Logo
image

বিবিচিৰ ‘বিদ্ৰুপ’ত ক্ষুব্ধ মোদী চৰকাৰ : টুইটাৰ, ইউটিউবক ব্লক কৰাৰ নিৰ্দেশ

আমাৰ অসম, ২৩ জানুৱাৰীঃ বিশ্বৰ প্ৰখ্যাত আৰু আস্থাশীল সংবাদ প্ৰতিষ্ঠান ব্ৰিটেইনৰ বিবিচিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত অপযশ জাপি নিৰ্মাণ কৰা তথ্যচিত্ৰক লৈ  প্ৰচণ্ডভাৱে ক্ষুব্ধ হৈছে কেন্দ্ৰীয় চৰকাৰ৷ ‘দ্য মোদী কুৱেশ্যন’ নামৰ যিখন তথ্যচিত্ৰ বিবিচিয়ে নিৰ্মাণ কৰি ইতিমধ্যে প্ৰচাৰৰ বাবে মুকলি কৰি দিছে সেই তথ্যচিত্ৰখনক লৈ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মোদী চৰকাৰে৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দাবী, ব্ৰিটিছে এতিয়াও ঔপনিৱেশিক মানসিকতা ত্যাগ কৰিব পৰা নাই৷ সেই ঔপনিৱেশিক মানসিকতা লৈয়েই  ব্ৰিটিছিৰ বিবিচিয়ে এই তথ্যচিত্ৰখন নিৰ্মাণ কৰি প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ অপযশ জাপি দিবলৈ চেষ্টা কৰিছে৷ 

উল্লেখ্য যে গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষক লৈ ‘দ্য মোদী কুৱেশ্যন’ নামৰ তথ্যচিত্ৰখন নিৰ্মাণ কৰা হৈছে৷ সেই সময়ত নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল৷ সাম্প্ৰদায়িক সংঘৰ্ষত মুছলিম সম্পদায়ক লক্ষ্য কৰি হত্যা, ধৰ্ষণ ইত্যাদিৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত কৰা হৈছিল৷  সেই ঘটনাত তেতিয়াৰ চৰকাৰৰ পৰোক্ষ সমৰ্থন আছিল বুলি এই তথ্যচিত্ৰখনত ইংগিত দিয়া হৈছে৷ প্ৰধানমন্ত্ৰী মোদীক সেই ঘটনাৰ সৈতে জড়িত কৰাৰ চেষ্টা দেখিয়েই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে টুইটাৰ, ইউটিউবত থকা তথ্যচিত্ৰখন নিষিদ্ধ কৰি দিছে৷ আনকি টুইটাৰত এই তথ্যচিত্ৰ সন্দৰ্ভত থকা মন্তব্যসমূহ বন্ধ কৰি দিছে মোদী চৰকাৰে৷ অৰ্থাৎ ভাৰতত কোনেও সেই তথ্যচিত্ৰখনক কোনো ছ’চিয়েল মিডিয়াত এতিয়া চাব নোৱাৰে৷ তদুপৰি দেওবাৰে বিবিচিলৈ ভাৰতৰ  কমেও তিনিশজন আমোলাই এই তথ্যচিত্ৰখনত মোদীৰ  ভূমিকা ভুলকৈ দেখুওৱা বুলি এখন পত্ৰ প্ৰেৰণ কৰিছে৷ তেওঁলোকে জনাইছে ভাৰতৰ উচ্ছতম ন্যায়ালয়ে ইতিমধ্যে গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীৰ কোনো ভূমিকা নাছিল বুলি ক্লিনশ্বিট দিছে৷ সেয়ে এনেধৰণৰ অপপ্ৰচাৰ তেনেই অমূলক৷ বিবিচিৰ বিৰুদ্ধে মোদী চৰকাৰে আৰু গুৰুত্বপূৰ্ণ তথা কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ চিন্তা চৰ্চা চলাইছে৷