Logo
image

গামোছাৰ দৰে আৰনাইলৈও জিআই টেগৰ বাবে আবেদন

আমাৰ অসম, ২৩ জানুৱাৰী: অসমীয়া গামোচাৰ পাছতেই বড়ো জনগোষ্ঠীৰ ‘আৰনাই’লৈও আহিছে এটা ভাল খবৰ৷ অসমীয়াৰ আৱেগ তথা সন্মানৰ প্ৰতীক গামোচাই জি আই [GI] টেগ অৰ্থাৎ ভৌগলিক মান্যতা লাভ কৰাৰ পাছত এইবাৰ জিআই টেগৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ দিশে আগবাঢ়িছে বড়ো   জনগোষ্ঠীয় পৰম্পৰাগত বস্ত্ৰ আৰনাই৷ সকলো পক্ৰিয়া সম্পূৰ্ণ হ’লে আগন্তুক মাৰ্চ মাহৰ ভিতৰতে বড়ো জনগোষ্ঠীৰ আৰনাইয়েও লাভ কৰিব GI-টেগ৷ এই কথা জানিবলৈ দিছে ৰাজ্য চৰকাৰৰ হস্ত তাঁত আৰু ৰেচম মন্ত্ৰী উৰ্খাউ গৌড়া ব্ৰহ্মই৷ উল্লেখ্য, বিগত ১৩ ডিচেম্বৰত অসমীয়াৰ স্বাভিমান গামোচাক কেন্দ্ৰীয় চৰকাৰৰ জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্বন ৰেজিষ্ট্ৰীয়ে ভৌগলিক মান্যতা প্ৰদান কৰিছিল৷ গামোচাই জিআই টেগ লাভ কৰাৰ পাছতেই ৰাজ্য চৰকাৰে অসমৰ শিপিনীসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল৷ অসমৰ শিপিনীয়ে বোৱা তথা প্ৰস্তুত কৰা গামোচা, পাজাৰ, আৰনাইকে ধৰি জাতি-জনগোষ্ঠীয় পৰম্পৰাগত বস্ত্ৰবোৰ অসম চৰকাৰে ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে৷ যাৰ ফলত থলুৱা শিপিনীসকলে উচিত মূল্যও লাভ কৰিছে৷ ইয়াৰ বাবে অসম চৰকাৰে ‘স্বনিৰ্ভৰ নাৰী’ শীৰ্ষক এখন আঁচনি মুকলি কৰিছে৷ এই কথা সদৰি কৰি হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী উৰ্খাউ গৌড়া ব্ৰহ্মই অসমীয়া গামোচাৰ পাছতে বড়ো জনগোষ্ঠীৰ আৰনাইখনেও অতি সোনকালে অৰ্থাৎ আগন্তুক মাৰ্চ মাহৰ ভিতৰতে জিআই টেগ লাভ কৰিব বুলি জানিবলৈ দিয়ে৷ আনহাতে অসমৰ থলুৱা সকলো বস্ত্ৰতেই যাতে জি আই টেগ লাভ কৰে তাৰ বাবে চেষ্টা চলি আছে বুলিও মন্ত্ৰীজনে সংবাদ মাধ্যমক জানিবলৈ দিছে৷ ইফালে অসমীয়া গামোচাই জিআই টেগ লাভ কৰাত বহিঃৰাজ্য বা বাহিৰৰ অন্য ঠাইৰ পৰা অসমলৈ গামোচা অহাটো বন্ধ হ’ব আৰু বহিঃৰাজ্যতো যদি গামোচা প্ৰস্তুতৰ তথ্য চৰকাৰে লাভ কৰে তেতিয়া ভাৰত তথা অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ পৰিব পাৰিব বুলি মন্ত্ৰীজনে সদৰি কৰে৷