত প্ৰথম সপ্তাহত ২৫০-২০০ কোটি টকাৰ ব্যৱসায় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ শ্বাহৰুখ খানৰ পূৰ্বৰ ছবি ‘জিৰো’ৰ মুক্তিৰ প্ৰথম দিনটোত সৰ্বাধিক ২৯  কোটি ৩৫ লাখ টকাৰ ব্যৱসায় কৰিছিল৷ ছুপাৰহীট ছবিখনত শ্বাহৰুখ খানৰ উপৰি অনুষ্কা শৰ্মা আৰু কেটৰিণা কাঈফে অভিনয় কৰিছিল৷ উক্ত ছবিখনৰ মুঠ ব্যয়সায় হৈছিল ১৮৬  কোটি টকাৰ৷

সাম্প্ৰদায়িক ৰাজনীতি ওফৰাই অসমৰ ৰাইজে শ্বাহৰুখ খানৰ ‘পাঠান’ চাবইঃ  বাবুল সুপ্ৰিয় 

 ‘পাঠান’ ছবি সন্দৰ্ভত বলীউডৰ ছুপাৰষ্টাৰ  শাহৰুখ খানে ফোন কৰাৰ পাছত ব্যৱস্থা গ্ৰহণ কৰা বুলি কৰা টুইটক লৈ মন্তব্য কৰি সুপ্ৰিয়ই  কয়– অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজকে হাঁহিয়াতৰ পাত্ৰ কৰিছে৷ নিজৰ ৰাজ্যত কি ঘটিছে সেই সন্দৰ্ভত শাহৰুখ খানে সোঁৱৰাই দিয়ালৈ অপেক্ষা কৰিব লগা হোৱাটোৱে বিজেপি চৰকাৰৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে৷  ‘পাঠান’ৰ নিৰ্মাতা শাহৰুখ খানক প্ৰশ্ন কৰাসকলে অক্ষয় কুমাৰৰ ক্ষেত্ৰত বেলেগ দৃষ্টিভংগী লোৱাৰ অভিযোগ কৰে৷ মুছলমানসকলৰ প্ৰতি বিজেপিয়ে দেখুওৱা এই মনোভাৱ দেখদেখকৈ সংবিধানৰ উলংঘন৷